পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
শঙ্কৰদেৱ৷

জৰ, জীৱন নাৰহে থিৰে॥” (২) “মন মেৰি ৰাম চৰণ হি লাগু, তই দেখনা অন্তক আগু॥’ (৩) “পামৰ মন ৰাম চিত্তক দেহু। অথিৰ জীৱন, ৰাম মাধৱকেৰি নাম মৰণক সম্বল লেহু,” এই তিনটা গীত গাই নাম উচ্চাৰণ কৰি ১৪৯০ শকৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত প্ৰাণ ত্যাগ কৰিলে। শঙ্কৰদেৱৰ এনে মৃত্যুৰ বাতৰি শুনি নৰনাৰায়ণ ৰজাই অনেক শোক কৰি কৈছিল,— “মই অধমৰ নিমিত্তেই গুৰুজন চলিল; নতুবা তেখেত আৰু বা কতদিন থাকিলহেঁতেন।” কিছু বেলিৰ মুখত ৰজাই শোক সংবৰণ কৰি ৰাজ-ভঁৰালপৰা চন্দন কাঠ ঘৃতাদি বস্ত্ৰ দিয়াই মহা সমাৰোহৰে শঙ্কৰদেবৰ দহনাদি কাৰ্য্য কৰালে।

⸻০⸻

তৃতীয় আধ্যা।

 শঙ্কৰদেৱ ভাগৱতী বৈষ্ণবধৰ্ম্ম প্ৰচাৰ কৰিবৰ নিমিত্তে যি বোৰ গ্ৰন্থ ৰচনা কৰিছিল, তাৰ ভিতৰত কীৰ্ত্তনঘোষায়েই প্ৰধান। শিক্ষিত অশিক্ষিত য মতা তিৰুতা সকলোৱে বুজিব পৰাকৈ অতি শুৱলা অসমীযা ভাষাত তেওঁ এই অমূল্য গ্ৰন্থ কীৰ্ত্তন ঘোষাখন ৰচনা কৰিছিল। তেওঁ শ্ৰীমদ্ভাগৱত, গীতা, পদ্মপুৰাণ, ব্ৰহ্মপুৰাণ আদি শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি সঙ্কীৰ্ত্তন কৰিব পৰাকৈ গীতৰ ছন্দত কীৰ্ত্তন পুথিখন কৰিছিল; আৰু বাস্তবিকপক্ষত তেওঁ তাত সম্পূৰ্ণৰূপে কৃতকাৰ্য্যও হৈছিল। ধৰ্ম্ম-প্ৰচাৰ, ধৰ্ম্ম-শিক্ষা, আৰু ধৰ্ম্ম-জীৱন গটিবৰ নিমিত্তে ভাৰতবৰ্ষৰ কোনো ভাষাত কোনো প্ৰদেশত মামাৰ এই অসমীয়া কীৰ্ত্তন পুথিখনৰ নিচিনা সৰ্ব্বাঙ্গ সুন্দৰ বুহৎ পুথি যে নাই সেইটো আমি ডাঠকৈ কব পাৰোঁ।