পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩০ ]


আৱশ্যক অনুসৰি ডাঙৰ বা সৰু কৰিব পাৰি।

 স্কেল—

 লিখাৰ সময়ত আঁচ টানিবলৈ স্কেল ব্যৱহাৰ কৰা হয়। সমান জোখত খৰকৈ আঁচ টানিবলৈ গোটা কাঠৰ ৰোলমাৰি ব্যৱহাৰ কৰিব পাৰি।

 কাগজ—

 ৰুচি অনুযায়ী লিখিবলৈ বিভিন্ন ৰঙৰ বিভিন্ন জোখৰ কাগজ ব্যৱহাৰ কৰিব পাৰি। বিভিন্ন জোখৰ কাগজৰ নাম পিচৰ এটা অধ্যায়ত সন্নিবিষ্ট কৰা হৈছে।

 চিয়াহী—

 বিভিন্ন কাগজত বিভিন্ন ৰঙৰ চিয়াহী ব্যৱহাৰ কৰিব পাৰি।

 ব্লটিং পেপাৰ

 লিখা আখৰ শুকাবলৈ এইবিধ কাগজ ব্যৱহাৰ কৰা হয়। ইয়াৰ গুণ শোষণ কৰা। আখৰৰ ওপৰত হেচা দিলেই ই চিয়াহী শুহি লয়।

 চাফা কাগজ এখিলা—

 লিখাৰ সময়ত হাত থবলৈ এখিলা চাফা কাগজ লব লাগে। তেনেকৈ কাগজ ললে হাতৰ দাগ লিখা কাগজত নালাগে।

 কাঠ বোৰ্ড বা পিচ বোৰ্ড এখন—

 শুদা মাটিত বহি নাইবা থিয় হৈ লিখাৰ সময়ত লিখা কাগজ থবলৈ এই বোৰ্ড ব্যৱহাৰ কৰা হয়। ইয়াক প্লাইউদ নাইবা ডাঠ বাকলাৰে কৰি লব পাৰি।