পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭ ]


হৈছিল। গিজেহ ঠাইৰ পিৰামিডবোৰত পুৰণি আখৰৰ নিদৰ্শন পোৱা যায়।

 আখৰ সৃষ্টি হোৱাৰ পিচত ইজিপ্তৰ মানুহে শিলত আখৰ খোদাই কৰিবলৈ এৰি “পেপাৰাচ” নামক কাগজত ৰং আৰু তুলিকাৰে লিখিবলৈ ললে। আমাৰ সাঁচি পাতৰ নিচিনা ‘পেপাৰাচ’ গছৰ বাকলিৰ পৰাই এইবিধ কাগজ প্ৰস্তুত কৰি লৈছিল। লিখিবলৈ কেচা খাগৰি বা বাঁহৰ ঠেঙুলিৰ মূৰ থেতেলাই সৰু সৰু তুলিকা কৰি লৈছিল৷ ক’লা চিয়াহীৰ উপৰিও ৰঙা, নীলা, সেউজীয়া আৰু হালধীয়া ৰঙেৰে আখৰ লিখিছিল। ৰংবোৰ শিলৰ ফলিত লৈছিল।

 আমাৰ দেশৰ দৰে তাহানি কালত ইজিপ্তৰ মানুহেও আখৰ লিখিব জনা মানুহক আদৰ কৰিছিল। ৰজা ঘৰত লিপিকাৰৰ বাবে আছুতীয়া বিষয় বাব আছিল। লিপিকাৰ এজন ডাঙৰ বিষয়া আছিল।


ভাৰতীয় : সিন্ধু উপত্যকাৰ মোহৰ পদ্ধতি—৩

 এচিয়া মাইনৰৰ টাইগ্ৰীচ ইউফ্ৰেটিচ নদীৰ পাৰৰ চুমেৰীয় আৰু বেবিলনিয় সভ্যতা আৰু ইজিপ্তৰ নীল নদীৰ পাৰত নীল সভ্যতা গঢ়ি উঠাৰ দৰে অবিভক্ত ভাৰতৰো সিন্ধু নদীৰ পাৰত “সিন্ধু সভ্যতা” নামে এক সভ্যতা গঢ়ি উঠিছিল।

 এই সভ্যতা আৰ্য্যসকল ভাৰতলৈ অহাৰ প্ৰায় এহেজাৰ বছৰ আগেয়ে ভাৰতত বিৰাজ কৰিছিল। এই সভ্যতাৰ নিদৰ্শন কিছুবছৰ আগেয়ে মাটিৰ তলত খান্দি উলিওৱা পঞ্জাবৰ মন্টগমাৰি জিলাৰ হৰপ্পা আৰু সিন্ধু প্ৰদেশৰ মহেঞ্জোদাৰো নামৰ নগৰ দুখনত পোৱা গৈছে। বৰ্তমান হৰপ্পা আৰু মহেঞ্জোদাৰো ঠাই দুখন পাকিস্থানৰ অন্তৰ্গত হলেও সেই ঠাই দুখনৰ মাটিৰ তলত পোৱা পৌৰাণিক