পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইটামান চিয়াহী প্ৰস্তুত কৰা প্ৰণালী

 ঘৰতে কৰিব পৰা তিনিটা প্ৰণালী।

 ১ম প্ৰণালী—

 চাউল ভাজি দোৱাই তপতে তপতে গুৰি কৰি পানীত গুলি চেকি লৈ লিখা চিয়াহী কৰিব পাৰি।

 ২য় প্ৰণালী—

 ডেৱা গছৰ ছাল পটাত থেতেলাই পানীত সিজাই জোখ মতে পানী শোহাই ললে চিয়াহী হয়।

 ৩য় প্ৰণালী—

 কেচা বা শুকান শিলিখা খুন্দি লো এডোখৰ দি এসপ্তাহমান পানীত ডুবাই থৈ তাৰ পিচত লো ডোখোৰ গুচাই পানীখিনি চেকি তপতাই উপযুক্ত অনুমান কৰি পানী ৰাখিলেই চিয়াহী হয়।

 ৪ৰ্থ প্ৰণালী—

 বজাৰত সেন্দুৰ কিনিবলৈ পোৱা যায়। প্ৰথমে সেন্দুৰ খিনি কিস্তিত ভাল দৰে মাৰিলৈ তাৰ পিচত গৰম পানী মিহলাই যিমান পাৰা যায় মাৰি লব লাগে। মাৰোতে মিহি হোৱা যেন পালে আন্দাজ কৰি চাউল খচা পানী দিলে লিখা চিয়াহী হয়।

 ৫ম প্ৰণালী—

 মাজুফল, হিৰাকষ গছ আৰু ভাল চাফা চেনী বেলেগে বেলেগে ৰ’দত শুকাই