শঙ্কৰদেৱ ।
কৰিব পৰা ক্ষমতা দেখি কুসুম্বৰক কৈছিল যে তেওঁৰ পুতেক
“বিজয় পণ্ডিত” হব । শঙ্কৰদেৱে পঢ়া শেষ কৰি পঢ়াশালি এৰাৰ
পিছত পিতৃ কুসুম্বৰে কন্দলিক মতাই আনি খুৱাই-বুৱাই দক্ষিণা
দি বিদায় দিছিল । তাৰ পাছত শঙ্কৰে যোগশাস্ত্ৰ পাই যোগা
ভ্যাস কৰিবলৈ ধৰি সেই বিদ্যাত পৰম নিপুণ হৈ পৰিছিল,
অাৰু কুম্ভক যোগ আদি কৰি প্ৰাণ, অপান আদি বায়ু বশ কৰি
লোকক তেওঁৰ ক্ষমতা দেখুৱাই আচৰিত কৰিছিল। এদিন তেওঁ
যোগাসনত বহি কুম্ভক যোগ অভ্যাস কৰোঁতে তেওঁৰ দেহৰ গছ
নাদি ছিগি গৈছিল আৰু বঁওহাতৰ বুঢ়া আঙ্গুলি মাটিত দি ভয়,
দি থিয় হোৱাত পাৱ ওপবলৈ উঠা দেখি দৰ্শক লোকাল
আচৰিত হৈছিল। দৈত্যাবি ঠাকুৰ বিৰচিত পুথিত আছে,—
‘প্ৰাণ অপান সমান উদান আদি কৰি স্বায়ুচয় ।
বশ্য কৰিলন্ত, চলাইবে-পাৱন্ত যি বায়ু যৈত লাগয় ॥
বায়ক ক্ষেপিয়া, উশাস ধৰিয়া, আসন ভিৰি হৰিবি ।
থাকন্ত সদায়, সুনিশ্চল কাম, দিন দুই চাৰি বসি ।
জলে বুৰ দিয়া থাকন্তু বসিয়া জলৰ ভিতৰে যাই ।
জল দূৰ কৰি, পৰ দুই চাৰি, জলে নিভিজঃ কায় ।
বস্ত্ৰো নিভিজয়, শুখান থাকয়, উঠন্ত পুনু জল । ।
বাহু প্ৰদেশত সৰসে বান্ধান্ত নবীন ডোৰে পাটৰ ॥
বায়ু ক্ষেপি নিয়া, বাহ ওফন্দায়া, বায়ুৰ লন্ত প্ৰমাণ ।
ৱ পাট ডোৰ ছিণ্ডি কটৰাহ পৰে কতো … মান ।
আনো অানো মত কৰন্ত সতত বায়ু সমে ক্ৰীড়া জাতি ।
বেগে শাস্ত্ৰ মত ধৰি যোগ যত আচন্তু দিনে ৰাতি ॥
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
