সত্যসন্ধা ঢুকুৱাৰ কথা পোৱাঁ যায়। বৰদোৱাৰ গুৰুচৰিত্ৰ
পুথিত লেখা আছে যে শঙ্কৰদেৱে সুৰ্য্যাৱতীক বিবাহ কৰাৰ কিছু
দিনৰ পিছত কুসুম্বৰৰ মৃত্যু হয়; আৰু তাৰ কিছু দিনৰ পিছত
সত্যসন্ধাৰ মৃত্যু হয়। দৈত্যাৰি ঠাকুৰ ৰচিত পুথিত আছে, যে
শঙ্কৰ জন্মৰ কিছু দিনৰ পিছত কুসুম্বৰৰ পৰলোক হয়, আৰু
তেওঁৰ পত্নী সত্যসন্ধা সতী যায়। শঙ্কৰক তেওঁৰ বুঢ়ীমাক খেৰ
শুতীয়ে তুলি-তালি ডাঙৰ কৰিছিল —
‘তাত পাছে যেন ভৈল তাক শুনিওক।
কতো দিনে কুসুম গৈলন্ত পৰলোক॥
দেখিলা ভাৰ্য্যায়ে তান মৰিলন্ত স্বামী।
মনত হৰিষে তেহোঁ গৈলা অনুগামী॥
কুসুম্বৰ মাতৃ শঙ্কৰৰ বুঢ়ী আই।
তেহেঁ তুলিলন্ত বৰ ভৈলা দুয়ো ভাই॥”
দৈত্যাৰি।
আমি কিন্তু আমাৰ পিতৃদেবতা ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলো যে শঙ্কৰৰ জন্মৰ তিন দিনৰ ভিতৰতে মাক ঢুকাল আৰু খেৰশুতী বুঢ়ীআয়ে তেওঁক তুলিতালি ডাঙৰ-দীঘল কৰিছিল৷
শঙ্কৰে লৰা কালত খুব উমলি ফুৰিছিল। দিনে ৰাতিয়ে তেওঁৰ ধেমালি ভিন্ন আন কাৰ্য্য নাছিল। ৰামৰাম গুৰুকে আদি কৰি লগৰীয়া লৰাবিলাকেৰে সৈতে তেওঁ ঘিলা খেদি কোটৰা খেলি, ভটা খেলি, লুকাভাকু খেলি ফুৰিছিল; জহ কালি ব্ৰহ্মপুত্ৰ নৈত নাদুৰি ফুৰিছিল; হৰিধ্বনি কৰি চাপৰি