পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
দ্বিতীয় আধ্যা

এটাই কেইজন একেলগে প্ৰীতিৰে বাস কৰিবলৈ ধৰিলে। বাণ্ডুকাতে মাধৱে লেখা-পঢ়া শিকি ন্যায়, তৰ্ক, নীতি প্ৰভৃতি শাস্ত্ৰ অধ্যয়ন কৰি অলপ কালৰ ভিতৰতে শাস্ত্ৰজ্ঞ পণ্ডিত হৈ উঠিল। বাণ্ডুকাতে বৰকণাগিৰীৰ মৃত্যু হয়। পিতৃবিয়োগৰ পিছত মাধৱে ককায়েক দামোদৰৰে পৈতে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াদি সমাপন কৰিলে আৰু তাৰ পিছত মাতৃ দৰ্শন কৰিবৰ অৰ্থে তেওঁ টেম্বুৱানিলৈ উভতি আহিল। মনোৰমাই পুতেকৰ মুখৰপৰা স্বামীৰ মৃত্যুৰ বাতৰি শুনি বৰকৈ শোক কৰি বৈধব্য ব্ৰত অৱলম্বন কৰি ৰল। ইয়াৰ ‘পছত মাধৱে আকৌ বাণ্ডুকালৈ গৈ ককায়কেৰে সৈতে ব্যৱসায় কৰি জীৱন নিৰ্ব্বাহ কৰিবলৈ ধৰিবলে। কিন্তু কিছুদিন সেইকায্য কৰি থকাৰ পিছত বিলাতৰ ভাগ লৈ ককায়েকেৰে সৈতে তেওঁৰ মন্যন্তৰ হলত তেওঁ মেলুৱাই গোটাই শোধ কৰাই সেই দন্দৰ মীমাংসা কৰালে। লাহে লাহে মাধৱে স্পষ্টকৈ দেখিবলৈ পালে যে সেই কাৰ্য্যত অনেক অধৰ্ম্মাচৰণ হয়, সেইদেখি তেওঁ ককায়েকক নয়ৰ ভাগৰ ব্যৱসায় কাৰ্য্য এৰি দি খেতি কৰিবলৈ ধৰিলে। ইয়াৰ কিছু কালৰ পিছতে তেওঁ টেম্বুৱানিত তেওঁৰ মাকৰ বৰ নৰীয়া বুলি শুনি লৰালৰিকৈ মাকক চাবলৈ টেম্বুৱানিলৈ যাত্ৰা কৰিলে। বাটত আহোঁতে তেওঁ মাকৰ নৰীয়া ভাল হবৰ নিমিত্তে শৰৎকালৰ দুৰ্গাপূজালৈ দুটা বগা ছাগ আগ কৰিলে। টেম্বুৱানি পাই মাধৱে দেখিলে যে মাকৰ নৰীয়া ভাল হৈছে। সেই দেখি তেওঁ বৈনায়েক গয়াপানিৰ হাতত এটকা ৰূণ দি গোঁসানীপূজাৰ নিমিত্তে বগা ছাগ দুটা কিনি আনি তেওঁক দিবলৈ কলে। গয়াপাণিয়ে ইয়াৰ আগেয়েই শঙ্কৰদেৱত শৰণ লৈ বৈষ্ণৱধৰ্ম গ্ৰহণ কৰিছিল, সেই