পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আখৰ লিখাৰ প্ৰণালী

 কলম ধৰা আৰু কলম কটাৰ দোষতে আখৰৰ অৱনতি ঘটে। কলমৰ আগ সমান নহলে আখৰবোৰ সমান নহৈ সৰু ডাঙৰ নানা আকৃতিৰ হয়। কলম বেঁকা ভাবে ধৰিলে আখৰ বেঁকা-বেকি হয়। কলম বা পেঞ্চিল সদায় তৰ্জনী, মধ্যমা আৰু বুঢ়া আঙুলিৰ মাজত ধৰিব লাগে। বুঢ়া আঙুলিৰ বাহিৰে বাকী আঙুলি- বোৰ পোণ হৈ থাকিব। পেঞ্চিল বা নিব্ ৰ ঠিক গুৰিতে নধৰি অলপ ওপৰত ধৰিব লাগে। আঙুলিৰ মূৰৰ পৰা আগটো এক ইঞ্চি বা এক চেন্টিমিটাৰ দূৰৈত থাকিব লাগে। তেতিয়াহলে কলম বা পেঞ্চিলৰ মুখখন লিখকৰ চকুত পৰে আৰু আঙুলি বুলোৱাত সহজ হয়।

 লিখাৰ সময়ত কলম বা পেঞ্চিলৰ ওপৰত অনৰ্থক হেঁচা দিব নালাগে। শাৰীৰিক কষ্ট অনুভব নকৰাকৈ আৰমেৰে লিখিব লাগে। কলম চুটি হলে আখৰ লিখিবলৈ অসুবিধা হয়। সেই কাৰণে কলম ডাল অন্ততঃ ছয় ইঞ্চি বা ১৫ চেন্টি মিটাৰমান দীঘল হব লাগে। চুটি পেঞ্চিলত খাগৰি বা বাঁহৰ চুঙা কাটি খুৱাই লব লাগে। লিখাৰ সময়ত কলমৰ মূৰটো কাগজ বা চিলটৰ ওপৰত ৪৫° ডিগ্ৰী কোণ কৰি থাকিব লাগে।

 বয়স আৰু অভিজ্ঞতাৰ লগে লগে বিভিন্ন মানুহৰ বিভিন্ন আকৃতি হয়। আজি তুমি যি আখৰ লিখিছা এবছৰ পিচত সেই আখৰৰ আকৃতি কিছু সলনি হব৷ শিক্ষা বিভাগে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ আখৰৰ জোখ বান্ধি দিছে। প্ৰথম শ্ৰেণীয়ে ৩/৪″ আৰু ১″ আখৰ, দ্বিতীয় শ্ৰেণীয়ে ১/২″ আৰু তৃতীয় শ্ৰেণীৰ পৰা