পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
দ্বিতীয় আধ্যা

গিৰিৰ গৰুৰ জাকত সোমাই জনীচেৰেক গৰু আনিবলৈ ধৰে তাতে গৰখীয়াই আগভেটি গৰু নিয়াত বাধা জন্মায়। বনগঞাইও সেই সময়ৰ চলিত বন্দীবিলাকৰ ওপৰত ডাঙ্গৰীয়াসকলৰ সহজ ব্যৱহাৰৰ ভাবত, হাতত থকা যাঠিডাল গৰখীয়াৰ বুকুলৈ মাৰি তাৰ প্ৰাণ বধ কৰে। ভায়েকৰ এই নৃশংস কাৰ্য্যত শঙ্কৰদেৱে আন্তৰিক বেদনা পাই ভায়েকক ঘোৰ ভৰ্ৎসনা কৰে। তেওঁৰ সংস্কৃত মনৰ গতি এই ঘটনা দুটিৰ দ্বাৰাই জনা যায়।

 “তীৰ্থভ্ৰমণৰ পৰা আহি প্ৰথমতে তেওঁৰ একমাত্ৰ ধ্যানৰ হৰিনামৰ মহিমা, হৰিধৰ্ম্মৰ পৱিত্ৰতাৰ মৰ্ম্ম, তেওঁৰ বুঢ়ীমাক জয়ন্তদেৱৰ সহধৰ্ম্মিণীৰ ওচৰত প্ৰচাৰ কৰে। এই বুঢ়ী ধৰ্ম্মপৰায়ণা সতীয়ে, স্বামীয়ে বিধবা তিৰুতাৰে ঘৰ পূৰোৱা বাবে, স্বামীৰ পৰা আঁতৰ হৈ বেলেগে বাস কৰিছিল। জয়ন্তদেৱে যে শূদিৰ কুলীয়া বিধৱাকে তিৰুতাৰূপে ৰাখিছিল, তাৰ প্ৰমাণ, ৰামনন্দ ঠাকুৰৰ লেখা চৰিত্ৰত, শঙ্কৰদেৱ আৰু এই বুঢ়ীমাকৰ আলাপৰ পৰা পোৱা যায়। শঙ্কৰদেৱ বিদেশৰ পৰা আহিলত যেতিয়া জয়ন্তৰ ঘৰত ভোজন কৰিবলৈ নিমন্ত্ৰিত হয়, তেওঁৰ ঘৰলৈ যাওঁতে প্ৰথমে বুঢ়ীমাকৰ ঘৰত সোমায় , ইয়াতে বুঢ়ীমাকে জয়ন্তৰ ৰক্ষিত বিধৱা তিৰুতা সম্বন্ধে শঙ্কৰদেৱক কৈছে;—

“মোক বাজ কৰিলেক,   ৰাণ্ডিগণ আসিলেক
  সেহি লোকে বন্ধন কৰয়।’’

 উত্তৰত শঙ্কৰদেৱে এই “ৰাণ্ডীগণ" শব্দৰ অৰ্থৰ সন্দেহ ভাঙ্গি দিছে।