পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৬ ]


 বিৰাম চিহ্ন কেইবা প্ৰকাৰৰো আছে। তাৰে ভিতৰত কমা বহু প্ৰকাৰত ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে কমা ( , ), ছেমিকোলন ( ; ) আৰু ডাড়িত (। ) এক, দুই, তিনি গণনা কৰোতে যিমান সময় লাগে এই বিৰাম চিহ্ন বোৰত যথাক্ৰমে সিমান সময় ৰব লাগে।

 যঁতি—কেতিয়াবা বিৰাম চিহ্ন নাথাকিলেও অৰ্থ অনুসাৰে অ’ত ত’ত ৰবলগীয়া হয়। তাকে যঁতি বোলে। যেনেঃ— সুমথিৰা খাবলৈ ভাল। এই বাক্যৰ ‘সুমথিৰা’ শব্দত অধিক জোৰ দিয়া হৈছে। সুমথিৰা শব্দৰ শেষত বিৰাম চিহ্ন নাথাকিলেও পঢ়োতে বাক্যটো চাই কিছু সময় ৰব লাগে। পাঠৰ প্ৰকৃত অৰ্থ উলিয়াবলৈ পঢ়াৰ সময়ত অৰ্থ অনুসাৰে বাক্যৰ কোনো কোনো শব্দত অধিক জোৰ দি পঢ়িব লাগে। লিখাৰ সময়ত বিৰাম চিহ্ন শুদ্ধ ভাবে স্থাপন কৰিব লাগে।

 কমা ( , )

 বিৰাম চিহ্নৰ ভিতৰত কমাৰ ব্যৱহাৰেই অধিক। সচৰাচৰ তলত দিয়া কাৰণ বোৰত আমি কমা বেচিকৈ ব্যৱহাৰ কৰোঁ৷

 (১) বহুতো বিশেষ্য পদ বা বিশেষণ পদ একেলগে থাকিলে শেষৰটো এৰি আগৰ কেইটাৰ শেষত কমা চিন দিয়া হয়। যেনে :-

 (ক) আম, কঠাল, আনাৰস, সুমথিৰা, মধুৰি আম খাবলৈ সোৱাদ।

 (খ) ৰাম গুণী, জ্ঞানী, মানী, দয়ালু আৰু সত্যবাদী ৰজা আছিল।

 (২) দীঘলীয়া সংখ্যাৰ মাজে মাজে কমা চিন দিয়া হয়। যেনে : ১২,৩১,৭৯,৮২৫ (বাৰ কোটি, একত্ৰিশ লাখ, উনআশী হাজাৰ, আঠশ পঁচিশ )

 (৩) সৰু সৰু বাক্যবোৰ কমাৰে যোগ কৰা হয়। যেনে :— ওচৰলৈ আহা, এই টকা ছটা নিয়া, যি কিনা কিনিবা, মোক ধাৰ সুজিব নালাগে।