পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাচীন কালৰ তিনিটা লিখা পদ্ধতি


চুমেৰীয় ত্ৰিকোণী পদ্ধতি— ১

 খৃষ্টপূৰ্ব্ব প্ৰায় চাৰিহেজাৰ বছৰ আগৰ কথা। এচিয়া মহাদেশৰ টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীৰ পাৰত এটি সুসভ্য জাতি বাস কৰিছিল নদী দুখনৰ মাজৰ ঠাইডোখৰক তেতিয়া মেছোপতেমিয়া বোলা হৈছিল। মেছোপতেমিয়াৰ সমতল অঞ্চলক এচিৰীয়া আৰু বেবিলনীয়া নামে দুভাগত ভগোৱা হয়৷ উত্তৰ ভাগ এচিৰীয়া আৰু দক্ষিণ ভাগ বেবিলনীয়া। এচিৰীয়াত ‘চুমেৰীয়’ আৰু বেবিলনীয়াত ‘চেমিষ্টিক’ মানুহৰ নিদৰ্শন পোৱা যায়।

 বেবিলন নগৰৰ শূন্যোদ্যান প্ৰাচীন পৃথিবীৰ সপ্তাশ্চাৰ্য্যৰ আন এটি নিদৰ্শন৷ এই শূন্যোদ্যান বেবিলনৰ সৰ্ব্বশেষ আৰু সৰ্ব্বশ্ৰেষ্ঠ ৰজা নেবুচাদ্ নেজাৰে তেওঁৰ ভাৰ্য্যা এমিটাচৰ বাবে সজায়।

 চুমেৰীয় সকল বিদ্যা বুদ্ধিত পাৰ্গত আছিল। যি সময়ত লিখাৰ বাবে ফলি পেঞ্চিল আৰু আখৰৰ সৃষ্টি হোৱা নাছিল সেই সময়তে লিখাৰ এক কৌশল উদ্ভাবন কৰিছিল৷ চুমেৰীয় সকলে আঠালতীয়া মাটিৰ পিঠা কৰি তাৰে লিখা কাৰ্য্য কৰিছিল। লিখা মানে? পিঠাৰ ওপৰত কিছুমান সাঁচ বহুৱাইছিল। সাঁচবোৰ ত্ৰিকোণী আকাৰৰ 'ষ্টাইলাছ' নামক চাপমৰা সজুলিত কাটি লোৱা হৈছিল। জন্তুৰ হাড়, শিল নাইবা গছ গছনিৰ ঠাল-ঠেঙুলিৰে এই সজুলিবিধ সজা হৈছিল। পোস্ট অফিছৰ