পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩০ ]


 তৰা (★) অসি (+) যুৰীয়া অসি ( ≠ )

 ওপৰত লিখা কথাৰ তলত সেই বিষয়ে টোকা বা ব্যাখ্যা দিব লগা হলে এই চিন দিয়া হয়। যেনে: জিৰো★ কি নিমিত্তে বিখ্যাত তাক সোধা হৈছিল।

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

★ অৰুণাচল ৰাজ্যৰ সোৱনশিৰী অঞ্চলৰ সদৰ ঠাই।

⸺⸺


পৰিশিষ্ট

কেতবোৰ জ্ঞাতব্য বিষয় জানি থোৱা ভাল

লিখা সঁজুলিৰ নাম আৰু তাৰ ব্যৱহাৰ প্ৰণালী

 পাখী কলম—

 এইবিধ কলম চৰাইৰ পাখীৰ পৰা কৰা হয়। ভাৰতত বিশেষকৈ ম’ৰা চৰাইৰ পাখী কলমৰ বাবে উৎকৃষ্ট। নিব্ ৰ দৰে পাখীৰ আগটো কাটি চাচি-চুৰুকি জোঙা কৰি সমানে ফালি লব লাগে।

 হেণ্ডেল কলম—

 কাঠৰ নলত নিব্ খুৱাই লোৱা এইবিধ সঁজুলিৰে লিখিলে কাগজত আখৰ দকৈ বহি যায়৷ কাগজ কাটি চিয়াহী সোমায় যায় বাবে আখৰ উজ্জ্বল আৰু দীৰ্ঘ- স্থায়ী হয়।