পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৫ ]

ওপৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ১/৪″ৰ আখৰ লিখব লাগে। হাইস্কুল পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে ১/৪″তকৈ ডাঙৰ আখৰ লিখিব নালাগে। আখৰ যিমানে সৰুকে লিখা যায় সিমানে খৰকৈ বেছি আখৰ লিখিব পাৰি।

 বহা পদ্ধতিৰ ওপৰতো আখৰৰ ভাল বেয়া নিৰ্ভৰ কৰে। ডিঙি বেকা কৰি বা পিঠি কুজা কৰি লিখিব নালাগে। লিখাৰ সময়ত মেৰুদণ্ড পোণ কৰি বহিব লাগে। লিখা চিলট বা বহী গাৰ পৰা ১ ফুট আতৰত ৰাখিব লাগে। শুই বা পেট পেলাই লিখা বেয়া অভ্যাস। ডিঙি বেঁকা কৰি মূৰ গোজা মাৰি লিখা অভ্যাসে চকু বেয়া কৰে।

 আমাৰ চকুৰ দৃষ্টি সদায় সৰল ৰেখাত গতি কৰে। কোনো বস্তুলৈ চাই পঠালে চকুৰ পতাৰ দুই কাষৰ মাংসপেশীবোৰ সমানে লৰচৰ কৰে। বেকাঁকৈ চাই পঠালে পতাবোৰ ইফালে-সিফালে টনাটনি কৰে। এনে কৰাৰ ফলত চকুৱে প্ৰয়োজনতকৈ অধিক কষ্ট কৰিব লাগে।

 লিখাৰ সময়ত বাওঁখন হাতেৰে চিলট বা বহীখন ধৰি থাকিব লাগে। তেতিয়া হলে বহীটো লৰচৰ কৰিব নোৱাৰে। বহী অগাপিচা কৰিবলৈ লিখা ঠাইডোখৰ মুকলি হব লাগে। কুচি-মুচি কম ঠাইতে বহি লিখিব নালাগে। কিছুমানে বিছনাত পেট পেলাই লিখে। তেনেকৈ লিখিলে হাতৰ টিপ ঠিক নাথাকে আৰু স্নায়ুৰ শক্তিও অনেক গুনে হ্ৰাস পায়। বহাৰ নিয়ম সদায় আৰামদায়ক হব লাগে। লিখাৰ সময়ত কিছুমানে মুখেৰে গুণ গুণাই সুৰ তোলে। তেনেকৈ সুৰৰ মাজেৰে শব্দ কৰি লিখিলে আখৰৰ লাইন পোন নহৈ বেঁকা ফালে গতি কৰে।

 লিখা ঠাই খিনিত পৰ্য্যাপ্ত পৰিমাণে পোহৰ পৰিব লাগে। পোহৰ কম হলে দীৰ্ঘ সময়ৰ বাবে লিখা বা পঢ়াত মনোনিবেশ কৰিব নোৱাৰি। পোহৰ বাওঁ