পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫ ]


পিয়নে চিঠিৰ ওপৰত তাৰিখৰ মোহৰ মৰাৰ দৰে চুমেৰীয় সকলেও লিখাৰ সময়ত এই চাপ মাৰিছিল। পিচৰ যুগত এনে ধৰণৰ চাপ মৰা মাটিৰ ফলি বহুতো উদ্ধাৰ হৈছে৷ একোটা চাপে একোটা শব্দৰ অৰ্থ প্ৰকাশ কৰিছিল৷ কেতিয়াবা দুটা বা তিনিটা চাপেও এটা শব্দৰ অৰ্থকে প্ৰকাশ কৰিছিল। শব্দৰ উপৰিও বাক্য বা বাক্যাংশৰ চাপও আছিল।

 চুমেৰীয় সকলৰ লিখা-পঢ়াত বৰ ধাউতি আছিল। তেওঁলোকে স্কুল পাতি ল’ৰা-ছোৱালীক শিক্ষা দিছিল। অৱশ্যে আজিকালিৰ নিচিনা সুকীয়া স্কুলঘৰ নাছিল৷ মন্দিৰৰ চৌহদতে স্কুল পাতি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। একোটা মন্দিৰেই তাহানিৰ একোখন বিদ্যালয় আছিল৷ মন্দিৰৰ পুৰোহিতজন আছিল সেই বিদ্যালয়ৰ পণ্ডিত। ছাত্ৰই মন্দিৰত প্ৰৱেশ কৰাৰ আগেয়ে মন্দিৰৰ বাহিৰত দমাই থোৱা আঠালতীয়া মাটিৰে একোখন ফলি তৈয়াৰ কৰি লৈছিল। এই ফলি আমাৰ জুই জ্বলাবলৈ কৰা গোবৰৰ পিঠাৰ দৰে হাতেৰে থপৰিয়াই চেপেটা কৰি লৈছিল। ষ্টাইলাছেৰে সাঁচ বহুৱাৰ পিচত সেইবোৰ ৰ’দত শুকাই জুইত পুৰি টান কৰি লৈছিল। স্কুলত ছাত্ৰই পাচশৰো অধিক চাপ শিকিব লাগিছিল৷ পুৰোহিতে নিষ্ঠাৰে ছাত্ৰক চাপবোৰৰ শিক্ষা দিছিল৷ পঢ়াতকৈ লিখা বিদ্যাতে অধিক গুৰুত্ব দিয়া হৈছিল৷ আখৰ লিখিব জনা ছাত্ৰক মাক-বাপেক, শিক্ষা-গুৰু আৰু সমাজৰ আন সকলো লোকে আদৰ কৰিছিল। তেনে ছাত্ৰৰ খ্যাতি সকলোতে বিয়পি পৰিছিল। বেবিলন নগৰৰ মাটিৰ তলত পুৰণি মন্দিৰ এটাৰ গাত থকা স্কুল এখনৰ ধ্বংসাবশেষ উদ্ধাৰ হৈছে। সেই স্কুলৰ মজিয়াত তাহানি 'ষ্টাইলাছ’ৰ চাপ মৰা বহুতো মাটিৰ ফলি পোৱা গৈছে। আজিকালি পুথিভৰালত কিতাপ জমা কৰি ৰখাৰ দৰে তাহানিও মাটিৰ ফলিবিলাক তেনেদৰে স্কুলত জমা কৰি ৰাখিছিল।