পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
শঙ্কৰদেৱ ।

তেওঁৰ নামৰ উচ্চ ৰোল উঠা, বনুৱাই বন কৰোঁতে ভাগৰ পলুৱাবৰ নিমিত্তে তেওঁৰ ভণিত গীত গাই তৃপ্তিলাভ কৰাৰ মূল হৈছে তেওঁৰ এই ভ্ৰমণ, আক তেওঁৰ অসীম শক্তি।

 “শঙ্কৰদেৱৰ পূৰ্ব্বপুৰুষসকল দেবীৰ একান্ত উপাসক আছিল। তেওঁ দেশভ্ৰমণলৈ ওলোৱাৰ পূৰ্ব্বে তেওঁৰ ঘৰত দেবীৰ পুজা চলি আছিল। সেই পূজাত তেওঁৰ কিমান আস্থা আছিল তাক তেওঁৰ ভ্ৰমণৰ পূৰ্ব্বৰ মনৰ ভাব আৰু তেওঁৰ পাছৰ কাৰ্য্যৰ দ্বাৰাই জানিব পাৰি। কিন্তু তেওঁৰ বয়স কোমল থকাৰ বাবে মনৰ শক্তি সিমান প্ৰবল নথকাত, সংসাৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত নোহোৱা আৰু শিক্ষাৰ অধীনত থকাৰ বাবে বংশত চলি অহা পূজাৰ বিধি গুচাই তেওঁ তেওঁৰ মনৰ অনুৰূপ পূজাৰ বিধান থাপি ভাল ফল অনাৰ আশা নকৰিছিল। কিন্তু এতিয়া বিদেশ-ভ্ৰমণৰ পৰা আত্ম-প্ৰস্তুত হৈ আহি সংস্কাৰ কাৰ্য্যত নিজক নিযুক্ত কৰিবলৈ তেওঁ আৰম্ভ কৰিলে। শঙ্কৰৰ প্ৰথম আৰু প্ৰধান চিন্তা আৰু কাৰ্য্য হল একমাত্ৰ চৈতন্যময় ঈশ্বৰ হৰিৰ পূজা সাধাৰণত প্ৰচাৰ কৰা। এই সম্বন্ধে তেওঁৰ মনৰ সংস্কৃত ভাবৰ তেজৰ পৰিচয় চৰিত্ৰত পোৱা যায়। বিদেশৰ পৰা ঘূৰি আহিলত তেওঁক প্ৰীতি-ভোজন দিবৰ নিমিত্তে তেওঁৰ ভায়েক বনগঞা গিৰিয়ে ব্যৱহাৰ মতে এটা ছাগ দেবীৰ আগত বলি-কটা শালত দি বধ কৰে। ইয়াতে শঙ্কৰদেৱে বৰ অসন্তোষ পাই বহুদিনৰ অনুপস্থিতৰ পাচত প্ৰথম সন্মিলনৰ পৰা ওপজা আনন্দ কাতি কৰি থৈ ভায়েকক বিশেষৰূপে ভৰ্ৎসনা কৰে। তাৰ পাছে ভায়েকে আৰু এটা ডাঙ্গৰ জগৰ লগায়। বনগঞাই ককায়েকলৈ গাখীৰৰ নিমিত্তে গৰু আনিবলৈ বিচাৰি গৈ, জয়ন্তা