পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দ্বিতীয় আধ্যা

ভেঁটি দি অধ্যাপকৰপৰা বিদায় লৈ উমলিবলৈ গৈছিল; অধ্যাপকে সেই ৰূপ আৰু কাপোৰ খেৰশুতী বুঢ়ী আইক ওভোতাই দিলত বুঢ়ীমাকে বুজ পাই শঙ্কৰক ডাবি দিলত হে সেই দিনাৰপৰা শঙ্কৰে ভালকৈ মন দি পঢ়িবলৈ ধৰিলে। চৰিত্ৰ-পুথিত লেখা আছে যে এদিন একাদশী তিথিত সকলো ছাতৰে পাঠ শেষ কৰি ঘৰাঘৰি গল; কিন্তু শঙ্কৰ পঢ়াশালিতে শুই থাকিল। তেওঁৰ শৰীৰত ৰদ পৰাত এটি সৰ্পই ফণাৰে ছাঁ দি আছিল, এনেতে মহেন্দ্ৰ কন্দলি আহি দেখা পালত সাপটো গুচি গল। সেই দিনৰপৰা কন্দলিয়ে শঙ্কৰক শঙ্কৰদেৱ বুলিবলৈ ছাত্ৰসকলক আজ্ঞা শুনাই দিলে আৰু কলে যে আজিৰপৰা শঙ্কৰে পঢ়াশালি মছিব নালাগে। এদিন ৰাঘৱাচাৰ্য্য পণ্ডিত পঢ়াশালিলৈ আহোঁতে ছাতৰবিলাকে তেওঁক এই বুলি গোচৰ দিলে যে সিহঁতৰ অধ্যাপক কন্দলিয়ে, শূদিৰৰ লৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ সিহঁতক আজ্ঞা দিছে, আৰু শঙ্কৰে পঢ়াশালি মাছিব নালাগে বুলি কৈছে। আচাৰ্য্যই এই কথা শুনি কন্দলিৰ ওপৰত খং কৰিছিল। কিন্তু ৰাতি আচাৰ্য্যই শুহ থাকোঁতে সমাজিকত দণ্ড পাই পিছ দিনা শঙ্কৰদেৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল বুলি চৰিত্ৰ-পুথিত আছে। চোকা বুদ্ধিৰ লৰা শঙ্কৰে অতি অলপ কালৰ ভিতৰতে বিদ্যা শিক্ষা কৰি অনেক শাস্ত্ৰ পঢ়ি বৰ পণ্ডিত হৈ পৰিছিল। অধ্যাপকে তেওঁক কোনো পাঠ এবাৰ দেখুৱাই দিলে দুনাই আৰু তাক দেখুৱাব লগীয়া নহৈছিল। বিদ্যাৰ সোৱাদ পাই শঙ্কৰে দিনে ৰাতিয়ে শাস্ত্ৰচৰ্চা শাস্ত্ৰালাপৰ বাহিৰে আন কথাত কালক্ষেপ নকৰিছিল। মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰৰ বুদ্ধিৰ প্ৰখৰতা আৰু অনায়াসে শাস্ত্ৰ আয়ত্ব