পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
শঙ্কৰদেৱ ।

মতাই খোলবোৰ ছোৱাই দি তাত লোৰ গুৰি আৰু কৰ্কৰা ভাতৰ কৰাল দি কেনেকৈ ঘুণ দিব লাগে সেই পৰ্য্যন্ত তেওঁ দেখুৱাই দিছিল। কঁহাৰৰ হতুৱাই মন্দিৰা, খুটিতাল, ভোৰ-তালকে আদি কৰি অনেক বিধৰ তাল প্ৰস্তুত কৰালে। ভায়েক বনগঞা গিৰীক গায়ন আৰু নিজে বায়ন হৈ, সৰ্ব্বজয় আৰু কমলি ধৰা পৰমানন্দক নতুৱা পাতি, আৰু আন আন সকলোকে ভাও ভগাই দি তেওঁ সেই ভাৱনা কৰিছিল। এয়েই আসামত প্ৰথম ভাৱনা আৰু খোল তাল আদি বাদ্যৰ প্ৰচলন।

 কছাৰীবিলাকেৰে সৈতে ভূঞাসকলৰ বিৰোধ চলি থকাত অশান্তি হোৱা বাবে শঙ্কৰদেৱ প্ৰমুখ্যে ভূঞাসকলে বৰদোৱা এৰি গাঙমৌত বসতি কৰে ৬৭ বছৰ বয়সৰ শঙ্কৰদেৱে বৰদোৱা এৰি গাঙমোলৈ যায়। বৰদোৱাত থাকোঁতেই শঙ্কৰদেৱে কীৰ্ত্তন পুথি ৰচনা কৰে। আৰু অনেক গীত ভটিমা নাট আদি ৰচনা কৰি সত্ৰ পাতি শিষ্য ভজাই ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰে। গাঙমৌত শঙ্কৰদেৱে নামঘৰ মণিকুট আদি সজাই সত্ৰ পাতি ধৰ্ম্মপ্ৰচাৰ কৰি পাঁচ বচৰ থকাৰ পিচত তাত ডফলাই দৌৰাত্ম্য কৰাত তাৰপৰা উঠি গৈ চাঙ্গনি নামে ঠাইত ছমাহ আছিল; তাতো সত্ৰৰ বিশেষ সুবিধা নোহোৱা বাবে তেওঁ ভাল ঠাই বিচাৰি ধুৱাঁহাট বা বেলগুৰিলৈ গৈ তাত সত্ৰ পাতি থাকে। হাতীয়া দলৈকে আদি কৰি জনদিয়েক বঙহৰ মানুহৰ ব্যৱহাৰত বিৰক্ত হৈ শঙ্কৰদেৱ কোমোৰাকটা নামে ঠাইত ছমাহ আছিল গৈ, পিছত জ্ঞাতি সকলে কাবৌ-কোকালি কৰি মতাত হে ছমাহৰ মূৰত তেওঁ

আকৌ বেলগুৰিলৈ আহে।