পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিৰাম চিহ্ন আৰু তাৰ ব্যৱহাৰ


 বিৰাম চিহ্নৰ ব্যৱহাৰ নাজানিলে লিখা কথা বা বাক্যৰ অৰ্থ ফটফটীয়াকৈ ওলাই নপৰে। আমি কথা কওতে মাজে মাজে জিভাই বিৰাম বা বিশ্ৰাম লয়। জিভাৰ এই বিৰতিৰ সময় নিৰূপণ কৰিবলৈ কথাৰ মাজে মাজে যিবোৰ চিন ব্যৱহাৰ কৰা হয় তাকে বিৰাম চিহ্ন বোলে।

 ক’ত কেতিয়া কেনেকৈ ৰব লাগে বিৰাম চিহ্নবোৰে বুজাই দিয়ে। বিৰাম চিনে লিখকৰ বক্তব্য খিনি পাঠকৰ আগত বিতংভাবে বুজাই দিয়াত সহায় কৰে। বিৰাম চিনবোৰ হ’ল ভাষাৰ ভাব বুজোৱা কিছুমান সংকেত। ভাষাও ভাব প্ৰকাশৰ সংকেত। সেই কাৰণে যি কথাই নহওক লিখাৰ লগে লগে বিৰাম চিহ্ন ব্যৱহাৰ কৰিব লাগে।

 লিখকে ব্যক্ত কৰিব খোজা কথাখিনিৰ ভাব প্ৰকাশক সাংকেতিক চিহ্নৰে পাঠকক বুজাই দিয়ে; যাতে পাঠকে তেওঁৰ কথাখিনি পঢ়ি বা শুনি তেওঁক ভুল নুবুজে। সেই বাবেই বিৰাম চিহ্ন ব্যৱহাৰ কৰা হয়। ধৰা, দেউতাকে পোনাকণক কৈছে—তুমি খালা। এই বাক্যটো কি ভাবত পোনাকণক কৈছে সেইখিনি আমি বিৰম চিহ্ন চাই কব পাৰিম। যদি বাক্যটোৰ শেষত প্ৰশ্নবোধক চিহ্ন থাকে তেনেহলে আমি প্ৰশ্ন কৰা বুলি জানিম। যদি আশ্চৰ্য্য বা ভাব বোধক চিন থাকে তেনেহলে আচৰিত ভাবে সোধা বুলি জানিম। যদি ডাড়ি বা ছেদ থাকে তেনেহলে সাধাৰণ বিবৃতি কৰা বুলি জানিম। এনেদৰে বিৰাম চিহ্নবোৰে লিখকৰ ভাব প্ৰকাশ কৰাত সহায় কৰে।