পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৪ ]


তলে তলে লিখিবলৈ দিবা। তলে তলে লিখা হোৱাৰ পিচত নোচোৱাকৈ লিখিবলৈ দিবা।

 আখৰ লিখাওঁতে আখৰৰ শুদ্ধ আকৃতি লক্ষ্য কৰিবলৈ দিবা৷ লিখিব পৰা হলে তাৰ পিচত বৰ্ণ যোগ কৰি সৰু সৰু শব্দ লিখিবলৈ দিবা৷ এনে শব্দ দিবা যাতে পূৰ্ণ আখৰটো বিকৃত নহয়। যুক্তাক্ষৰ নিদিয়াই ভাল।

 শিশুৱে নিজৰ নামটো চাই উৎফুল্ল হৈ পৰে। গতিকে প্ৰথমে তাৰ নামটোকে লিখিবলৈ শিকাবা। কাগজ বা চিলটত নামটো লিখি দি তলে তলে তাক চাই লিখিবলৈ দিবা। কেইবাৰমান চাই লিখিবলৈ দি তাৰ পিচত সেইখিনি মচি নোচোৱাকৈ লিখিবলৈ দিবা। নামটো লিখিব পৰা হলে বাকী আন, শব্দবোৰ নিজেই লিখিবলৈ অভ্যাস কৰিব।

 শিশু হলেও বিবেচনা শক্তি সিহঁতৰো আছে। নিজৰ হাতৰ আখৰৰ ভাল বেয়া নিজে যদি উপলব্ধি কৰিব পাৰে তেনেহলে আখৰৰ উন্নতি অতি সোনকালে হব। নিজৰ আখৰৰ ভাল বেয়াৰ বিচাৰক নিজে হব পৰাটো কম কৃতিত্ব নহয়! ছপা আখৰ চাই লিখা অভ্যাস হলে নিজে চিন্তা কৰি নিজৰ মনেৰে লিখিবলৈ দিবা। নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত ধুনীয়াকৈ লিখি দিব পৰাটো নিজৰেই কৃতিত্ব৷

— + —


বিঃ দ্ৰঃ --পৰিশিষ্টত কোন ফালৰ পৰা আখৰ লিখিবলৈ আৰম্ভ কৰিব লাগে কাঁড় চিনেৰে দেখুৱা হৈছে।