পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় অধ্যা । ক্ষেত্ৰ পালেগৈ । পুৰীত তেওঁ ব্ৰহ্মপুৰাণৰ অাখ্যানমতে ক্ষেত্ৰৰ মাচাত্মা ব্যাখ্যা কৰি অাৰু মান অ্যাম শাস্ত্ৰবিষয়ত নিজৰ পাণ্ডিত্য প্ৰকাশ কৰি পাণ্ডাসকলৰ শ্ৰদ্ধা ভক্তি ক্ষাকৰ্ষণ কৰিছিল । শ্ৰী ক্ষেত্ৰত শঙ্কৰদেৱ কিছুদিন থাকি তাৰপৰা বৃন্দাবনলৈ গল । বৃন্দা বনত তেওঁৰে সৈতে ব্ৰাহ্মণসকলৰ বাদ হৈছিল । সেই বাদত শঙ্কৰে ব্ৰাহ্মণসকলক পৰাস্ত কৰি তেওঁলোকৰ সমাদৰ লাভ কৰি ছিল । বৃন্দাবনৰপৰা শঙ্কৰ মথুৰা আৰু দ্বাৰকালৈ গৈছিল । দ্বাৰকালৈ যাওঁতে তেওঁৰ লগত ১৭ জন সঙ্গীৰ ভিতৰত দুজন মাথোন গৈছিল। তেওঁলোকৰ নাম সৰ্ব্বজয় আৰু পৰমানন্দ । তাৰপৰা তেওঁ বাৰানসী, প্ৰয়াগ, সীতাকুও, বৰাহকুণ্ড, উত্তৰ বাহিনী গঙ্গা অাদি পৰিদৰ্শন কৰি অযোধ্যালৈ গৈছিল । অযোধ্যাৰ পৰা তেওঁ আকৌ বৃন্দাবনলৈ যায় । এইবাৰ তেওঁ বৃন্দাবনত থাকেঁাতেই অসামত লেটেকুপুখুৰীত হৰশিঙ্গা বৰাৰ ঘৰত বৰকণা গিৰী বা গোবিন্দৰ এটি পুত্ৰ ওপজে যাৰ নাম মাধৱদেৱ । বৃন্দাবনৰপৰা শঙ্কৰদেৱ বদৰিকাশ্ৰমলৈ যায় । “মন মেৰি ৰাম চৰণহি লাগু” এই গীতটি শঙ্কৰদেৱে বদৰিকাশ্ৰমতে ৰচনা কৰে । এইদৰে শঙ্কৰদেৱে নানা তীৰ্থভ্ৰমণ কৰি বাৰ বছৰৰ মূৰত নিজৰ ঘৰ আলিপুখুৰীলৈ উভতি আহে । চৰিত্ৰ-পুথিত আছে যে শঙ্কৰদেৱ ইমান দিনৰ মূৰত ঘৰলৈ উভতি অহা শুনি তেওঁৰ বুঢ়ীমাক খেৰ তীয়ে তেওঁক চাৰলৈ উধাতুথাই ওলাই আহেঁতে খাটৰ খুৰাত উজুটি খাই পৰি তেওঁৰ ভৰিত ঘা লাগি বৰকৈ তেজ ওলাইছিল ---- “অ্যাসিল শঙ্কৰৰ শুনি বুঢ়ী আই । দিলা বেগে খাটত পৰিলা জুটি খাই