পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় অধ্যা । ৩১ কৰিলে। প্ৰথমতে তেওঁ ভাগৱতৰপৰা সাৰ উদ্ধা কৰি কীৰ্ত্তন পুথি ৰচনা কৰিলে । তাৰ পিছত গীত পদ ভটিমা চপয় অাদি কৰিলে * ৰামৰায়কে অাদি কৰি জ্ঞাতিসকলে শঙ্কৰদেৱক কলে যে “আপুনি অনেক তীৰ্থত ভ্ৰমণ কৰি নানাৰকম উৎসৱ দেখি আহিছে, আমাক এটি আমোদজনক উৎসৱ দেখুৱাওক ।” এই কথা শুনি ফাগুন মাহৰ পূৰ্ণিমা তিথিত শঙ্কৰদেৱে বৃন্দাবনী গোপালৰ দৌলোৎসৱ কৰি দেখুৱালে । তেতিয়াৰেপৰা আধামত কৎসৱ বা ফাকুৱা প্ৰচলিত হল ! কীৰ্ত্তন পুথিত ঠাই পোৱা “বঙ্গে ফাকু খেলে চৈতন্য বনমালী। দুই হাতে ফাকুৰ গুণ্ডা সিঞ্চন্তু মুৰাৰি । ঘোষা আৰু পদ এই উপলক্ষে ৰচিত হৈছিল । জ্ঞাতি বন্ধুসকলৰ অনুৰোধত শঙ্কৰদেৱে চিন্থযাত্ৰা ভাওনা কৰিছিল । সেই ভাৱনালৈ শালক-ধামকে ‘’দি কবি সপ্ত বৈকুণ্ঠৰ নক্সাৰে সৈতে শঙ্কৰে নিজ হাতে সুন্দৰ চিত্ৰপট (Scene) আঁকি দিছিল ; যাৱাত বজাবলৈ খোল নামৰ । বাদ্য কুমাৰৰ হতুৱাই গঢাহ আৰু মুচিয়াৰৰ হতুৱাই ছোৱাই উলিয়াই দিছিল । আগেয়ে আসামত মৃদঙ্গ হে প্ৰচলিত আছিল, শঙ্কৰদেৱে কপিলী মুখৰ কুমাৰক মতাই আনি খোল গঢ়াবলৈ নমুনা দি কিছুমান মাটিৰ খোল প্ৰস্তুত কৰালে, আৰু শালমৰা গাৱঁৰ মুচিয়াৰক বিচাৰ কৰিয়া পাচ্ছে ভাগৱত গ্ৰন্থ । কৰিলন্ত শঙ্কৰে প্ৰকাশ ভক্তিপস্থ | হৰিত ভকতি আতি কৰিবে প্ৰবন্ধ । প্ৰথমতে কৰিলন্ত কীৰ্ত্তনৰ ছন্দ } অনন্তৰে কিছু লোকে ভকতি কৰিল ? তেবে জানো নানাবিধ ছন্দ নিৰূপিল । কতো গীত পদ কতো ভটিমা চপয় । কথা শ্লোক আদি কৰিলন্ত মহাশয় । ”— দৈত্যামি ঠাকুৰ ৰচিত জ্ঞা চৰিত্ৰ ।