শঙ্কৰদেৱ/দ্বিতীয় আধ্যা

ৱিকিউৎসৰ পৰা
[ ১৫ ]

দ্বিতীয় আধ্যা

১৩৭১ শকত শঙ্কৰদেৱৰ জন্ত হয় । সেই সময়ত নেফা সৰ্গদেও অসমৰ ৰাজসিংহাসনত আছিল । শঙ্কৰৰ বাপেকৰ নাম কুম্বন্ধ ভূঞা, মাকৰ নাম সত্যসন্ধা । কুল্পৰ বিখ্যাত চণ্ডীৰ ভূঞাৰ পন্ধি ! বহুকাল সত্যসন্ধাৰ সন্ধান নোহোৱা দেখি কুণে

  • ** *াক্ষ এটি কন্যা বিয়া কৰাইছিল। এই স্কাৰ গৰ্ভত

নাম কুনুৰৰ এটি লৰা হয় । কিন্তু তাৰ আগেয়েই শী শঙ্কৰৰ জন্ম হয় । সেইদেখি শঙ্কৰ বনগঞাগিৰীৰ ৭ লক্ষ । তিনি দিনৰ ভিতৰতে মাঙ্ক সত্যসন্ধাৰ হয় ; সেইদেখি ীিন ( কুম্বেৰৰ দাৰু ! খেৰীয়ে শূৰণ ক-খ করে। কোনো কোনো তুমি পুতি এই [ ১৬ ] সত্যসন্ধা ঢুকুৱাৰ কথা পোৱাঁ যায়। বৰদোৱাৰ গুৰুচৰিত্ৰ পুথিত লেখা আছে যে শঙ্কৰদেৱে সুৰ্য্যাৱতীক বিবাহ কৰাৰ কিছু দিনৰ পিছত কুসুম্বৰৰ মৃত্যু হয়; আৰু তাৰ কিছু দিনৰ পিছত সত্যসন্ধাৰ মৃত্যু হয়। দৈত্যাৰি ঠাকুৰ ৰচিত পুথিত আছে, যে শঙ্কৰ জন্মৰ কিছু দিনৰ পিছত কুসুম্বৰৰ পৰলোক হয়, আৰু তেওঁৰ পত্নী সত্যসন্ধা সতী যায়। শঙ্কৰক তেওঁৰ বুঢ়ীমাক খেৰ শুতীয়ে তুলি-তালি ডাঙৰ কৰিছিল —

‘তাত পাছে যেন ভৈল তাক শুনিওক।
কতো দিনে কুসুম গৈলন্ত পৰলোক॥
দেখিলা ভাৰ্য্যায়ে তান মৰিলন্ত স্বামী।
মনত হৰিষে তেহোঁ গৈলা অনুগামী॥
কুসুম্বৰ মাতৃ শঙ্কৰৰ বুঢ়ী আই।
তেহেঁ তুলিলন্ত বৰ ভৈলা দুয়ো ভাই॥”

দৈত্যাৰি।

 আমি কিন্তু আমাৰ পিতৃদেবতা ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলো যে শঙ্কৰৰ জন্মৰ তিন দিনৰ ভিতৰতে মাক ঢুকাল আৰু খেৰশুতী বুঢ়ীআয়ে তেওঁক তুলিতালি ডাঙৰ-দীঘল কৰিছিল৷

 শঙ্কৰে লৰা কালত খুব উমলি ফুৰিছিল। দিনে ৰাতিয়ে তেওঁৰ ধেমালি ভিন্ন আন কাৰ্য্য নাছিল। ৰামৰাম গুৰুকে আদি কৰি লগৰীয়া লৰাবিলাকেৰে সৈতে তেওঁ ঘিলা খেদি কোটৰা খেলি, ভটা খেলি, লুকাভাকু খেলি ফুৰিছিল; জহ কালি ব্ৰহ্মপুত্ৰ নৈত নাদুৰি ফুৰিছিল; হৰিধ্বনি কৰি চাপৰি [ ১৯ ] ভেঁটি দি অধ্যাপকৰপৰা বিদায় লৈ উমলিবলৈ গৈছিল; অধ্যাপকে সেই ৰূপ আৰু কাপোৰ খেৰশুতী বুঢ়ী আইক ওভোতাই দিলত বুঢ়ীমাকে বুজ পাই শঙ্কৰক ডাবি দিলত হে সেই দিনাৰপৰা শঙ্কৰে ভালকৈ মন দি পঢ়িবলৈ ধৰিলে। চৰিত্ৰ-পুথিত লেখা আছে যে এদিন একাদশী তিথিত সকলো ছাতৰে পাঠ শেষ কৰি ঘৰাঘৰি গল; কিন্তু শঙ্কৰ পঢ়াশালিতে শুই থাকিল। তেওঁৰ শৰীৰত ৰদ পৰাত এটি সৰ্পই ফণাৰে ছাঁ দি আছিল, এনেতে মহেন্দ্ৰ কন্দলি আহি দেখা পালত সাপটো গুচি গল। সেই দিনৰপৰা কন্দলিয়ে শঙ্কৰক শঙ্কৰদেৱ বুলিবলৈ ছাত্ৰসকলক আজ্ঞা শুনাই দিলে আৰু কলে যে আজিৰপৰা শঙ্কৰে পঢ়াশালি মছিব নালাগে। এদিন ৰাঘৱাচাৰ্য্য পণ্ডিত পঢ়াশালিলৈ আহোঁতে ছাতৰবিলাকে তেওঁক এই বুলি গোচৰ দিলে যে সিহঁতৰ অধ্যাপক কন্দলিয়ে, শূদিৰৰ লৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ সিহঁতক আজ্ঞা দিছে, আৰু শঙ্কৰে পঢ়াশালি মাছিব নালাগে বুলি কৈছে। আচাৰ্য্যই এই কথা শুনি কন্দলিৰ ওপৰত খং কৰিছিল। কিন্তু ৰাতি আচাৰ্য্যই শুহ থাকোঁতে সমাজিকত দণ্ড পাই পিছ দিনা শঙ্কৰদেৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল বুলি চৰিত্ৰ-পুথিত আছে। চোকা বুদ্ধিৰ লৰা শঙ্কৰে অতি অলপ কালৰ ভিতৰতে বিদ্যা শিক্ষা কৰি অনেক শাস্ত্ৰ পঢ়ি বৰ পণ্ডিত হৈ পৰিছিল। অধ্যাপকে তেওঁক কোনো পাঠ এবাৰ দেখুৱাই দিলে দুনাই আৰু তাক দেখুৱাব লগীয়া নহৈছিল। বিদ্যাৰ সোৱাদ পাই শঙ্কৰে দিনে ৰাতিয়ে শাস্ত্ৰচৰ্চা শাস্ত্ৰালাপৰ বাহিৰে আন কথাত কালক্ষেপ নকৰিছিল। মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰৰ বুদ্ধিৰ প্ৰখৰতা আৰু অনায়াসে শাস্ত্ৰ আয়ত্ব [ ২০ ] কৰিব পৰা ক্ষমতা দেখি কুসুম্বৰক কৈছিল যে তেওঁৰ পুতেক “বিজয় পণ্ডিত” হব। শঙ্কৰদেৱে পঢ়া শেষ কৰি পঢ়াশালি এৰাৰ পিছত পিতৃ কুসুম্বৰে কন্দলিক মতাই আনি খুৱাই-বুৱাই দক্ষিণা দি বিদায় দিছিল। তাৰ পাছত শঙ্কৰে যোগশাস্ত্ৰ পাই যোগা- ভ্যাস কৰিবলৈ ধৰি সেই বিদ্যাত পৰম নিপুণ হৈ পৰিছিল, আৰু কুম্ভক যোগ আদি কৰি প্ৰাণ, অপান আদি বায়ু বশ কৰি লোকক তেওঁৰ ক্ষমতা দেখুৱাই আচৰিত কৰিছিল। এদিন তেওঁ যোগাসনত বহি কুম্ভক যোগ অভ্যাস কৰোঁতে তেওঁৰ দেহৰ গহ- নাদি ছিগি গৈছিল আৰু বাঁওহাতৰ বুঢ়া আঙ্গুলি মাটিত দি ভৰ দি থিয় হোৱাত পাৱ ওপবলৈ উঠা দেখি দৰ্শক লোকসকল আচৰিত হৈছিল। দৈত্যাৰি ঠাকুৰ বিৰচিত পুথিত আছে,—

“প্ৰাণ অপান সমান উদান আদি কৰি বায়ুচয়।
বশ্য কৰিলন্ত, চলাইবে-পাৰন্ত যি বায়ু যৈত লাগয়॥
বায়ুক ক্ষেপিয়া, উশাস ধৰিয়া, আসন ভিৰি হৰিষি।
থাকন্ত সদায়, সুনিশ্চল কায়, দিন দুই চাৰি বসি॥
জলে বুৰ দিয়া থাকন্ত বসিয়া জলৰ ভিতৰে যাই।
জল দূৰ কৰি, পৰ দুই চাৰি, জলে নিভিজয় কায়॥
বস্ত্ৰো নিভিজয়, শুখান থাকয়, উঠন্ত পুনু জলৰ।
বাহু প্ৰদেশত সৰসে বান্ধন্ত নবীন ডোৰে পাটৰ॥
বায়ু ক্ষেপি নিয়া, বাহু ওফন্দায়া, বায়ুৰ লন্ত প্ৰমাণ।
গাৱ পাট ডোৰ ছিণ্ডি ঝটৰাই পৰে কতো দূৰমান॥
আনো আনো মত কৰন্ত সতত বায়ু সমে ক্ৰীড়া আতি।
বেগে শাস্ত্ৰ মত ধৰি যোগ যত আচৰন্ত দিনে ৰাতি॥

[ ২১ ]

ধ্যান, ধাৰণা, সমাধি, আসন, প্ৰাণায়াম আদি যত।
বিষয়ত ৰতি ত্যজিয়া সম্প্ৰতি আচৰা মাত্ৰ সতত॥
শৰীৰৰ ছয় চক্ৰক ছিণ্ডন্ত মনত কৰি নিয়ম৷
পাছে ভাগৱত শাস্ত্ৰক পাইলন্ত সবাতো কৰি উত্তম॥
ভাগৱত তত্ত্ব জনিয়া পাছত এৰিলা যোগ অভ্যাস।’

 শঙ্কৰদেৱ দেখিবলৈ সুপুৰুষ আছিল, আৰু তেওঁৰ গাৰ বৰণ কেচা-সোণৰ বৰণ যেন আছিল। দৈত্যাৰি ঠাকুৰে লেখিছে , —

“দেখিতে সুন্দৰ গৌৰবৰ্ণ কলেৱৰ।
কৰন্ত প্ৰকাশ অতি সূৰ্য্য সমসৰ॥
ৰূপ দেখি কন্দৰ্পৰো দৰ্প হোৱে ছন্ন।
সৰ্ব্বজন ৰঞ্জি থাকে মধুৰ বচন॥
গমন গম্ভীৰ, নেত্ৰ কমলৰ পাসি।
চন্দ্ৰসম বদন প্ৰকাশে অল্প হাসি॥
সুবোধ সুথিৰ ধীৰ গম্ভীৰ সাগৰ।
প্ৰীতি বাঢ়ি যায় তান্ত সমস্ত লোকৰ॥”

মাধৱদেৱে লেখিছে ,—


‘দৰশিতে সুন্দৰ গৌৰ কলেৱৰ, যৈচন সুৰপৰকাশ।
সকলো সভাসদৰঞ্জন যাকেৰি দৰশনে পাপ বিনাশ॥
বিনা অঙ্গভূষণ দেখিতে সুশোভন, গহীন গম্ভীৰ ধীৰ মতি।
আয়ত কমল-নয়ন বৰ সুন্দ বয়ন চান্দকহো জ্যোতি॥
লীলা গজগতি গমন বিলোকন, বাণী মেঘ-গম্ভীৰ।
পাষণ্ডমৰ্দ্দন কলিক কালে যাক সম নাহি ধীৰ॥”

[ ২২ ]

 শঙ্কৰদেৱ যেনে শুৱনি পুৰুষ আছিল তেওঁৰ গাত তেনে বৰ বলও আছিল। চৰিত্ৰ-পুথিত আছে, – এদিন তেওঁ কমলি-ধৰা পৰমানন্দ আতৈৰে সৈতে বাটেদি যাওঁতে এটা দুষ্ট ষাঁড়ে তেওঁক খুচিবলৈ খেদি অহা দেখি, তেওঁ ককালত কাপোৰ বান্ধি লৈ দুই হাতে ষাঁড়টোৰ দুই শিঙ্গত ধৰি ঘাৰ মুচৰি তাক পিছহোঁহকাই পেলাই দিলত ষাঁড়টো মৃত্যতুল্য হৈ অলপমান পৰি থাকি, উঠি পলাই লৰ মাৰিলে।[১] [ ২৩ ]


 কছাৰীয়ে শঙ্কৰক ধৰিবলৈ তেওঁৰ ঘৰ-বেৰা দিলে। দুটা শকত ৰণুৱা কছাৰী তেওঁৰ ঘৰৰ দুৱাৰ-মুখত থিয় হৈ তেওঁক আগচি ধৰিলে। শঙ্কৰে কথা বিসঙ্গতি দেখি ভিতৰৰ পৰা ভো ভো-কৰে লৰি ওলাই আহি ঠেলা মাৰি কছাৰী দুটাক মাটিত পেলাই দি সিহঁতৰ গাৰ ওপৰত ভৰি দি গচকি ওলাই লৰ মাৰিলে; [২] দৈত্যাৰি॥ ইয়াৰপৰা, শঙ্কৰৰ কেনে সুস্থ আৰু সবল মনেৰে সৈতে সুস্থ আৰু সবল শৰীৰ আছিল, সেইটো ভালকৈ বুজিব পাৰি। ‘Mens sana in corpore sano ” অৰ্থাৎ একে আধাৰতে সুস্থ মন আৰু সুস্থ শৰীৰ যে মনুষ্যত্বৰ পূৰ্ণবিকাশৰ নিমিত্তে লাগতিয়াল এই লেটীন বাক্যই শঙ্কৰত সাৰ্থকতা লাভ কৰিছিল; আৰু এই নিমিত্তে শঙ্কৰে তেওঁৰ জীৱনত ইমানবোৰ কাম কৰিব পাৰিছিল, আৰু এই নিমিত্তেই তেওঁ দীৰ্ঘজীৱন লাভ কৰিছিল।

 শঙ্কৰদেৱে সুৰ্য্যাৱতী নামে এটা কায়স্থ কন্যা বিবাহ কৰি , গৃহস্থী হৈ হল। হৰিবৰ গিৰী নামে ভূঞা কায়স্থ এজন জগন্নাথ ক্ষেত্ৰলৈ তীৰ্থ কৰিবলৈ গৈছিল , এনে প্ৰবাদ আছে যে তাতে তেওঁৰ প্ৰতি জগন্নাথৰ স্বপ্নাদেশ হল, যে তেওঁৰ এজনী ছোৱালী হব যাক তেওঁ কুসুমবৰ ভূঞাৰ পুতেক শঙ্কৰলৈ বিয়া দিব

খালে খালে মহাভয়ে লৱৰি পলায়।
ৰঙ্গ মনে শঙ্কৰে আছয় তাক চাই।”—দৈত্যাৰি

[ ২৪ ]

লাগিব। এই ছোৱালীৰে নাম সুৰ্য্যাৱতী, আৰু এওঁকে মহাসমাৰোহেৰে পিছত শঙ্কৰদেৱলৈ বিবাহ কৰোৱা হৈছিল। শঙ্কৰদেৱে গৃহস্থাশ্ৰম ধৰ্ম্ম অতি সুন্দৰকৈ আচৰণ কৰি এজন আৰ্হি গৃহস্থ হৈছিল। [৩] সূৰ্য্যাৱতীৰ গৰ্ভত শঙ্কৰৰ মনু নামে এক কন্যাৰ জন্ম হয়। সেই কন্যা তেওঁ হৰি নামে কায়স্থ এজনলৈ বিয়া দিছিল। ইয়াৰ পিছত তেওঁৰ স্ত্ৰীৰ মৃত্যু হয়। শঙ্কৰৰ বিয়াৰ পিছতে কুসুম্বৰ ঢুকায়। পিতৃ আৰু স্ত্ৰীৰ মৃত্যুৰ পিছত শঙ্কৰৰ মনত বৈৰাগ্য উপস্থিত হৈ জীয়েক জোৱায়েকক ভায়েক বনগয়াঁ গিৰীৰ তত্ত্বাৱধানত থৈ পিতৃ মাতৃ আৰু স্ত্ৰীৰ অস্থিলৈ তেওঁ তীৰ্থ কৰিবলৈ গল। তীৰ্থলৈ যাওঁতে তেওঁৰ লগত ৰামৰাম গুৰু, মহেন্দ্ৰ কন্দলিকে আদি কৰি ১৭ জন লগৰীয়া যাত্ৰী গৈছিল। তীৰ্থ লৈ তেওঁলোক খোজ-কাঢ়ি গৈছিল। প্ৰথমতে শঙ্কৰে গঙ্গাঙ্গান কৰি পিতৃ মাতৃ আৰু পত্নীৰ অস্থি গঙ্গাত লগালে; তাৰ পিছত গয়ালৈ গৈ তেওঁলোকৰ পিণ্ড দিলে। গঙ্গাত ৯ দিন, গয়াত তিনি ৰাতি থাকি তাৰপৰা দহ দিনে আকেী গঙ্গালৈ আহি, একৈশ দিনে গৈ [ ২৫ ] শ্ৰীক্ষেত্ৰ পালেগৈ। পুৰীত তেওঁ ব্ৰহ্মপুৰাণৰ আখ্যানমতে ক্ষেত্ৰৰ মাহাত্মা ব্যাখ্যা কৰি আৰু আন আন শাস্ত্ৰবিষয়ত নিজৰ পাণ্ডিত্য প্ৰকাশ কৰি পাণ্ডাসকলৰ শ্ৰদ্ধা ভক্তি আকৰ্ষণ কৰিছিল। শ্ৰী ক্ষেত্ৰত শঙ্কৰদেৱ কিছুদিন থাকি তাৰপৰা বৃন্দাবনলৈ গল। বৃন্দা বনত তেওঁৰে সৈতে ব্ৰাহ্মণসকলৰ বাদ হৈছিল। সেই বাদত শঙ্কৰে ব্ৰাহ্মণসকলক পৰাস্ত কৰি তেওঁলোকৰ সমাদৰ লাভ কৰিছিল। বৃন্দাবনৰপৰা শঙ্কৰ মথুৰা আৰু দ্বাৰকালৈ গৈছিল। দ্বাৰকালৈ যাওঁতে তেওঁৰ লগত ১৭ জন সঙ্গীৰ ভিতৰত দুজন মাথোন গৈছিল। তেওঁলোকৰ নাম সৰ্ব্বজয় আৰু পৰমানন্দ। তাৰপৰা তেওঁ বাৰানসী, প্ৰয়াগ, সীতাকুণ্ড, বৰাহকুণ্ড, উত্তৰবাহিনী গঙ্গা আদি পৰিদৰ্শন কৰি অযোধ্যালৈ গৈছিল। অযোধ্যাৰ পৰা তেওঁ আকৌ বৃন্দাবনলৈ যায়। এইবাৰ তেওঁ বৃন্দাবনত থাকোঁতেই আসামত লেটেকুপুখুৰীত হৰশিঙ্গা বৰাৰ ঘৰত বৰকণাগিৰী বা গোবিন্দৰ এটি পুত্ৰ ওপজে যাৰ নাম মাধৱদেৱ। বৃন্দাবনৰপৰা শঙ্কৰদেৱ বদৰিকাশ্ৰমলৈ যায়। “মন মেৰি ৰাম চৰণহি লাগু” এই গীতটি শঙ্কৰদেৱে বদৰিকাশ্ৰমতে ৰচনা কৰে।

 এইদৰে শঙ্কৰদেৱে নানা তীৰ্থভ্ৰমণ কৰি বাৰ বছৰৰ মূৰত নিজৰ ঘৰ আলিপুখুৰীলৈ উভতি আহে। চৰিত্ৰ-পুথিত আছে যে শঙ্কৰদেৱ ইমান দিনৰ মূৰত ঘৰলৈ উভতি অহা শুনি তেওঁৰ বুঢ়ীমাক খেৰশুতীয়ে তেওঁক চাবলৈ উধাতুথাই ওলাই আহোঁতে খাটৰ খুৰাত উজুটি খাই পৰি তেওঁৰ ভৰিত ঘা লাগি বৰকৈ তেজ ওলাইছিল।—

“আসিল শঙ্কৰবৰ শুনি বুঢ়ী আই।
দিলা বেগে খাটত পৰিলা জুটি খাই॥

[ ২৬ ]

লাগিয়া খাটৰ খুৰা ঘাৱ ভৈল ভৰি।
কান্দিবে লাগিলা শঙ্কৰৰ গলে ধৰি॥
এতদিন বাপু তুমি কিসক নাসিলা।
সবাকে সম্বোধি দেৱশঙ্কৰ ৰহিলা॥”

ইমান বছৰৰ মূৰত শঙ্কৰদেৱক পাই জ্ঞাতি কুটুম্ব সকলোৱে আনন্দিত হৈ তেওঁক তেওঁৰ আগৰ আপোন কাৰ্য্য ভূঞাৰ বিষয় গ্ৰহণ কৰিবলৈ কলত তেওঁ উত্তৰ দিলে “মোক বিষয় নালাগে; বহু কষ্ট কৰি শাস্ত্ৰ পঢ়ি সাৰ পাইছোঁ; ঈশ্বৰৰ নাম লৈ বহি থাকিবৰ হে মোৰ ইচ্ছা।” ইয়াৰ পিছত পিতৃদেৱ কুসুমবৰৰ সৰিয়হ তলিত কীৰ্ত্তন ঘৰ সজাই নাম-কীৰ্ত্তন কৰি সুখেৰে কাল কটাবলৈ ধৰিলে। তীৰ্থৰপৰা উভতি অহাৰ পিছত জ্ঞাতি কুটুম্বসকলৰ অনুৰোধত শঙ্কৰদেৱে পুনৰ কালিন্দী নামে কন্যা বিবাহ কৰালে। দ্বিতীয় ভাগ জোনাকীৰ প্ৰবন্ধত এই দৰে আছে,—

 “যথাকালত গঙ্গাতীৰ্থ পাই তাত যথানিয়মে স্নান–দান কৰি তেওঁ লগৰ ভালেখিনি মানুহ উভতি ঘৰলৈ আহিল। তেওঁ তাৰ পৰা জগন্নাথ ক্ষেত্ৰলৈ গল। তেওঁৰ লগত আৰু বাৰজন জগন্নাথ ক্ষেত্ৰৰ যাত্ৰী আছিল, তেওঁবিলাকৰ নামৰ উল্লেখ চৰিত্ৰত আছে, যেনে; হয়গ্ৰীৱ, জগন্নাথ, নৰ্দ্দৈ, ৰুদ্ৰবৰ, কল্কি, কল্পতৰু, ধৰাধৰ, বিশ্বনাথ, গোৱৰ্দ্দন, সুৰথ, সুন্দৰ আৰু মনপুৰ। ওৰেষা পুৰীৰ জগন্নাথ মূৰ্ত্তি দৰ্শন কৰি আমাৰ প্ৰখ্যাত যাত্ৰী কেইজনা মহা আনন্দেৰে থাকিবলৈ ধৰিলে ক্ষেত্ৰৰ ডাঙ্গৰ পণ্ডিতসকলৰ লগত শাস্ত্ৰালোচনা কৰি শঙ্কৰদেৱে অনুপম তৃপ্তি লভিছিল। শঙ্কৰদেৱৰ সদালাপ, গভীৰ জ্ঞান আৰু সাধাৰণ ধৰ্ম্ম-ভাবত [ ২৭ ] ক্ষেত্ৰবাসী পণ্ডিত আৰু পাণ্ডাসকল বিস্মিত হৈছিল। পুৰীত ৫ মাহমান থাকি দক্ষিণ ভাৰতলৈ শঙ্কৰদেৱে যাত্ৰা কৰিলে। সেতুবন্ধ ৰামেশ্বৰ আৰু দক্ষিণ দেশৰ আন প্ৰসিদ্ধ তীৰ্থস্থানবিলাক, চাই তেওঁ পশ্চিম দেশলৈ খোজ ললে। বাৰানসী, প্ৰয়াগ, মথুৰা, বৃন্দাবন, কুৰুক্ষেত্ৰ, উপবদৰিকাশ্ৰম আদি পশ্চিম ভাৰতৰ প্ৰসিদ্ধ তীৰ্থ-স্থানবিলাক চাই আকৌ তেওঁ জগন্নাথ ক্ষেত্ৰলৈ উভতি আহিল; আৰু তাত কিছুদিন থাকি ঘৰলৈ মুখ কৰিলে। ঘৰৰ আৰু গাৱঁৰ সকলোৰে অনুপম প্ৰীতি, পৱিত্ৰ উৎসাহ আৰু উজ্জ্বল আশাৰ উৎসৱে তেওঁৰ প্ৰত্যাবৰ্ত্তনক অভ্যৰ্থনা কৰিছিল। তেওঁৰ এই ভ্ৰমণত ১২ বছৰ লাগে বুলি চৰিত্ৰত লেখা আছে। সি যি হওক এই তীৰ্থভ্ৰমণত অনেক বছৰ ষে লাগিছিল তাত কোনো সন্দেহ নাই। শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ বিশেষ বিবৰণ চৰিত্ৰত পোৱা নেযায়, কিন্তু এইটো থিৰাং যে এই ভ্ৰমণৰ পৰা তেওঁ বহুজ্ঞান, বহুদৰ্শিতা আৰু বহুশক্তি লাভ কৰিছিল। পাছৰ ডাঙ্গৰ কাৰ্য্যৰ নিমিত্তে এই ভ্ৰমণতেই যে তেওঁ প্ৰস্তুত হৈছিল তাৰ অলপো সন্দেহ নাই। এহ ভ্ৰমণেই তেওঁৰ হৃদয়ত জড় মূৰ্ত্তিৰ পূজাৰ অসাৰতা আৰু চৈতন্যময় ঈশ্বৰৰ পূজাৰ শ্ৰেষ্ঠতা দকৈ সুমাই দিয়ে, এই ভ্ৰমণতেই তেওঁৰ মনত দেশৰ হিত সাধনাৰ মহাব্ৰতৰ ভেঁটি শকতকৈ বন্ধা হয়, আৰু এই ভ্ৰমণেই তেওক আজি পৰ্য্যন্ত অসম ভূমিত অমৰ কৰি ৰাখিছে। পণ্ডিতৰ সমাজত তেওঁৰ নামৰ সন্মান আৰু মাহাত্ম্য, নামঘৰত ভকতৰ মুখত ভোৰ তালৰ ধ্বনিত তেওঁৰ নাম মিহলি হৈ প্ৰতিধ্বনিত হোৱা, বহাগৰ বিহুত বছৰৰ ন দিনৰ সম্ভাষণৰ হুচৰিত গৰখীয়া লৰাৰ গীতত [ ২৮ ] তেওঁৰ নামৰ উচ্চ ৰোল উঠা, বনুৱাই বন কৰোঁতে ভাগৰ পলুৱাবৰ নিমিত্তে তেওঁৰ ভণিত গীত গাই তৃপ্তিলাভ কৰাৰ মূল হৈছে তেওঁৰ এই ভ্ৰমণ, আক তেওঁৰ অসীম শক্তি।

 “শঙ্কৰদেৱৰ পূৰ্ব্বপুৰুষসকল দেবীৰ একান্ত উপাসক আছিল। তেওঁ দেশভ্ৰমণলৈ ওলোৱাৰ পূৰ্ব্বে তেওঁৰ ঘৰত দেবীৰ পুজা চলি আছিল। সেই পূজাত তেওঁৰ কিমান আস্থা আছিল তাক তেওঁৰ ভ্ৰমণৰ পূৰ্ব্বৰ মনৰ ভাব আৰু তেওঁৰ পাছৰ কাৰ্য্যৰ দ্বাৰাই জানিব পাৰি। কিন্তু তেওঁৰ বয়স কোমল থকাৰ বাবে মনৰ শক্তি সিমান প্ৰবল নথকাত, সংসাৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত নোহোৱা আৰু শিক্ষাৰ অধীনত থকাৰ বাবে বংশত চলি অহা পূজাৰ বিধি গুচাই তেওঁ তেওঁৰ মনৰ অনুৰূপ পূজাৰ বিধান থাপি ভাল ফল অনাৰ আশা নকৰিছিল। কিন্তু এতিয়া বিদেশ-ভ্ৰমণৰ পৰা আত্ম-প্ৰস্তুত হৈ আহি সংস্কাৰ কাৰ্য্যত নিজক নিযুক্ত কৰিবলৈ তেওঁ আৰম্ভ কৰিলে। শঙ্কৰৰ প্ৰথম আৰু প্ৰধান চিন্তা আৰু কাৰ্য্য হল একমাত্ৰ চৈতন্যময় ঈশ্বৰ হৰিৰ পূজা সাধাৰণত প্ৰচাৰ কৰা। এই সম্বন্ধে তেওঁৰ মনৰ সংস্কৃত ভাবৰ তেজৰ পৰিচয় চৰিত্ৰত পোৱা যায়। বিদেশৰ পৰা ঘূৰি আহিলত তেওঁক প্ৰীতি-ভোজন দিবৰ নিমিত্তে তেওঁৰ ভায়েক বনগঞা গিৰিয়ে ব্যৱহাৰ মতে এটা ছাগ দেবীৰ আগত বলি-কটা শালত দি বধ কৰে। ইয়াতে শঙ্কৰদেৱে বৰ অসন্তোষ পাই বহুদিনৰ অনুপস্থিতৰ পাচত প্ৰথম সন্মিলনৰ পৰা ওপজা আনন্দ কাতি কৰি থৈ ভায়েকক বিশেষৰূপে ভৰ্ৎসনা কৰে। তাৰ পাছে ভায়েকে আৰু এটা ডাঙ্গৰ জগৰ লগায়। বনগঞাই ককায়েকলৈ গাখীৰৰ নিমিত্তে গৰু আনিবলৈ বিচাৰি গৈ, জয়ন্তা [ ২৯ ] গিৰিৰ গৰুৰ জাকত সোমাই জনীচেৰেক গৰু আনিবলৈ ধৰে তাতে গৰখীয়াই আগভেটি গৰু নিয়াত বাধা জন্মায়। বনগঞাইও সেই সময়ৰ চলিত বন্দীবিলাকৰ ওপৰত ডাঙ্গৰীয়াসকলৰ সহজ ব্যৱহাৰৰ ভাবত, হাতত থকা যাঠিডাল গৰখীয়াৰ বুকুলৈ মাৰি তাৰ প্ৰাণ বধ কৰে। ভায়েকৰ এই নৃশংস কাৰ্য্যত শঙ্কৰদেৱে আন্তৰিক বেদনা পাই ভায়েকক ঘোৰ ভৰ্ৎসনা কৰে। তেওঁৰ সংস্কৃত মনৰ গতি এই ঘটনা দুটিৰ দ্বাৰাই জনা যায়।

 “তীৰ্থভ্ৰমণৰ পৰা আহি প্ৰথমতে তেওঁৰ একমাত্ৰ ধ্যানৰ হৰিনামৰ মহিমা, হৰিধৰ্ম্মৰ পৱিত্ৰতাৰ মৰ্ম্ম, তেওঁৰ বুঢ়ীমাক জয়ন্তদেৱৰ সহধৰ্ম্মিণীৰ ওচৰত প্ৰচাৰ কৰে। এই বুঢ়ী ধৰ্ম্মপৰায়ণা সতীয়ে, স্বামীয়ে বিধবা তিৰুতাৰে ঘৰ পূৰোৱা বাবে, স্বামীৰ পৰা আঁতৰ হৈ বেলেগে বাস কৰিছিল। জয়ন্তদেৱে যে শূদিৰ কুলীয়া বিধৱাকে তিৰুতাৰূপে ৰাখিছিল, তাৰ প্ৰমাণ, ৰামনন্দ ঠাকুৰৰ লেখা চৰিত্ৰত, শঙ্কৰদেৱ আৰু এই বুঢ়ীমাকৰ আলাপৰ পৰা পোৱা যায়। শঙ্কৰদেৱ বিদেশৰ পৰা আহিলত যেতিয়া জয়ন্তৰ ঘৰত ভোজন কৰিবলৈ নিমন্ত্ৰিত হয়, তেওঁৰ ঘৰলৈ যাওঁতে প্ৰথমে বুঢ়ীমাকৰ ঘৰত সোমায় , ইয়াতে বুঢ়ীমাকে জয়ন্তৰ ৰক্ষিত বিধৱা তিৰুতা সম্বন্ধে শঙ্কৰদেৱক কৈছে;—

“মোক বাজ কৰিলেক,   ৰাণ্ডিগণ আসিলেক
  সেহি লোকে বন্ধন কৰয়।’’

 উত্তৰত শঙ্কৰদেৱে এই “ৰাণ্ডীগণ" শব্দৰ অৰ্থৰ সন্দেহ ভাঙ্গি

দিছে। [ ৩০ ]

“বিধৱা সবৰ বন্ধা  অন্নক ভুঞ্জিবোঁ কেনে?
 উত্তম শূদ্ৰৰ বৰ দোষ”

[৪]


 ত্ৰিহুতৰ জগদীশ মিশ্ৰ নামে এজন ব্ৰাহ্মণে জগন্নাথৰ আগত শ্ৰীমদ্ভাৱত শাস্ত্ৰ পঢ়ি শুনাবৰ মনেৰে পুৰীলৈ গৈছিল। প্ৰবাদ আছে, ব্ৰাহ্মণে তাতে জগন্নাথৰপৰা স্বপ্লাদেশ পালে যে তেওঁ কামৰূপলৈ গৈ শ্ৰীশঙ্কৰদেৱক ভাগৱত শুনাওক। এই আদেশ মতে ব্ৰাহ্মণে সুধি সুধি দুমাহে আহি টেম্বুৱানি বৰদোৱা পালেহি। শঙ্কৰদেৱ সেই সময়ত তেওঁৰ পেহাক কেতাইখাঁক চাবলৈ কেতাইখাঁৰ নগব গাংমৌলৈ গৈ তাতে তিন দিন আছিল। ব্ৰাহ্মণে শঙ্কৰক বিচাৰি গাংমৌ পাই তাতে শঙ্কৰদেৱৰে সৈতে দেখা কৰি ভাগৱত শাস্ত্ৰ পাঠ কৰি শঙ্কৰদেৱক শুনাবলৈ ধৰিলে! যি দিনাই ভাগৱত শুনোৱা শেষ হল সেই দিনাই ব্ৰাহ্মণৰ তাতে মৃত্যু হল। সেই ভাগৱত শাস্ত্ৰ শঙ্কৰদেৱে পাই ভক্তিপন্থৰ বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ [ ৩১ ] কৰিলে। প্ৰথমতে তেওঁ ভাগৱতৰপৰা সাৰ উদ্ধার কৰি কীৰ্ত্তন পুথি ৰচনা কৰিলে। তাৰ পিছত গীত পদ ভটিমা চপয় আদি কৰিলে [৫]

 ৰামৰায়কে আদি কৰি জ্ঞাতিসকলে শঙ্কৰদেৱক কলে যে “আপুনি অনেক তীৰ্থত ভ্ৰমণ কৰি নানাৰকম উৎসৱ দেখি আহিছে, আমাক এটি আমোদজনক উৎসৱ দেখুৱাওক।” এই কথা শুনি ফাগুন মাহৰ পূৰ্ণিমা তিথিত শঙ্কৰদেৱে বৃন্দাবনী গোপালৰ দৌলোৎসৱ কৰি দেখুৱালে। তেতিয়াৰেপৰা আসামত ফল্গুৎসৱ বা ফাকুৱা প্ৰচলিত হল! কীৰ্ত্তন পুথিত ঠাই পোৱা “বঙ্গে ফাকু খেলে চৈতন্য বনমালী। দুই হাতে ফাকুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি॥” ঘোষা আৰু পদ এই উপলক্ষে ৰচিত হৈছিল।

 জ্ঞাতি বন্ধুসকলৰ অনুৰোধত শঙ্কৰদেৱে চিন্থযাত্ৰা ভাৱনা কৰিছিল। সেই ভাৱনালৈ গোলক-ধামকে আদি কৰি সপ্ত বৈকুণ্ঠৰ নক্সাৰে সৈতে শঙ্কৰে নিজ হাতে সুন্দৰ চিত্ৰপট (Scene) আঁকি দিছিল; যাত্ৰাত বজাবলৈ খোল নামৰ বাদ্য কুমাৰৰ হতুৱাই গঢাহ আৰু মুচিয়াৰৰ হতুৱাই ছোৱাই উলিয়াই দিছিল। আগেয়ে আসামত মৃদঙ্গ হে প্ৰচলিত আছিল, শঙ্কৰদেৱে কপিলীমুখৰ কুমাৰক মতাই আনি খোল গঢ়াবলৈ নমুনা দি কিছুমান মাটিৰ খোল প্ৰস্তুত কৰালে, আৰু শালমৰা গাৱঁৰ মুচিয়াৰক [ ৩২ ] মতাই খোলবোৰ ছোৱাই দি তাত লোৰ গুৰি আৰু কৰ্কৰা ভাতৰ কৰাল দি কেনেকৈ ঘুণ দিব লাগে সেই পৰ্য্যন্ত তেওঁ দেখুৱাই দিছিল। কঁহাৰৰ হতুৱাই মন্দিৰা, খুটিতাল, ভোৰ-তালকে আদি কৰি অনেক বিধৰ তাল প্ৰস্তুত কৰালে। ভায়েক বনগঞা গিৰীক গায়ন আৰু নিজে বায়ন হৈ, সৰ্ব্বজয় আৰু কমলি ধৰা পৰমানন্দক নতুৱা পাতি, আৰু আন আন সকলোকে ভাও ভগাই দি তেওঁ সেই ভাৱনা কৰিছিল। এয়েই আসামত প্ৰথম ভাৱনা আৰু খোল তাল আদি বাদ্যৰ প্ৰচলন।

 কছাৰীবিলাকেৰে সৈতে ভূঞাসকলৰ বিৰোধ চলি থকাত অশান্তি হোৱা বাবে শঙ্কৰদেৱ প্ৰমুখ্যে ভূঞাসকলে বৰদোৱা এৰি গাঙমৌত বসতি কৰে ৬৭ বছৰ বয়সৰ শঙ্কৰদেৱে বৰদোৱা এৰি গাঙমোলৈ যায়। বৰদোৱাত থাকোঁতেই শঙ্কৰদেৱে কীৰ্ত্তন পুথি ৰচনা কৰে। আৰু অনেক গীত ভটিমা নাট আদি ৰচনা কৰি সত্ৰ পাতি শিষ্য ভজাই ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰে। গাঙমৌত শঙ্কৰদেৱে নামঘৰ মণিকুট আদি সজাই সত্ৰ পাতি ধৰ্ম্মপ্ৰচাৰ কৰি পাঁচ বচৰ থকাৰ পিচত তাত ডফলাই দৌৰাত্ম্য কৰাত তাৰপৰা উঠি গৈ চাঙ্গনি নামে ঠাইত ছমাহ আছিল; তাতো সত্ৰৰ বিশেষ সুবিধা নোহোৱা বাবে তেওঁ ভাল ঠাই বিচাৰি ধুৱাঁহাট বা বেলগুৰিলৈ গৈ তাত সত্ৰ পাতি থাকে। হাতীয়া দলৈকে আদি কৰি জনদিয়েক বঙহৰ মানুহৰ ব্যৱহাৰত বিৰক্ত হৈ শঙ্কৰদেৱ কোমোৰাকটা নামে ঠাইত ছমাহ আছিল গৈ, পিছত জ্ঞাতি সকলে কাবৌ-কোকালি কৰি মতাত হে ছমাহৰ মূৰত তেওঁ

আকৌ বেলগুৰিলৈ আহে।

[ ৩৩ ]  শঙ্কৰদেৱ ধুৱাঁহাটত থাকোঁতে মণি-কাঞ্চণৰ যোগ হয়, অৰ্থাৎ মাধদেৱৰে সৈতে তেওঁৰ মিলন হয়, আৰু মাধৱদেৱে শঙ্কৰক গুৰু মানি তেওঁৰ শিষ্য় হয়। মাধৱদেৱেৰ বাপেকৰ নাম গোবিন্দ গিৰী, মাকৰ নাম মনোৰমা। গোবিন্দৰ আৰু তিনটা নাম আছিল,— দীঘৰপুৰীয়া গিৰী, বৰকণা গিৰী, আৰু লমকণা গিৰী। গোবিন্দৰ ঘাই ঘৰ বাণ্ডুকাত। বাণ্ডুকাত তেওঁৰ অনুচিতা নামে স্ত্ৰীৰ মৃত্য়ুৰ পিছত তেওঁৰ মনত বৈৰাগা হোৱাত পুতেক দামোদৰক তাতে থৈ তেওঁ টেম্বুৱানিলৈ আহি ভূঞাৰ সমাজত বাস কৰিছিল টেম্মুৱানি বৰদোৱাতে গোবিন্দে মনোৰমা নামেৰে কায়স্থ কন্যা এটা বিয়া কৰে। সেই কন্যাৰ গৰ্ভত মাধৱৰ জন্ম হয়। মাধৱ যেতিয়া মাকৰ গৰ্ভত পাঁচ মহীয়া, তেতিয়া ভোটৰ উপদ্ৰৱত ভূঞা সকলে টেম্বুৱানি এৰি পলালত, বৰকণা গিৰীও স্ত্ৰীৰে সৈতে পলাই গৈছিল। তেওঁলোকে নিজৰ বই বস্তু ৰূপ বান লৈ দোলাত উঠি হাবিলৈ পলাই গৈছিল। হাবিত দোলাৰপৰা তেওঁলোক নামি বৰ ভাগৰ লগাত অলপ জিৰাওঁতেই তেওঁলোকৰ দুৰ্ঘোৰ টোপনি আহিল, আৰু সেই সুযোগতে তেওঁলোকৰ দোলাভাৰী কেইটাই ধন বস্তু সোপাকে চুৰ কৰি লৈ পলাই গুচি গল। সিহঁতে তেওঁলোকৰ গাৰপৰা পিন্ধা-কাপোৰ পয্য়ন্ত শোলোকাই লৈ তেওঁলোকক উদং কৰি গৈছিল। স্বামী স্ত্ৰী দুয়ো সাৰ পাই নিজৰ এনে দুৰৱস্থা দেখি বেজাৰত বিমৰ্ষ হৈ তাতে বহি আছিল এনেতে স্ত্ৰীৰ বৰকৈ পিয়াহ লাগিলত, বৰকণা গিৰীয়ে পানী বিচাৰি গৈ ওচৰতে নৈ এখন পাই তাত গা ধুই পানী খাই ঘৈণীয়েকলৈ নলৰ চুঙাত পানী ভৰাই আনিবলৈ ধৰোঁতেই নৈয়েদি নাৱেৰে উজাই [ ৩৪ ] যোৱা হৰশিঙ্গা বৰাই তেওঁক তেনে অৱস্থাত দেখিবলৈ পাই নাও বগাই তেওঁক সুধি তেওঁৰ বিপদৰ কথা জানিব পাবি, তেওঁক আৰু তেওঁৰ সহধৰ্ম্মিণীক নিজৰ নাৱত তুলি লৈ গৈ আপোনাৰ ঘৰতে যত্ন কৰি ৰাখিলে। হৰশিঙ্গা বৰাৰ ঘৰৰ ওচৰতে লেটেকুপুখুৰী নামে ঠাইত ১৪১১ শকৰ জেঠৰ পূৰ্ণিমা তিথিত ৰবিবাৰে মাধৱ-দেবৰ জন্ম হয়।

 কিছুমান বছৰৰ পিছত বৰকণা গিৰীয়ে নিজৰ স্ত্ৰী আৰু পুত্ৰৰে সৈতে হৰশিঙ্গা বৰাৰ আশ্ৰয় এৰি ঘাঘৰি মাজি নামে এজন তেওঁৰ পুৰণি বন্ধুৰ ঘৰত আশ্ৰয় ললে ঘাঘৰি মাজিৰ ঘৰতে বৰকণা গিৰীৰ উৰ্ব্বশী নামে এটা কন্যা ওপজে, যাক পিছত তেওঁ গয়াপাণি বা ৰামদাসেৰে সৈতে বিয়া দিছিল তেওঁলোক ঘাধৰি মাজিৰ ঘৰত থাকোতেই মাধৱক উত্তৰি আৰু উৰ্ব্বশীক বিয়া দিবৰ হৈছিল দেখি, তাত বৰকণা গিৰীৰ স্বজাতিৰ লোক নথকা বাবে তেওঁ ছোৱালীজনী বিয়া দিবৰ নিমিতে কায়স্থকুলীয়া লৰা বিচাৰি নাৱেৰে টেম্বুৱানিৰ ফালে যাত্ৰা কৰি আছিল। টেম্বুৱানিলৈ আহেঁতে বাটতে বৰকণা গিৰীয়ে ৰতা বা ৰৌতা নামে ঠাইত হোকোৰাকুচি নিবাসী গয়াপাণি নামেৰে কায়স্থকুলীয়া লোক এজন পাই, তেওঁৰ সৈতে উব্বশীক বিয়া দি, জোৱাঁয়েকৰ ঘৰৰ ওচৰতে নিজলৈ ঘৰ সজাই বসতি কৰিলে! তাতে তেওঁ মাধৱকো উপনয়ন দিলে। কিছুমান দিনৰ পিছত জোৱাঁয়েক গয়াপাণিৰ ঘৰতে স্ত্ৰী আৰু কন্যাক থৈ বৰকণাগিৰীয়ে মাধৱক লগত লৈ তেওঁ পুৰণি ঘৰ বাণ্ডুকালৈ উভতি গল। বাণ্ডুকাত তেওঁৰ বৰ পুতেক দামোদৰ আছিল। বহুকালৰ মূৰত দামোদৰে পিতাকৰ পাই, আৰু ন ভায়েক মাধৱক দেখি পৰম আনন্দিত হল, আৰু [ ৩৫ ] এটাই কেইজন একেলগে প্ৰীতিৰে বাস কৰিবলৈ ধৰিলে। বাণ্ডুকাতে মাধৱে লেখা-পঢ়া শিকি ন্যায়, তৰ্ক, নীতি প্ৰভৃতি শাস্ত্ৰ অধ্যয়ন কৰি অলপ কালৰ ভিতৰতে শাস্ত্ৰজ্ঞ পণ্ডিত হৈ উঠিল। বাণ্ডুকাতে বৰকণাগিৰীৰ মৃত্যু হয়। পিতৃবিয়োগৰ পিছত মাধৱে ককায়েক দামোদৰৰে পৈতে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াদি সমাপন কৰিলে আৰু তাৰ পিছত মাতৃ দৰ্শন কৰিবৰ অৰ্থে তেওঁ টেম্বুৱানিলৈ উভতি আহিল। মনোৰমাই পুতেকৰ মুখৰপৰা স্বামীৰ মৃত্যুৰ বাতৰি শুনি বৰকৈ শোক কৰি বৈধব্য ব্ৰত অৱলম্বন কৰি ৰল। ইয়াৰ ‘পছত মাধৱে আকৌ বাণ্ডুকালৈ গৈ ককায়কেৰে সৈতে ব্যৱসায় কৰি জীৱন নিৰ্ব্বাহ কৰিবলৈ ধৰিবলে। কিন্তু কিছুদিন সেইকায্য কৰি থকাৰ পিছত বিলাতৰ ভাগ লৈ ককায়েকেৰে সৈতে তেওঁৰ মন্যন্তৰ হলত তেওঁ মেলুৱাই গোটাই শোধ কৰাই সেই দন্দৰ মীমাংসা কৰালে। লাহে লাহে মাধৱে স্পষ্টকৈ দেখিবলৈ পালে যে সেই কাৰ্য্যত অনেক অধৰ্ম্মাচৰণ হয়, সেইদেখি তেওঁ ককায়েকক নয়ৰ ভাগৰ ব্যৱসায় কাৰ্য্য এৰি দি খেতি কৰিবলৈ ধৰিলে। ইয়াৰ কিছু কালৰ পিছতে তেওঁ টেম্বুৱানিত তেওঁৰ মাকৰ বৰ নৰীয়া বুলি শুনি লৰালৰিকৈ মাকক চাবলৈ টেম্বুৱানিলৈ যাত্ৰা কৰিলে। বাটত আহোঁতে তেওঁ মাকৰ নৰীয়া ভাল হবৰ নিমিত্তে শৰৎকালৰ দুৰ্গাপূজালৈ দুটা বগা ছাগ আগ কৰিলে। টেম্বুৱানি পাই মাধৱে দেখিলে যে মাকৰ নৰীয়া ভাল হৈছে। সেই দেখি তেওঁ বৈনায়েক গয়াপানিৰ হাতত এটকা ৰূণ দি গোঁসানীপূজাৰ নিমিত্তে বগা ছাগ দুটা কিনি আনি তেওঁক দিবলৈ কলে। গয়াপাণিয়ে ইয়াৰ আগেয়েই শঙ্কৰদেৱত শৰণ লৈ বৈষ্ণৱধৰ্ম গ্ৰহণ কৰিছিল, সেই [ ৩৬ ] দেখি গোঁসানীৰ আগত বলি দিবলৈ পাঠা আমি দিয়াটো তেওঁৰ পক্ষে অসম্ভৱ কাৰ্য্য হৈছিল। দিনৌ মাধৱে বৈনায়েকক “পাঠা আনিছা নে" বুলি সোধে, আৰু বৈনায়েকে ঘুৰাই পকাই সেট কথাৰ ঠিক উত্তৰ নিদি "বিচাৰিছোঁ” “আনিম” ইত্যাদি কথা কৈ গা সাৰে। দুৰ্গা-পূজাৰ ওচৰ চাপিল। এদিন মাধৱে বৈনায়েকেৰে সৈতে মজিয়াত বহি ভাত খাওঁতে খং কৰি বৈনায়েকক সুধিলে—

“হোঁকোৰাকুচীয়া তুমি বুদ্ধিত পগল।
কিয় আনি নেদা মোক পূজাৰ ছাগল?”

এই দৰে কৈ মাধৱে বৈনায়েকৰ ওপৰত বৰকৈ খং কৰিলত, বৈনায়েকে তেওঁক উত্তৰ দিলে,—

“আমাৰ আগত দেখোৱাহা বৰগোট।
শঙ্কৰৰ আগত হৈবাহা লোটসোট॥”

এই উত্তৰ শুনি মাধৱে আচৰিত হৈ বৈনায়েকক শুধিলে, "মোতকৈ ও কোনোবা ডাঙ্গৰ পণ্ডিত আছে নে?” ৰামদাসে উত্তৰ দিলে “তুমিয়ে নিজক বৰ পণ্ডিত বুলি অহঙ্কাৰ কৰা হবলা? বাৰু কাইলৈ তোমাক শঙ্কৰদেৱৰ ওচৰলৈ লৈ যাম।” মাধৱে এই কথাত মান্তি হৈ পিছদিনা ৰাতিপুৱা স্নান কৰি গুৱা পান লৈ ৰামদাসেৰে সৈতে নৈ পাৰ হৈ শঙ্কৰৰ থান পাই শঙ্কৰদেৱৰে সৈতে সাক্ষাত কৰিলে। ৰামদাসে শঙ্কৰদেৱৰ আগত মাধৱৰ পৰিচয় দিলত শঙ্কৰে কলে “এৰা, মনোৰমা বাইৰ পুত্ৰ বৰ এটা হৰ্ল; মূৰে মূৰে ঠেকা লাগিলেও চিনি নেপাওঁ।

[ ৩৭ ]  ইয়াৰ পিছত দেবীৰ আগত কিয় ছাগ বলি দিব নাপায়, আৰু দেবী পূজা কিয় কৰিব নাপায়, এই কথা লৈ শঙ্কৰ আৰু মাধৱৰ বাদ হয়। শঙ্কৰে নিবৃত্তি মাৰ্গৰ শাস্ত্ৰৰ প্ৰমাণ আৰু মাধৱে প্ৰবৃত্তি মাৰ্গৰ শাস্ত্ৰৰ প্ৰমাণ উদ্ধাৰ কৰি বাদ কৰি থাকোঁতে বেলি তিনি পৰীয়া হলগৈ।

এনেতে শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱতৰপৰা—

“যথা তৰোৰ্মূল নিষেচনেন।
তৃপান্তি তৎস্কন্ধ ভুজোপশাখাঃ॥
প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়ানাং।
তথাচ সব্বাৰ্হ নমুচ্যতেজ্যা॥

 এই শ্লোকটো মাতিলে। মাধৱে শ্লোকটে শুনা মাত্ৰকতে কেৱল একমাত্ৰ কৃষ্ণদেৱ হে উপাস্য বুলি মনত থিৰ কৰি শঙ্কৰদেৱক গুৰু মানি সেৱা কৰিলে। মাধৱে হঠং শঙ্কৰদেৱক সেৱা কৰিলত শঙ্কৰদেৱে ভাবিলে যে মাধৱে বিদায় লবৰ মনেৰেহে তেনে কৰিলে। সেই দেখি শঙ্কৰদেৱে তাৰ কাৰণ সুধিলত মাধৱদেৱে কলে “বাপ, আহিয়েই প্ৰথমতে তোমোৰাক আমি ভূঞা বৰলোক বুলি সেৱা কৰিছিলোঁ, এতিয়৷ গুৰু মানি সেৱা কৰিছোঁ।” শঙ্কৰদেৱে যদিও মাধৱদেৱৰে সৈতে তেওঁৰ মিলন হেৱাৰ আগেয়ে ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰি অনেকক শিষ্য কৰি নমধৰ্ম্ম প্ৰচাৰ কৰিছিল, তথাপি মাধৱদেৱৰে সৈতে লগ লাগিবৰপৰা সেই ধৰ্ম্ম প্ৰচাৰব বল অনেক গুণে বাঢিল। মাধৱদেৱ, মাধৱদেৱৰ বৈনাই ৰামদাস, ৰামৰাম গুক, ৰন্তাকৰ কলি, ব্যাসকলাই বাপু [ ৩৮ ] আদি ভক্তসকলেৰে সৈত শকৰদেৱে হৰিসংকীৰ্ত্তনৰ চলেবে উজনি-আসাম বুৰাই পেলাইছিল। [৬] “শঙ্কৰদেৱে ৰত্নাকৰ কন্দলিক[৭] প্ৰত্যহ গীতা পাঠ কৰিবলৈ দিয়ে, ব্যাসকলায়ে হৰিধ্বনি কৰি সকলোকে ৰামনাম বোলাই তাৰ অৰ্থ বাখ্যা কৰি দিয়ে। এইদৰে শঙ্কৰে প্ৰচাৰ কৰা হৰিভক্তি মানুহৰ মাজত চলাত পূজা আৰ্চ্চা আদি বামুণীয়া কামত ব্যাঘাত হবলৈ ধৰিলে। সেইদেখি ব্ৰাহ্মণসকলে অসূয়া কৰি শঙ্কৰৰ নামে আহোমৰজা চুহুমুং স্বৰ্গদেৱৰ ওচৰত গোচৰ দিলে। ৰজাৰ ৰচৰত শঙ্কৰদেৱৰ জয় আৰু ব্ৰহ্মণসকলৰ পৰাজয় ঘটিল।

 একালত অসম ৰজাৰ হাতী ধৰিবাৰ মন হল। ৰজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ হাতী ধৰিবৰ নিমিত্তে লোকজন পঠিয়ালে। ভূঞাসকলক হাতী খেদা পাল দিলে। শঙ্কৰৰ বংশীয় ভূঞাসকলে ঘি [ ৩৯ ] ফালে পাল পাইছিল, দুৰ্ভাগ্যবশতঃ সেই ফালেই হাতী ভাগি গল এই দোষত শঙ্কৰদেৱকে প্ৰমুখ্য কৰি ভূঞাসকলক ধৰি নিবলৈ ৰজাৰ আদেশ হল। শকৰদেৱকে আদি কৰি ভূঞাসকল পলাই সাৰিল, কিন্তু শঙ্কৰদেৱৰ জোৱায়েক হৰি আৰু মাধৱদেৱ ধৰা পৰিল। ৰজাই মাধৱদেৱক লৰা তিৰুতা নথকা উদাদীন দেখি এবছৰ বন্দী কৰি থৈ এৰি দিলে, আৰু হৰি জোৱাঁইক কটালে[৮] অসম ৰজাৰ এই দৌৰাত্ম্যত ঘৃণা প্ৰকাশ কৰি শঙ্কৰদেৱে উজনি-আসাম পৰিত্যাগ কৰি জ্ঞাতি কুটুম্ব সকলেৰে সৈতে ভটীয়াই গুচি গেল। তেওঁ ভটীযাই গৈ ক্ষেত্ৰি মৌজাৰ কাপালা নামে ঠাঠত সত্ৰ পাতি ছমাহ আছিল , কিন্তু সেই ঠাইত লগৰীয়া অনেক ভকতৰ জৰ নৰীয়া হৈ মৃত্যু হোৱাত চূণ-পোৰাত সত্ৰ পাতি ৰল গৈ। শঙ্কৰদেৱে চূণপোৰাত ছমাহ থাকি তাত আচল পাই তাৰপৰা কুমাৰকুঁচিত সত্ৰ পাতি তাত এবছৰ থাকি তাতে অসুবিধা পাই তাৰপৰা পাটবাউসীলৈ গৈ তাত সত্ৰ পাতি আছিল।

 ইয়াৰ পিচত শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ ছিল; লগত মাধৱদেৱকে আদি কৰি ১০o৷১৫০ ভকত গৈছিল। এইবাৰ তেওঁ যাওঁতে কবীৰৰ মঠ দৰ্শন কৰিছিল। জগন্নাথত চৈত্যদেৱৰে সৈতে তেওঁৰ দেখা হৈ অনেক শাস্ত্ৰালাপ হৈছিল। পুৰীৰপৰা বৃন্দাবনলৈ শঙ্কৰদেৱ যাব যোজাত মাধৱদেৱে নাযাওঁ বুলি কোৱাত যোৱা নহল। তীৰ্থৰপৰা উভতি আহি শঙ্কৰদেৱে [ ৪০ ] পাটবাউসীতে নিগাজী সত্ৰ থাপন কৰি শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ স্থূল মৰ্ম্মানুসাৰে বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰি আছিল। হিড়িম্বৰ ৰজাই শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্ম গ্ৰহণ কৰিবৰ ইচ্ছা প্ৰকাশ কৰাত, মাধৱ দেৱৰ হতুৱাই শঙ্কৰদেৱে সেই ৰজাক ধৰ্ম্ম দিয়াইছিল। চিলাৰায় দেৱানে ৰামৰায় আতাৰ কন্যা ভুবনেশ্বৰী পত্নীৰপৰা শঙ্কৰৰ গুণ শীল শুনি শঙ্কৰক মতাই নি বৈষ্ণৱধৰ্ম্ম গ্ৰহণ কৰি শঙ্কৰদেৱেৰ শিষ্য হৈছিল। শঙ্কৰৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম্মৰ প্ৰভাৱ বেছি হৈ ব্ৰাহ্মণ - সকলৰ অৱলম্বিত তন্ত্ৰোক্ত ক্ৰিয়াকলাপৰ ব্যাঘাত হোৱাত ব্ৰাহ্মণ সকলে শঙ্কৰদেৱক দ্বেষ কৰিবলৈ ধৰিলে। কোচবেহাৰৰ ৰজা নৰনাৰায়ণক ব্ৰাহ্মণসকলে শঙ্কৰৰ বিপক্ষে নানা কথা লগাবলৈ ধৰাত ৰজই পাটবাউসীৰপৰা শঙ্কৰদেৱক ধৰাই নিবলৈ মানুহ পঠিয়ালে। এই বাতৰি পাই তাৰ আগেয়েই চিলাৰায় দেৱানে শঙ্কৰদেৱক লৈ গৈ নিজৰ ঘৰত থৈছিল*। তাৰ পিছত দেবানৰ

অন্ততৰে যেন ভৈল তাক শুনিয়োক
সমস্তৰ ৰাজ্যক নষ্ট কৰিলে শঙ্কৰ।
ব্ৰাহ্মণৰ স্ত্ৰীয়ো সেৱা কৰে শঙ্কৰক।
পিতৃৰ গৃহত পুত্ৰ নকৰে ভোজন।
কৈবৰ্ত্ত কলিতা কোঁচ ব্ৰাহ্মণ সমস্ত৷
অন্ন ৰান্ধি জগন্নাথ প্ৰসাদ কৰয়।
ব্ৰাহ্মণৰো গুৰু হুই দেয় উপদেশ।
হেন শুনি নৃপতিৰ ভৈল কোপমন।
হেনয় অনীতি যিটো ৰাজ্যে প্ৰৱৰ্ত্তয়।
চাৰি গাৰমলি যাই আন শঙ্কৰক।
কৰিবোঁ বিচাৰ এহ্ন হুই নিষ্ঠে যেবে।
নিষ্ঠ কৰি বোলো মাংস হেঙ্গালে খুৱাইবোঁ।
যদি মই নৰনাৰায়ণ ৰাজা হওঁ।

   

ৰাজাৰ আগত খল দিলে বিপ্ৰলোক।
শুদ্ৰ হুয়া নমস্কাৰ লৱে ব্ৰাহ্মণৰ৷
ঘৰে ঘৰে দিয়া ফুৰাৱয় পাদোদক।
বোলে নতু লস তই হৰিত শৰণ।
একে লগে খায় দুধ চিৰ কল যত।
ই গাঁৱে সি গাঁৱে তাক দিয়া ফুৰাৱয়।
শয্যা দান আতি যত লৱয় বিশেষ॥
মহাক্ৰোধ কৰি ৰাজ্য বোলয় বচন।
ছত্ৰভঙ্গ ৰাজাৰ প্ৰজাৰ দুঃখ হয়।
অনাচাৰ কৰি নষ্ট কৰিলে ৰাজ্যক॥
ছাইবোঁ দামা সত্যে শঙ্কৰৰ ছালে তেবে॥
শঙ্কৰৰ হাড়ে নিষ্ঠ অগনি পুৱাইবোঁ।
তেবে শঙ্কৰক নিশঙ্কৰ কৰিথওঁ।

[ ৪১ ] ঘৰৰপৰা আহি শঙ্কৰদেৱে ৰজাক সাক্ষাত কৰাত শঙ্কৰদেৱৰ

পাণ্ডিত্য আৰু ধৰ্ম্মজ্ঞান দেখি ৰজাই তেওঁৰ প্ৰতি ভক্তিযুক্ত হৈ ব্ৰাহ্মণসকলৰ ওপৰত বিৰক্তি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত ৰজা শঙ্কৰদেৱৰ পৰম অনুৰাগী হৈ পৰিছিল।। ৰজাৰ দৰবাৰত ব্ৰাহ্মণসকলৰ ওপৰত শঙ্কৰদেৱে জয় লাভ কৰি পাটবাউসীলৈ উভতি আহিল। ইয়াৰ পিছত নৰনাৰায়ণ ৰজাই শঙ্কৰদেৱক আকৌ এবাৰ কোচবেহাৰলৈ মতাই নিছিল। এইবাৰো শঙ্কৰ দেৱে ৰজাৰ ওচৰত ছমাহ থাকি পাটবাউসীলৈ উভতি আহিল। কিছুদিনৰ পিছত ৰজাই আকৌ মানুহ পঠিয়াই শঙ্কৰদেৱক নিজৰ ওচৰলৈ লৈ গল। এইবাৰ ৰজাই শঙ্কৰদেৱেৰ ওচৰত শৰণ লৈ শিষ্য হবৰ ইচ্ছা প্ৰকাশ কৰাত প্ৰথমতে শঙ্কৰদেৱে অনিচ্ছা প্ৰকাশ কৰাতো ৰজাই নেৰাত তেওঁ সম্মত হৈ ‘আজি ব্ৰতে উপ বাসে থাকক , কাইলৈ যি হয় কৰা যাব” বুলি কৈ বহালৈ উভতি আহিল। পিছদিনা শঙ্কৰদেৱৰ যোৱাত পলম হোৱাত ৰজাই তেওঁক লৈ যাবলৈ দোলা মানুহ পাঠিয়াই দিলে। ৰজাৰ মানুহে দোলা লৈ অহা দেখি শঙ্কৰদেৱে কলে যে “বাৰু যাব লাগে যদি ভালকৈয়ে যাম। ” এই বুলি তেওঁ হাত মুখ ধুই নতুন কাপোৰ পিন্ধি অশ্বষ্ঠ গছৰ তলত যোগাসনত বহি (১) “পাৱে পৰি হৰি, কৰোহোঁ কাতৰি, পাণ ৰখবি মোৰে। বিষয় বিষধৰ বিষে জৰ--

এহি কথা চিলাৰায় দেৱানে শুনিয়া৷
একশত টকাৰ টোপলি দিবোঁ তোক।
আনিলেক শঙ্কৰক দেৱানে শুনিল।
আসিলাহা বাপু বুলি আলিঙ্গি ধৰিল।
তহিতে শঙ্কৰদেৱ হৰিষে ৰহিল।

   

চেঞ্চাই মাসিক চাই বুলি মাতিয়া।
ঝাণ্ট কৰি শঙ্কৰক আনি দেহ মোক।
গৃহহন্তে আথেবেথে ৰজাই আসিল।
সাদৰ কৰিয়া অভ্যন্তৰ লাগি নিল।--
দৈত্যাৰি৷

[ ৪২ ] জৰ, জীৱন নাৰহে থিৰে॥” (২) “মন মেৰি ৰাম চৰণ হি লাগু,

তই দেখনা অন্তক আগু॥’ (৩) “পামৰ মন ৰাম চিত্তক দেহু। অথিৰ জীৱন, ৰাম মাধৱকেৰি নাম মৰণক সম্বল লেহু,” এই তিনটা গীত গাই নাম উচ্চাৰণ কৰি ১৪৯০ শকৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত প্ৰাণ ত্যাগ কৰিলে। শঙ্কৰদেৱৰ এনে মৃত্যুৰ বাতৰি শুনি নৰনাৰায়ণ ৰজাই অনেক শোক কৰি কৈছিল,— “মই অধমৰ নিমিত্তেই গুৰুজন চলিল; নতুবা তেখেত আৰু বা কতদিন থাকিলহেঁতেন।” কিছু বেলিৰ মুখত ৰজাই শোক সংবৰণ কৰি ৰাজ-ভঁৰালপৰা চন্দন কাঠ ঘৃতাদি বস্ত্ৰ দিয়াই মহা সমাৰোহৰে শঙ্কৰদেবৰ দহনাদি কাৰ্য্য কৰালে।

⸻০⸻

তৃতীয় আধ্যা।

 শঙ্কৰদেৱ ভাগৱতী বৈষ্ণবধৰ্ম্ম প্ৰচাৰ কৰিবৰ নিমিত্তে যি বোৰ গ্ৰন্থ ৰচনা কৰিছিল, তাৰ ভিতৰত কীৰ্ত্তনঘোষায়েই প্ৰধান। শিক্ষিত অশিক্ষিত য মতা তিৰুতা সকলোৱে বুজিব পৰাকৈ অতি শুৱলা অসমীযা ভাষাত তেওঁ এই অমূল্য গ্ৰন্থ কীৰ্ত্তন ঘোষাখন ৰচনা কৰিছিল। তেওঁ শ্ৰীমদ্ভাগৱত, গীতা, পদ্মপুৰাণ, ব্ৰহ্মপুৰাণ আদি শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি সঙ্কীৰ্ত্তন কৰিব পৰাকৈ গীতৰ ছন্দত কীৰ্ত্তন পুথিখন কৰিছিল; আৰু বাস্তবিকপক্ষত তেওঁ তাত সম্পূৰ্ণৰূপে কৃতকাৰ্য্যও হৈছিল। ধৰ্ম্ম-প্ৰচাৰ, ধৰ্ম্ম-শিক্ষা, আৰু ধৰ্ম্ম-জীৱন গটিবৰ নিমিত্তে ভাৰতবৰ্ষৰ কোনো ভাষাত কোনো প্ৰদেশত মামাৰ এই অসমীয়া কীৰ্ত্তন পুথিখনৰ নিচিনা সৰ্ব্বাঙ্গ সুন্দৰ বুহৎ পুথি যে নাই সেইটো আমি ডাঠকৈ কব পাৰোঁ।

  1. "দিনেক শঙ্কৰদেৱ কৰিয়া ভোজন।
    কৰি মুখ শুদ্ধি পথে কৰন্ত গমন॥
    খান চাৰি গুৱাপান বাম হাতে ধৰি।
    চলন্ত পথত আতি লীলাগতি কৰি॥
    সেহি বেলা ষাণ্ড এক আগে উপগত।
    দেখিয়া শঙ্কৰদেৱ গুণন্ত মনত॥
    হঠাতে বাজিলোঁ পলাইবাক নপৰিলোঁ।
    দিবে দুখ ইটো মোক অৱশ্যে জানিলোঁ॥
    বাৰম্বাৰ ইটো মনুষ্যক মাৰিছয়।
    শিঙ্গ পাতি শঙ্কৰক খেদিয়া আসয়॥
    আছন্ত শঙ্কৰদেৱ বহি তাক চাই।
    মনে গুণি আন একো নাপান্ত উপায়॥
    গুৱাপান এৰি দুই হাতে দুই শিঙ্গে।
    ধৰিয়া দিলন্ত ডাবি অতি বৰ ৰিঙ্গে॥
    পাছক লাগিয়া হেম্পোচিয়া তাঙ্ক নেন্ত।
    এৰাইবোঁ কিমতে বুলি মনত গুণন্ত॥
    দুই ভিতি খাল দিশ নাহি পলাইবাক।
    বাম পাশে খালত পেহ্লাইলা চিতে তাক॥
    খালে পৰি ধৰফৰ কৰে অতিশয়।
    ভয় হুয়া চাৰিও চৰণ আছাৰয়॥
    উঠি মল মূত্ৰ ত্যজি শঙ্কৰদেৱক।
    দেখিয়া পলায় আৰ নচাৱে পাছক॥

  2. কছাৰী মুনিষ দুই দুৱাৰত থিত।
    কিমতে পলাইবোঁ মনে মনে আলোচিলা।
    হেম্পোচিয়া চিতে পেহ্লাইলন্ত দুয়োজন।

       

    হেন দেখি শঙ্কাৰে ভৈলন্ত ভয়ভীত॥
    ভিতৰৰপৰা বৰ বেগে লৰ দিলা॥
    গৰকিলা দুইকো দিয়া বুকুত চৰণ॥

  3. ইষ্টগণ সঙ্গে, এক কাল ৰঙ্গে , মনত মহা উৎসাহ।
    ৰূপে বিতোপোন কন্যা একখানি কৰিল তেহোঁ বিবাহ॥
    গৃহাশ্ৰমে থাকি ধৰ্ম্ম আচৰন্ত শাস্ত্ৰক যেন বিহিত।
    স্নান তৰ্পণ সন্ধ্যা বন্দন আচৰন্ত কৰ্ম্ম নিত॥
    দুখী দৰিদ্ৰক,, প্ৰাৰ্থক জনক অন্ন বস্ত্ৰ দেন্ত মাতি।
    ইষ্ট বান্ধৱক, জ্ঞাতি মিত্ৰক পোষন্ত পালন্ত জাতি॥
    দাসী দাস যত সবাকে যতত মাতন্ত মধুৰ বাণী।
    হেন নাহিকয় তাহান বাকাত দুখ পাৱৈ কোনো প্ৰাণী॥
    আন লোক যত সবাকে ৰঞ্জন্ত, যাক যথোচিতভাৱে।
    সদয় হৃদয় যেন জলময় কৃপালু গুণ স্বভাৱে।   দৈতাৰি।

  4. “শ্ৰীযুক্ত জোনাকী সম্পাদক মহাশয় নিবেদন,

     ২য় ভাগ জানাকীত ওলোৱা ৺শ্ৰী শ্ৰীশঙ্কৰদেৱৰ চৰিত্ৰত অনেক অমূলক আৰু অশুদ্ধ কথা আছে। লেখকে ভৱানীপুৰীয়া গোপাল আতাৰ পথাৱলম্বী ৰমানন্দ নামে লোক এজনে ৰচা চৰিত্ৰ পুথি চাই এই চৰিত্ৰ লেখিছে যেন অনুমান হয়। সেই ৰমানন্দ শ্ৰীশঙ্কৰ দেৱৰ পুত্ৰ ৰমানন্দ ঠাকুৰ দেৱ নহয়। তেওঁৰ দ্বাৰায় ৰচিত চৰিত্ৰ সন্ত-সাধুৰ গ্ৰহণীয় নহয় , কাৰণ তাত বহুত যোৰা দিয়া মিছা কথা আছে। কায়স্থ জাতিৰ ভিতৰত বিধৱা গ্ৰহণ কৰা নিয়ম নাই গ্ৰহণ কৰিলে জাত্যন্তৰ হয়। কিন্তু জোনাকীৰ ‘শঙ্কৰ দে”ৱ প্ৰৱন্ধত এনে অসম্ভৱ কথা লেখা হৈছে। জোনাকীত, ডাল পাত নোযোৰোৱা আৰু শুদ্ধ কথা থকাহে বাঞ্ছনীয়, আৰু তেনে হলেহে সি সকলোৰে আদৰণীয় হব। এতেকে আপোনাক এই কথা মীমাংসা কৰিবলৈ জনালোঁ।

    শিৱসাগৰ,
    ১8 জানোৱাৰি,১৮৯৮

    বাধ্য
    দীননাথ শৰ্ম্মা বেজবৰুৱা৷ ”

  5. বিচাৰ কৰিয়া পাছে ভাগৱত গ্ৰন্থ।
    হৰিত ভকতি আতি কৰিবে প্ৰবন্ধ।
    অনন্তৰে কিছু লোকে ভকতি কৰিল।
    কতো গীত পদ কতো ভটিমা চপয়।

       

     কৰিলন্ত শঙ্কৰে প্ৰকাশ ভক্তিপন্থ॥
    প্ৰথমতে কৰিলন্ত কীৰ্ত্তনৰ ছন্দ॥
    তেবে জানো নানাবিধ ছন্দ নিৰূপিল॥
    কথা শ্লোক আদি কৰিলন্ত মহাশয়॥ ”—
     দৈত্যাৰি ঠাকুৰ ৰচিত গুৰু চৰিত্ৰ।

  6. ৰাম ৰাম গুৰু ৰামদাস ওজা দুই।
    গগণমণ্ডল চোৰে কীৰ্ত্তনৰ ধ্বনি।
    স্বভাৱে কীৰ্ত্তন ঘোষা পৰম সুন্দৰ।
    তাতে আৰো ঈশ্বৰে আপুনি ভাল ধৰি।
    আগেতে শঙ্কৰদেৱ থাকন্ত সাক্ষাত।

       

    মাধৱে কীৰ্ত্তনকৰে ডাইনা পালী হই॥
    আনন্দ-সাগৰে লোক মজে তাক শুনি॥
    এখনো মিলয় শুনি আনন্দ লোকৰ॥
    গাৱন্ত মহিমা তাৰ কোনে কৈবে পাৰি॥
    মিলে জানা আনন্দ অপৰিমিত তাত॥

    দৈত্যাৰি ঠাকুৰ।

  7. ৰত্নাকৰ কন্দলি পঢ়ন্ত গীতা তয়।
    তাঙ্ক সম গুণ নাই জাতিত ব্ৰাহ্মণ।
    দুই চাৰি শ্লোক গৈলে গীতাৰ নিশ্চয়।
    হে সভাসদ লোক থিৰ কৰি মন।
    এহি বুলি সিটো সবে লোকক শুনাই।
    ওপৰক দুয়ো হাত তুলি উচ্চ কৰি।
    সকলোৱে ঝোট ঝোট কৰে হৰি ৰাৱ।
    কতোক্ষণ ভৈলে কৰি গীতা সম্বৰণ।

       

    বিয়াসকলাই নামে জনেক আছয়॥
    শঙ্কৰদেৱত তেহোঁ লৈয়াছে শৰণ॥
    থিয় হুয়া সিটো সৱ সভাত কহয়॥
    শুনা সাৱধানে ইটো কৃষ্ণৰ বচন॥
    গীতাৰ অৰ্থক কহে সভাত বুজাই॥
    বোলে ঘনে ঘনে সবে বোলা হৰি হৰি॥
    সবাৰো মনত মহা আনন্দ উৎসৱ॥
    হৰিষে কৰন্ত সবে গৃহক গমন॥

    দৈত্যাৰি ঠাকুৰ।

  8. হৰি জোৱাঁইক কাটিবৰ সময়ত মাধৱদেৱে এই গীতটী গাই তেওঁক নাম সোৱঁৰাইছিল, —

    “হুয়ো ভাই সাৱধান।  যাৱে নতু ছুটে প্ৰাণ।
    গোবিন্দৰ ফৰমাণ।  নিকট মিলাৱে তান। ইত্যাদি।