পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২১ ]


অসুবিধাবোৰ দূৰ কৰাৰ বাবেই তেনে ব্যৱস্থা লোৱা হৈছে। এটা কথা মনত ৰাখিবা যুক্তাক্ষৰ লিখোতে আখৰটো আগৰ বা পিছৰ আখৰতকৈ ডাঙৰকৈ নিলিখিবা। আখৰ সৰুকৈ লিখিলে কম ঠাইতে বেছি আখৰ লিখিব পাৰি।

 ঠাচৰ ভুলৰ বাবেও আখৰ বেয়া হয়। কোনোৱে সোঁফালে, কোনোৱে বাওঁ- ফালে হেলনীয়াকৈ আৰু কোনোৱে জধে-মধে আখৰ লিখে। এই কোনোটো ঠাচেই শুদ্ধ নহয়৷ আখৰ সদায় পোণ ঠাচে লিখিব লাগে। সোঁ বা বাওঁফালে হেলনীয়াকৈ লিখিলে শৰীৰৰ অংগ চালনাত ব্যাঘাত জন্মে। আখৰ পোণকৈ লিখিলে কষ্ট বা জটিলতা অনুভৱ কৰিব নালাগে। পোণ ঠাচে লিখিলে কলমো ভালে থাকে। হেলনীয়াকৈ লিখিলে নিব্ ৰ এফালে প্ৰয়োজনতকৈ অধিক হেঁচা পৰে ফলত নিব্ টোৰ ফাল দুটা সমান নেথাকি এফলে ওপৰলৈ উঠি যায়। তেতিয়া নিব্ টো বেয়া হ’ল বুলি পেলাই এটা নতুন নিব্ লোৱা।

 সংস্কৃতত এষাৰ কথা আছে — “সমানি সমশীৰ্ষানি ঘনানি বিৰলানি চ।’’ হাতৰ আখৰ সমান আৰু গোট গোট হব লাগে। আখৰৰ মূৰ তলে ওপৰে সমান হব লাগে। আখৰবোৰ ঘনঘনকৈ লিখি প্ৰতিটো শব্দ আৰু প্ৰতিটো বাক্যৰ মাজত যথেষ্ট ফাক ৰাখিব লাগে। এটা সৰু, এটা ডাঙৰ, এটা ওপৰত, এটা তলত এই ভাবে আখৰ লিখিলে আখৰ দেখিবলৈ ধুনীয়া নহয় আৰু পঢ়িবলৈও উজু নহয়। সকলোবোৰ আখৰ পৰিপাটিকৈ সমানে লিখিলে ঠায়ো লাগে কম আৰু পঢ়িবলৈও সহজ হয়৷ আখৰৰ ঠাচ যেনেকুৱাই নহওক আখৰবোৰ সমান হলে ধুনীয়া দেখায়।

 দুটা শব্দৰ মাজত যিমান ব্যৱধান থাকিব লাগে তাতকৈ বেছি থাকিব লাগে দুটা শাৰীৰ মাজত। কমা (,) চেমিকোলন (;) আদিত দুটা শব্দতকৈ কম ব্যৱধান আৰু ডাৰিত (৷ ) সম্পূৰ্ণ দুটা শব্দৰ মাজৰ ঠাইৰ ব্যৱধান এৰিব লাগে।