পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৬ ]


ফালৰপৰা আহি লিখা ঠাইত পৰিব লাগে। বাওঁফালৰ পৰা অহা পোহৰে মেজ বা কিতাপৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মি চকুত নোসোমায়। সম্মুখৰ পৰা অহা পোহৰ বেয়া। ইয়াৰ প্ৰতিফলিত ৰশ্মি লিখোতাৰ চকুত পৰে।

 ওপৰত উল্লেখিত দোষবোৰ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি একান্তমনে লিখি গলে আখৰ বেয়া হব নোৱাৰে।

— × —


আখৰৰ প্ৰকৃত ৰূপ

 আখৰ আমি আটায়ে দেখিছোঁ। নানা ভাষাৰ নানা আখৰ। আমাৰ মনৰ কথাবোৰ কাগজত আখৰেৰে লিপিবদ্ধ কৰিছোঁ। কিন্তু আখৰৰ প্ৰকৃত ৰূপটোলৈ জানো কেতিয়াবা চিন্তা কৰি চাইছো? আখৰৰ পাক যেনেকৈয়ে নাথাকক লিখিব লাগে লিখো, পঢ়িব লাগে পঢ়ো! ভুলে চুকে এসোপা লিখিব পাৰিলেই হ’ল। এনে ভাব এলাহৰ পৰিচায়ক। ইয়াৰ দ্বাৰাই অসাৱধানতাৰ অভ্যাস জন্মে। ছপা আখৰবোৰ অলপ দকৈ মন কৰি চালে আখৰৰ প্ৰকৃত ৰূপ কেনেকুৱা দেখিবলৈ পাবাহঁক।

 বিশ্বব্ৰহ্মাণ্ডৰ সকলো আখৰৰ ৰূপ মাথোন তিনিটা আকাৰত সীমাবদ্ধ। আঁচ [ - ], বিন্দু [ . ] আৰু অৰ্দ্ধ চন্দ্ৰ [৺ ]। এই তিনিটাৰ কমবেছি ব্যৱহাৰতে সকলো আখৰ লিখা হয়৷