পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০ ]

মহাত্মা গান্ধীয়ে এই কথা আমাক কেতিয়াবাই কৈ গৈছে। তেওঁৰ উক্তিত পাইছাই। তেওঁৰ বেয়া হাতৰ আখৰ দেখি নিজেই লাজ পাইছিল। সৰুতে ভাল আখৰ লিখিবলৈ যত্ন নকৰা বাবে। নিজকে ধিক্কাৰ দিছিল। সেই বাবে তেওঁ হেনো মৃত্যুৰ আগমুহূৰ্তলৈকে আখৰ ভাল কৰিবলৈ যত্ন কৰিছিল আৰু আনক উপদেশ দিছিল। কোমলতে যিফালেই ভাঁজ দিয়া হয় সেই ফালেই ভাঁজ লয়৷ পুৰঠ হোৱাৰ পিচত ভাঁজ দিয়া সহজ নহয়। মহাত্মা গান্ধীৰো তেনেকুৱাই হৈছিল।

 ভাল আখৰে পৰীক্ষাৰ সময়তো কম সহায় নকৰে। ভাল আখৰৰ বাবে সুকীয়া নম্বৰো থাকে। পৰীক্ষকেও প্ৰশ্ন কাকত চাই ভাল পায়।

 পৰীক্ষকক সন্তুষ্ট কৰাৰ আন এটা উপায় হ’ল আখৰ ধুনীয়া কৰা। ধুনীয়া আখৰক আটায়ে সমাদৰ কৰে। আনৰ কথা নকওঁ নিজৰ ভাল আখৰ দেখিলে নিজৰে ভাল লাগে। ভাল আখৰ নিজৰ চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। মনত ৰখা উচিত লিখাৰ বাবেই লিখা নাইবা আখৰ ভাল কৰাৰ বাবেই লিখা নহয়। লক্ষ্য হব লাগে আত্ম প্ৰকাশ কৰাত। পঢ়ি আয়ত্ব কৰাতকৈ লিখি আয়ত্ত কৰিব পাৰিলে ভাল৷ সহজে মনত ৰয়। আখৰ ভাল হয়নে নহয় সেইটো পিচৰ কথা। চেষ্টা কৰি চোৱাতনো লোকচান কি? চেষ্টাৰ অসাধ্য একো নাই।

⸺ + ⸺