পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
দ্বিতীয় আধ্যা

ক্ষেত্ৰবাসী পণ্ডিত আৰু পাণ্ডাসকল বিস্মিত হৈছিল। পুৰীত ৫ মাহমান থাকি দক্ষিণ ভাৰতলৈ শঙ্কৰদেৱে যাত্ৰা কৰিলে। সেতুবন্ধ ৰামেশ্বৰ আৰু দক্ষিণ দেশৰ আন প্ৰসিদ্ধ তীৰ্থস্থানবিলাক, চাই তেওঁ পশ্চিম দেশলৈ খোজ ললে। বাৰানসী, প্ৰয়াগ, মথুৰা, বৃন্দাবন, কুৰুক্ষেত্ৰ, উপবদৰিকাশ্ৰম আদি পশ্চিম ভাৰতৰ প্ৰসিদ্ধ তীৰ্থ-স্থানবিলাক চাই আকৌ তেওঁ জগন্নাথ ক্ষেত্ৰলৈ উভতি আহিল; আৰু তাত কিছুদিন থাকি ঘৰলৈ মুখ কৰিলে। ঘৰৰ আৰু গাৱঁৰ সকলোৰে অনুপম প্ৰীতি, পৱিত্ৰ উৎসাহ আৰু উজ্জ্বল আশাৰ উৎসৱে তেওঁৰ প্ৰত্যাবৰ্ত্তনক অভ্যৰ্থনা কৰিছিল। তেওঁৰ এই ভ্ৰমণত ১২ বছৰ লাগে বুলি চৰিত্ৰত লেখা আছে। সি যি হওক এই তীৰ্থভ্ৰমণত অনেক বছৰ ষে লাগিছিল তাত কোনো সন্দেহ নাই। শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ বিশেষ বিবৰণ চৰিত্ৰত পোৱা নেযায়, কিন্তু এইটো থিৰাং যে এই ভ্ৰমণৰ পৰা তেওঁ বহুজ্ঞান, বহুদৰ্শিতা আৰু বহুশক্তি লাভ কৰিছিল। পাছৰ ডাঙ্গৰ কাৰ্য্যৰ নিমিত্তে এই ভ্ৰমণতেই যে তেওঁ প্ৰস্তুত হৈছিল তাৰ অলপো সন্দেহ নাই। এহ ভ্ৰমণেই তেওঁৰ হৃদয়ত জড় মূৰ্ত্তিৰ পূজাৰ অসাৰতা আৰু চৈতন্যময় ঈশ্বৰৰ পূজাৰ শ্ৰেষ্ঠতা দকৈ সুমাই দিয়ে, এই ভ্ৰমণতেই তেওঁৰ মনত দেশৰ হিত সাধনাৰ মহাব্ৰতৰ ভেঁটি শকতকৈ বন্ধা হয়, আৰু এই ভ্ৰমণেই তেওক আজি পৰ্য্যন্ত অসম ভূমিত অমৰ কৰি ৰাখিছে। পণ্ডিতৰ সমাজত তেওঁৰ নামৰ সন্মান আৰু মাহাত্ম্য, নামঘৰত ভকতৰ মুখত ভোৰ তালৰ ধ্বনিত তেওঁৰ নাম মিহলি হৈ প্ৰতিধ্বনিত হোৱা, বহাগৰ বিহুত বছৰৰ ন দিনৰ সম্ভাষণৰ হুচৰিত গৰখীয়া লৰাৰ গীতত