পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
দ্বিতীয় আধ্যা।



 কছাৰীয়ে শঙ্কৰক ধৰিবলৈ তেওঁৰ ঘৰ-বেৰা দিলে। দুটা শকত ৰণুৱা কছাৰী তেওঁৰ ঘৰৰ দুৱাৰ-মুখত থিয় হৈ তেওঁক আগচি ধৰিলে। শঙ্কৰে কথা বিসঙ্গতি দেখি ভিতৰৰ পৰা ভো ভো-কৰে লৰি ওলাই আহি ঠেলা মাৰি কছাৰী দুটাক মাটিত পেলাই দি সিহঁতৰ গাৰ ওপৰত ভৰি দি গচকি ওলাই লৰ মাৰিলে; [১] দৈত্যাৰি॥ ইয়াৰপৰা, শঙ্কৰৰ কেনে সুস্থ আৰু সবল মনেৰে সৈতে সুস্থ আৰু সবল শৰীৰ আছিল, সেইটো ভালকৈ বুজিব পাৰি। ‘Mens sana in corpore sano ” অৰ্থাৎ একে আধাৰতে সুস্থ মন আৰু সুস্থ শৰীৰ যে মনুষ্যত্বৰ পূৰ্ণবিকাশৰ নিমিত্তে লাগতিয়াল এই লেটীন বাক্যই শঙ্কৰত সাৰ্থকতা লাভ কৰিছিল; আৰু এই নিমিত্তে শঙ্কৰে তেওঁৰ জীৱনত ইমানবোৰ কাম কৰিব পাৰিছিল, আৰু এই নিমিত্তেই তেওঁ দীৰ্ঘজীৱন লাভ কৰিছিল।

 শঙ্কৰদেৱে সুৰ্য্যাৱতী নামে এটা কায়স্থ কন্যা বিবাহ কৰি , গৃহস্থী হৈ হল। হৰিবৰ গিৰী নামে ভূঞা কায়স্থ এজন জগন্নাথ ক্ষেত্ৰলৈ তীৰ্থ কৰিবলৈ গৈছিল , এনে প্ৰবাদ আছে যে তাতে তেওঁৰ প্ৰতি জগন্নাথৰ স্বপ্নাদেশ হল, যে তেওঁৰ এজনী ছোৱালী হব যাক তেওঁ কুসুমবৰ ভূঞাৰ পুতেক শঙ্কৰলৈ বিয়া দিব

খালে খালে মহাভয়ে লৱৰি পলায়।
ৰঙ্গ মনে শঙ্কৰে আছয় তাক চাই।”—দৈত্যাৰি

  1. কছাৰী মুনিষ দুই দুৱাৰত থিত।
    কিমতে পলাইবোঁ মনে মনে আলোচিলা।
    হেম্পোচিয়া চিতে পেহ্লাইলন্ত দুয়োজন।

       

    হেন দেখি শঙ্কাৰে ভৈলন্ত ভয়ভীত॥
    ভিতৰৰপৰা বৰ বেগে লৰ দিলা॥
    গৰকিলা দুইকো দিয়া বুকুত চৰণ॥