পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩২ ]


ৰঙৰ কৰি লব পাৰি।

 তুলি—

 জন্তুৰ নোমৰ সৰু ব্ৰাচ। ইয়াৰে যেনে ধৰণে ইচ্ছা কৰা যায় তেনে ধৰণে লিখিব আৰু আঁকিব পৰা যায়। চেপেটা, গোল, জোঙা বিভিন্ন আকৃতিৰ তুলি পোৱা যায়। ইয়াৰ গাত কাঠৰ নাল লগোৱা থাকে।

 ফাউন্টেন পেন—

 ষ্টিলৰ নিব্ লগোৱা চিয়াহী ভৰাই লৈ ফুৰিব পৰা এবিধ প্লাষ্টিকৰ সঁজুলি। ইয়াক সকলোতে পোৱা যায় আৰু সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

 ড্ৰপাৰ পেন—

 ফাউন্টেন পেনৰ নিচিনাই ষ্টিল নাইবা প্লাষ্টিকেৰে সজোৱা। ইয়াৰ চিয়াহী ৰবৰৰ দীঘল মোনা এখনৰ ভিতৰত থাকে। নিব্ ৰ আগটোৰ বাহিৰে বাকী অংশ দেখা পোৱা নেযায়।

 বোপেন—

 কাটা কম্পাচৰ নিচিনা এই বিধ সঁজুলি বৃত্ত অঁকাত ব্যৱহাৰ হয়। বৃত্তৰ পৰিধি ডাঙৰ সৰু কৰিব পাৰি।

 দ’ত পেন—

 ইয়াৰ চিয়াহী প্লাষ্টিকৰ পাইপ এডালৰ ভিতৰত থাকে। চিয়াহীবোৰ গোটা। ইয়াত বেলেগে নিব্ নাথাকে। পাইপডালৰ মূৰটোত এটা নিকেলৰ টোপ আছে। টিপা মাৰি মূল কলমৰ পৰা মুৰটো ওলোৱা সোমোৱা কৰিব পাৰি।

 লাইন পেন—

 স্কেল নোহোৱাকৈ এইবিধ সঁজুলিৰে আঁচ পোন কৰিব পাৰি। আচবোৰ