পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]

ভগ্নাৱশেষবোৰে আজিও প্ৰাচীন ভাৰতৰ গৌৰবৰ কথা ঘোষণা কৰি আছে।

 অন্যান্য সামগ্ৰীৰ লগতে প্ৰত্নতাত্বিক সকলে মহেঞ্জোদাৰো, আৰু হৰপ্পাত প্ৰায় চাৰিশমান ছবি থকা বিভিন্ন আকৃতিৰ ‘‘শিল মোহৰ” আবিষ্কাৰ কৰিছে। প্ৰতিটো মোহৰেই চিত্ৰ খোদিত। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতিৰ উপৰিও মোহৰ বোৰত মানুহ, গছ-গছনি, জুই, পানী, মাছ আদিৰ ছবিও আছে। পণ্ডিত সকলে এইবোৰ ছবিৰ সহায়েৰে সিন্ধু উপত্যকাৰ মানুহে আখৰ লিখা বুলি অনুমান কৰে। ছবি- বোৰৰ কাষতে বুজিব নোৱাৰা কেতবোৰ আখৰৰ চিহ্নও আছে। চিহ্নৰ লগত থকা জীৱ-জন্তুৰ ছবিয়ে কি বুজাইছে আৰু এনেয়ে শিলমোহৰত থকা ছবিয়ে কি বুজাইছে নিৰ্ণয় কৰিব পৰা নাই। একেবিধ জীৱৰ ছবিৰ লগত বেলেগ বেলেগ লিপিৰ চিন থকাৰো প্ৰমাণ পোৱা গৈছে। একোটা ছবি একোটা আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল নে, একোটা শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছিল তাকো ক’ব পৰা নাই।

 ‘শিলমোহৰ’ৰ বাহিৰেও তামৰ ফলিত আখৰ লিখাৰো প্ৰমাণ পোৱা গৈছে। মহেঞ্জোদাৰোত দুফালে আখৰ থকা তামৰ ফলি আৱিষ্কাৰ হৈছে। বুজিব নোৱাৰা এই লিপি বিলাকেৰে ধৰ্ম্ম সম্বন্ধীয় কথা লিখা বুলি অনুমান কৰে। ইয়াৰ প্ৰকৃত অৰ্থ উলিওৱাটো দুৰূহ।

 পণ্ডিতসকলে সিন্ধু উপত্যকাৰ আখৰৰ লগত চুমেৰীয় আৰু মিছৰীয় আখৰৰ মিল থকা বুলি কয়।

⸻⸻