পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আখৰৰ আদি কথা

 আমাৰ পৃথিবীখন একালত আজিৰ নিচিনা মানুহে দুনুহে ভৰা চালে চকুৰোৱা ৰূপে বিনন্দীয়া নাছিল। বহু পৰিবৰ্ত্তনৰ মাজেৰেহে আজিৰ এই ৰূপ পাইছে। শাস্ত্ৰত লিখা মতে তেতিয়া পৃথিবীৰ কোনো অস্তিত্বই নাছিল। চাৰিওফালে কেৱল পানীহে পানী। আজিও পানীৰেই ভৰা। চাৰি ভাগৰ তিনি ভাগেই পানী এভাগহে মাটি।

 প্ৰলয় প্ৰয়োধিৰ মাজত প্ৰাণী হিচাপে প্ৰথম জন্ম হ’ল মাছৰ। তাৰ পিছত কাছৰ। লাহে লাহে তাৰ পাছত জন্ম হ’ল মানুহৰ। আদিম মানুহে নাঙঠ হৈ পৰ্ব্বতৰ গুহাত, গছৰ ধোন্দত, ফল-মূল আৰু কেচা মঙহ খাই জীৱন ধাৰণ কৰিছিল।

 এনেদৰে বহুদিন গ’ল। ক্ৰমবৰ্দ্ধমান মানুহৰ মাজত সভ্যতাই পোখা মেলিলে। কেচা মঙহ খাবলৈ এৰি সিজাই বা পুৰি খাবলৈ ধৰিলে। নাঙঠ হৈ থাকিবলৈ লাজ পোৱা হ’ল। লজ্জা নিবাৰণ কৰিবলৈ জন্তুৰ চাল আৰু গছৰ বাকলি পিন্ধিবলৈ ধৰিলে। থাকিবলৈ ঘৰ সাজিবলৈ ললে। আহাৰৰ বাবে ফচল ৰোৱাৰ দিহা কৰিলে। লাহে লাহে নানান চিন্তাই মনত জুমুৰি দি ধৰিলে। ন-ন তথ্য উদ্‌ভাবন কৰিলে। কিমান দিন ইঙ্গিতেৰে কথা পাতি থাকিব? ভঙ্গীৰে বুজোৱা ভাববোৰ স্থায়ী নহয়। আজি দেখুৱা ভঙ্গীবোৰ কাইলৈ পাহৰি যায়।

 মনৰ ভাব প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন হ’ল। বিভিন্ন গোষ্ঠীৰ মানুহৰ মাজত বিভিন্ন ভাষাৰ সৃষ্টি হ’ল। যেতিয়া ভাষাৰ সৃষ্টি হ’ল মনৰ ভাব প্ৰকাশ কৰিবলৈ সুবিধা হ’ল। নিজস্ব ভাষাৰ মাধ্যমেৰে মানুহে কথা কবলৈ ধৰিলে।

 লিপিবদ্ধ কৰিলে ভাববোৰ যে স্থায়ী হয় এই কথা বহুদিন পিচতহে মানুহৰ