পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আখৰ লিখাৰ সঁজুলি


 এষাৰ কথা আছে বেলে—“কলম ভালেই আখৰ ভাল।” সঁচা কথা। কলম ভাল হলে আখৰ ভাল হবই। অকল কলম ডাল ভাল হলেই নহব। লিখা কাগজ খিলাও ভাল হব লাগিব। পিচল কাগজত লিখিবলৈ সুচল। কলম আপোনা আপুনি চলি যায়।

 আজিকালি বজাৰত লিখাৰ হৰেক ৰকম সঁজুলি ওলাইছে। তাৰে ভিতৰত ‘ফাউন্টেন পেন’ আৰু ‘দ’ত পেন’ৰ সংখ্যাই সৰহ। প্ৰাইমাৰী স্কুলৰ পৰা বিশ্ব- বিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত পঢ়া সকলো ছাত্ৰ-ছাত্ৰীয়ে ফাউন্টেনপেন ব্যৱহাৰ কৰে৷ পাখি বা হেণ্ডেলতকৈ ফাউন্টেন পেনেৰে লিখিবলৈ সহজ। ফাউন্টেন পেনৰ চিয়াহীবোৰ সমানে ওলায়, বজাৰত ফাউন্টেন পেন ওলোৱাৰ আগেয়ে মানুহে বিভিন্ন ধৰণৰ পাখী, ঢেকীয়া, আৰু বাঁহৰ চেকনিৰ, কমেৰে লিখা কাম কৰিছিল।

 প্ৰাইমাৰী স্কুল আৰু হাইস্কুলৰ তল শ্ৰেণীৰ ভাইটি-ভনীটিহঁতে স্কুলত পাখী বা হেণ্ডেলেৰে লিখিব লাগে। ফাউন্টেন পেনৰ ব্যৱহাৰ নিষিদ্ধ। কাৰণ পুৰণা শিক্ষক সকলৰ ধাৰণা-ফাউন্টেন পেনেৰে আখৰ লিখিলে আখৰ বেয়া হয়। যিকালত ফাউন্টেনপেন ওলোৱা নাছিল তেতিয়াহে পাখী কলমৰ ব্যৱহাৰ আছিল। এতিয়া কিন্তু তাৰ ব্যৱহাৰ অচল। মানুহ উন্নতি পথত অগ্ৰহৰ হোৱাৰ লগে লগে মানুহৰ অভিৰুচিও সলনি হৈছে। আজিকালিৰ ছাত্ৰই ফাউন্টেন পেনেৰে লিখা একো দোষণীয়, কাম নহয়। ফাউন্টেন পেনেৰে লিখিলে আখৰ বেয়া নহয়। ভালহে হয়। কাটিব নেজানিলে পাখী বা হেণ্ডেলেৰে লিখিলেও আখৰ বেয়া