পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
শঙ্কৰদেৱ ।

লাগিয়া খাটৰ খুৰা ঘাৱ ভৈল ভৰি।
কান্দিবে লাগিলা শঙ্কৰৰ গলে ধৰি॥
এতদিন বাপু তুমি কিসক নাসিলা।
সবাকে সম্বোধি দেৱশঙ্কৰ ৰহিলা॥”

ইমান বছৰৰ মূৰত শঙ্কৰদেৱক পাই জ্ঞাতি কুটুম্ব সকলোৱে আনন্দিত হৈ তেওঁক তেওঁৰ আগৰ আপোন কাৰ্য্য ভূঞাৰ বিষয় গ্ৰহণ কৰিবলৈ কলত তেওঁ উত্তৰ দিলে “মোক বিষয় নালাগে; বহু কষ্ট কৰি শাস্ত্ৰ পঢ়ি সাৰ পাইছোঁ; ঈশ্বৰৰ নাম লৈ বহি থাকিবৰ হে মোৰ ইচ্ছা।” ইয়াৰ পিছত পিতৃদেৱ কুসুমবৰৰ সৰিয়হ তলিত কীৰ্ত্তন ঘৰ সজাই নাম-কীৰ্ত্তন কৰি সুখেৰে কাল কটাবলৈ ধৰিলে। তীৰ্থৰপৰা উভতি অহাৰ পিছত জ্ঞাতি কুটুম্বসকলৰ অনুৰোধত শঙ্কৰদেৱে পুনৰ কালিন্দী নামে কন্যা বিবাহ কৰালে। দ্বিতীয় ভাগ জোনাকীৰ প্ৰবন্ধত এই দৰে আছে,—

 “যথাকালত গঙ্গাতীৰ্থ পাই তাত যথানিয়মে স্নান–দান কৰি তেওঁ লগৰ ভালেখিনি মানুহ উভতি ঘৰলৈ আহিল। তেওঁ তাৰ পৰা জগন্নাথ ক্ষেত্ৰলৈ গল। তেওঁৰ লগত আৰু বাৰজন জগন্নাথ ক্ষেত্ৰৰ যাত্ৰী আছিল, তেওঁবিলাকৰ নামৰ উল্লেখ চৰিত্ৰত আছে, যেনে; হয়গ্ৰীৱ, জগন্নাথ, নৰ্দ্দৈ, ৰুদ্ৰবৰ, কল্কি, কল্পতৰু, ধৰাধৰ, বিশ্বনাথ, গোৱৰ্দ্দন, সুৰথ, সুন্দৰ আৰু মনপুৰ। ওৰেষা পুৰীৰ জগন্নাথ মূৰ্ত্তি দৰ্শন কৰি আমাৰ প্ৰখ্যাত যাত্ৰী কেইজনা মহা আনন্দেৰে থাকিবলৈ ধৰিলে ক্ষেত্ৰৰ ডাঙ্গৰ পণ্ডিতসকলৰ লগত শাস্ত্ৰালোচনা কৰি শঙ্কৰদেৱে অনুপম তৃপ্তি লভিছিল। শঙ্কৰদেৱৰ সদালাপ, গভীৰ জ্ঞান আৰু সাধাৰণ ধৰ্ম্ম-ভাবত