পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৭ ]


 চেমি কোলন ( ; )

 সম্বন্ধ থকা দুটা বাক্য বেলেগ কৰি দেখুৱাবলৈ চেমি কোলন ব্যৱহাৰ কৰা হয়। যেনে :— তুমি আহিবা; মই আগতেই জানো।

 কোলন ( : )

 নিয়মিত উদ্ধৃতি দিবৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয়। যেনে :— নিউটনে কৈছে : “বস্তু মাত্ৰেই পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে।”

 কোলন ডেচ ( :- )

 কোনো উদাহৰণ দিলে এই চিন দিয়া হয়। যেনে :— ৰাষ্ট্ৰীয় পতাকাৰ ৰং তিনিটা৷ যেনে :- গেৰুৱা, বগা আৰু সেউজীয়া।

 দাড়ি বা ছেদ ( ৷ )

 বাক্য শেষ হোৱা বুজাবলৈ এই চিন দিয়া হয়। যেনে :— পদুম ফুল বোকাত জন্মে।

 আশ্চৰ্য্যবোধক চিন ( ! )

 আশ্চৰ্য্য ভাব প্ৰকাশ কৰিবলৈ এই চিন ব্যৱহাৰ কৰা যায়। যেনে :— আই ঔ! মৰিলোঁ!!

 প্ৰশ্নবোধক চিন ( ? )

 প্ৰশ্ন সোধোতে এই চিন ব্যৱহাৰ কৰা হয়। যেনে:—তুমি কোন শ্ৰেণীত পঢ়া?

 পৰিচ্ছেদ ( § )

 লিখা কথা বা কোনো ঠাইত উল্লেখ কৰিবলগীয়া হলে এই চিন ব্যৱহাৰ কৰা হয়। যেনে:—মৃত্যু কি? এই বিষয়ে গীতাত উল্লেখ আছে। ( §সংখ্যা যোগ দ্ৰষ্টব্য)।