পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৮ ]


নিলিখক ইহঁতৰ মাত্ৰাৰ পৰিবৰ্ত্তন নহয়। এই দুটা ইকাৰ ব্যৱহাৰ কৰোতে বহুতৰে ভুল হয়৷ সাধাৰণতে এটা নিয়ম মনত ৰাখিবা ইক প্ৰত্যয়ত সদায় হ্ৰস্ব ইকাৰ হয়। যেনেঃ- সাময়িক। শব্দৰ শেষত যদি তাল প্ৰত্যয় থাকে তেনেহলে আগৰ আখৰৰ দীৰ্ঘ ঈকাৰ হ্ৰস্ব ইকাৰ হয়। যেনেঃ সহযোগী, সহযোগিতা। “ক” পূৰ্ণ মাত্ৰাৰ আখৰ। “ক” লিখিবলৈ হলে পূৰ্ণমাত্ৰাৰ মাজৰ পৰা লিখিব লাগে। সোঁ বা বাম দুই মূৰৰ পৰা মাত্ৰা দি লিখিলে ভুল হব। সেইদৰে জ, ঠ, ড, হ আৰু ড় পূৰ্ণ মাত্ৰাৰ আখৰ।

 ৰ,ণ, স, ব, ম, য়, ৱ শুদ্ধ আখৰ। যদি সোঁফালে মাত্ৰা দিয়া হয় ভুল হব। মূৰ্দ্ধন্য “ণ” মাত্ৰাহীন। মূৰ্দ্ধন্য “ণ” মাত্ৰা দিলে দন্ত্য “ন’’ হব। দন্ত্য “ধ’’ টিক মাত্ৰাৰ আখৰ “ধ’’ৰ ওপৰৰ হাকোটাদাল মাত্ৰাৰ সীমাৰেখাৰ পাৰ হব নেলাগে। অ, ই আৰু হ আখৰটোৰ বাওঁফালে থকা অৰ্দ্ধ চন্দ্ৰৰ মূৰটোৱে মাত্ৰাডাল স্পৰ্শ কৰি থাকিব লাগে।

 হাতৰ আখৰ লিখা এটা অনুকৰণ কৰা কাৰ্য্য। অনুকৰণত বিশেষ পৰ্য্যবেক্ষণ নহলে এনেবোৰ ভুল হোৱা স্বাভাৱিক। সকলোবোৰ আখৰৰ জোখ একে সমান নহয়। কোনোটো সৰু কোনোটো ডাঙৰ। কোন আখৰৰ কোন ভাগ সৰু কোন ভাগ ডাঙৰ ইয়াৰ মাত্ৰা আছেনে নাই; যদি আছে কি মাত্ৰা? দুটা আখৰ বা দুটা শব্দৰ মাজত কিমানখিনি ব্যৱধান এই আটাইবোৰৰ বিচাৰ আৰু পৰ্য্যবেক্ষণৰ দৰ্কাৰ৷

 +১ অসম ৰাজ্যিক পাঠ্য পুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত প্ৰাইমাৰী স্কুলৰ ১ম শ্ৰেণীৰ “কুঁহিপাঠ”ত বৰ্ণমালাৰ সংখ্যা হ্ৰাস কৰি কেৱল ৫২টাহে দিয়া হৈছে। স্বৰবৰ্ণৰ ১১ টা আৰু ব্যঞ্জনবৰ্ণ ৪১টা।

— + —