শঙ্কৰদেৱ/প্ৰথম আধ্যা

ৱিকিউৎসৰ পৰা

[  ]

প্ৰথম আধ্যা।

⸻:০:⸻

 শঙ্কৰদেৱ আসামত বিখ্যাত বাৰভূঞাসকলৰ ভিতৰৰ শিৰোমণি ভূঞা চণ্ডীবৰ নাতিৰ নাতি আছিল। আসামত বাৰভূয়াঁসকলৰ উৎপত্তিৰ বিষয়ে কেইবাটাও মত আছে। আহোমবিলাক আসামত সোমোৱা কালত ভূঞাসকলে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ ফালে আৰু চুটীয়া ৰাজ্যৰ পূবত ৰাজত্ব কৰিছিল। এটা মত এই,—আৰিমত্ত ৰজাৰ পিছত তেওঁৰ মন্ত্ৰী সমুদ্ৰই আৰি মত্তৰ পুতেক ৰত্নসিংহক ৰাজ্যৰপৰা খেদি দি নিজে ৰাজপাটত উঠিছিল। আৰিমত্ত সূৰ্য্যবংশী ক্ষত্ৰিয় ধৰ্ম্মপালে সংস্থাপন কৰা ৰাজ্যৰ শেহ ৰজা ৰামচন্দ্ৰৰ বাণীৰ গৰ্ভত হোৱা সন্তান। এই আৰিমত্তই বাপেক ৰামচন্দ্ৰক নাজানি বধ কৰিছিল। আৰিমত্তৰ ৰাজধানী কামৰূপৰ বেত্‌ নাৰ ওচৰৰ বৈদ্যৰ গৰত আছিল। কমতাপুৰৰ ৰজাৰ বংশৰ ফেঙুৱা নামে ৰজা এজনে আৰিমত্তক আক্ৰমণ কৰি হাৰি প্ৰাণ হেৰুৱায়। আৰিমত্তৰ পুতেক ৰত্নসিংহকে তেওঁৰ বাপেকৰ কালৰ মন্ত্ৰী সমুদ্ৰই খেদাই দি নিজে ৰজা হয়। সমুদ্ৰৰ পিছত সমুদ্ৰৰ পুতেক মনোহৰ ৰজা হয়। এনে প্ৰবাদ আছে যে, মনোহৰৰ জীয়েক লক্ষ্মীৰ গৰ্ভত সুৰ্য্যদেৱৰ ঔৰষত দুটি লৰাৰ জনম হয়, এটিৰ নাম সান্তনু, আনটিৰ নাম সামন্ত। সান্তনু বৈষ্ণৱ আৰু সামন্ত শাক্ত হল। সান্তনুৱে বেলেগ হৈ [  ] সপৰিবাৰে গৈ নগাৱঁৰ ৰামপুৰ বোলা ঠাইত বসতি কৰিলে; আৰু সামন্ত লক্ষ্মীপুৰতে (আজি কালি যাক লখীম্‌পুৰ বোলে) থাকিল। সামন্তৰ পিছত তেওঁৰ পুত্ৰসকলে তাতে ৰাজত্ব কৰি আছিল, আৰু মধ্য-আসামত ৰাজত্ব কৰি থকা কছাৰী ৰজাই আৰু সদিয়াৰ ছুটীয়া ৰজাই তেওঁলোকৰ স্বাধীনতাত হাত দিব নোৱাৰিছিল। কিন্তু পিছত আহোম ৰজাৰ হাতত তেওঁলোক হাৰি ৰাজ্য হেৰুৱায়। ৰাজধৰ নামে সান্তনুৰ সন্তান এজনে নগাৱঁৰ বৰদোৱাত বসতি কৰে। এই ৰাজধৰেই আমাৰ শঙ্কৰদেৱেৰ পিতৃ কুসুমবৰৰ ককাক।

 গুৰুচৰিত্ৰ পুথিত শঙ্কৰ বংশীয় ভূয়াঁসকলৰ বিষয়ে যি আছে তাকে ঠিক বুলি ধৰিব পাৰি। যথা; দুৰ্ল্লভনাৰায়ণ নামে কমতাপুৰৰ ৰজা এজনেৰে সৈতে ধৰ্ম্মনাৰায়ণ নামে গৌৰৰ ৰজা এজনৰ ৰণ লাগে। উভয়ে বল-বীৰ্য্যত সমকক্ষ হোৱাত কোনোৱে কাকো বলে নোৱাৰি শেহত মিত্ৰতা কৰে। তাৰ পিছত কমতাপুৰৰ ৰজাই গৌৰৰ ৰজাক ক’লে “মোৰ দেশত উচ্চজাতীয় লোক নাই। মোক কেইজনমান উত্তম ব্ৰাহ্মণ আৰু কায়স্থ লোক দিলে ভাল হয়।” গৌৰেশ্বৰে সেই কথাত সন্মত প্ৰকাশ কৰি কনৌজৰপৰা অনাই কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাত ঘৰ ব্ৰাহ্মণ আৰু চণ্ডীবৰ প্ৰমুখ্যে সাত ঘৰ কায়স্থ কমতেশ্বৰক দিলে। ব্ৰাহ্মণ কেইজনৰ নাম,— কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম, মথুৰা। কায়স্থ কেইজনৰ নাম,—চণ্ডীবৰ, শ্ৰীধৰ, হৰি, শ্ৰীহৰি, শ্ৰীপতি, চিদানন্দ, সদানন্দ। কমতেশ্বৰে এই চৌদ্ধ ঘৰ ব্ৰাহ্মণ কায়স্থ, অনাই, প্ৰথমতে তেওঁ লোকক লেঙামাগুৰি নামে ঠাইত থাকিবলৈ দিছিল। চণ্ডীবৰ [  ] তাতে কিছুদিন থাকি পলাই গলত, গৌৰেশ্বৰে জানিব পাৰি তেওঁক ধৰাই বন্দী কৰি আকৌ কমতেশ্বৰৰ ওচৰলৈ পঠিয়াই দিলে, আৰু কমতেশ্বৰে চণ্ডীবৰক সেই দোষত পোতাশালত বন্দী কৰি থৈ দিলে। কিছু কালৰ মূৰত কমতেশ্বৰৰ নগৰলৈ এজন পণ্ডিত বাদ কৰিবলৈ আহিলত, সেই পণ্ডিতেৰে সৈতে সমানে বাদ কৰিব পৰা কোনো পণ্ডিত ৰজাৰ ৰাজ্যত নথকাত, ৰজাই চণ্ডীবৰক বন্দীশালৰপৰা মোকোলাই আনি পণ্ডিতেৰ সৈতে বাদ কৰিবলৈ দিলত, চণ্ডীবৰে বাদত পণ্ডিতক হৰুৱালে। এই কাৰ্য্যত ৰজাই বৰ সন্তুষ্ট হৈ চণ্ডীবৰক আদৰ সন্মান কবি তেওঁৰ চণ্ডীবৰ নাম সলাই দেবীদাস নাম আৰু ধন-বস্তু মাটি-বাৰী দি শিৰোমণি ভূয়াঁ পাতি ৰাখিলে। তেওঁ লেঙামাগুৰিত কিছুদিন থাকি তাৰপৰা উজাই আহি টেম্বুৱানি বৰদোৱাত ঘৰবাৰী পাতি ৰলগৈ।[১] দ্বিতীয়ভাগ ‘জোনাকীত” (শঁক ১৮১১-১২) শঙ্কৰদেৱ প্ৰবন্ধত

এই বৃত্তান্ত এইদৰে লেখিছে :—

[  ]

 “ভাৰতবৰ্ষত মুচলমান জাতিৰ অধিকাৰ হ’লত যেতিয়া ১৩ শতাব্দীত তেওঁলোকে এহাতে শাণিত তৰোৱাল আন হাতে ইছ্‌লাম ধৰ্ম্মৰ মূল কোৰাণ পুথি লৈ অধিকৃত প্ৰদেশৰ মানুহ বিলাকক সেই বস্তু দুটি যাচি ফুৰে, সেই সময়ত কান্যকুব্জ নগৰৰ অনেক ধৰ্ম্মপরায়ণ হিন্দুৱে ধৰ্ম্ম আৰু প্ৰাণ লোপৰ ভয়ত দেশ এৰি পৰ্ব্বতে হাবিয়ে অশেষ দুখ সহি লুকাই ফুৰিছিল। এই লোকসকলৰ মাজত শঙ্কৰদেৱৰ উপৰি বংশধৰ লণ্ডাদেৱ গিৰি আৰু তেঁওৰ পুতেক চণ্ডীবৰ গিৰি আছিল। এওঁলোক দুজন মুচলমানৰ উপদ্ৰৱত বহুদিন পৰ্ব্বতে হাবিয়ে লুকাই ফুৰি অৱশেষত কান্যকুব্জ নগৰলৈ যোৱা নিৰাপদ নহয় জানি বঙ্গদেশৰ উত্তৰ অঞ্চলৰ গৌড় নামে এক নগৰত আহি বাস কৰে। এই সময়ত এই গৌড় নগৰত ৰজা ধৰ্ম্মনাৰায়ণ আছিল। লণ্ডাদেৱ আৰু চণ্ডীবৰ বুদ্ধিমান পণ্ডিত আৰু পৰাক্ৰমী থকাত ৰজাৰ প্ৰিয়পাত্ৰ হৈ উঠে। চণ্ডীবৰ ৰজাৰ দেৱান হয়। গৌড় ৰাজ্যত এওঁলোকে সুখ, শান্তি, ধন, সন্ত্ৰম লাভ কৰি অনেক দিন আছিল, কিন্তু অসমৰ সৌভাগ্যৰ নিমিত্তে তেওঁলোকৰ বাসস্থান গৌড় নগৰৰপৰা আঁতৰিল। গৌড় ৰাজ্যৰ লগত কমতা ৰাজ্যৰ সন্ধি থকাত দুয়ো ৰাজ্যৰ ৰজাৰ মিল আছিল। কমতাৰ ৰজা দুৰ্ল্লভনাৰায়ণে তেওঁৰ ৰাজ্য বহু দূৰলৈ ব্যাপি পৰাত তাক শাসন কৰিবলৈ ঠায়ে ঠায়ে উপযুক্ত মানুহ নথকাত আৰু ৰাজ্যত ধৰ্ম্ম-পৰায়ণ, জ্ঞানী, সমাজ চলোৱা মানুহৰ সংখ্যা নীচেই তাকৰ থকাত সাতজন ব্ৰাহ্মণ আৰু সাতজন কায়স্থ কমতাৰ ৰাজ্যলৈ পঠাবলৈ গৌড়ৰ ৰজাক অনুৰোধ কৰে। ধৰ্ম্মনাৰায়ণে মিত্ৰৰ অনুৰোধ মতে সাত ঘৰ [  ] ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ কমতা ৰাজ্যলৈ পঠায়। এই কায়স্থ সাত ঘৰৰ ভিতৰত লণ্ডাদেৱ আৰু চণ্ডীবৰো এঘৰ আছিল। এওঁলোকে কামৰূপ জিলাৰ বৰ নদীৰ ওচৰত থাকা লেঙ্গামাগুড়ি নামে গাৱঁত বাস স্থাপন কৰে। তেওঁলোকৰ কুল-পুৰোহিত কৃষ্ণ পণ্ডিতো এই ঠাইতে থাকে। চণ্ডীবৰ ইমান কাৰ্য্যক্ষম আছিল যে কমতেশ্বৰে দেৱান আৰু মন্ত্ৰণা কাৰ্য্যত মাজে-সময়ে তেওঁৰ সহায় লৈছিল। চণ্ডীবৰ বাৰভূঞাৰ শিৰোমণি ভূঞা হৈ শাসনকাৰ্য্য অতি সুন্দৰৰূপে চলাইছিল আৰু সেই অঞ্চলত ভোট আদি পৰ্ব্বতীয়া জাতিবিলাকৰ উপদ্ৰৱ বহু পৰিমাণে দমন কৰি শান্তি স্থাপন কৰিব পাৰিছিল। দুৰ্ল্লভনাৰায়ণে এবাৰ চণ্ডীবৰক ধৰাই নিয়াই ৰাজধানীৰ বন্দীশালত থয়। চৰিত্ৰ লেখকসকলে চণ্ডীবৰক বন্দীশালত থোৱাৰ কাৰণ দুটী নিৰ্দ্দেশ কৰিছে। প্ৰথম,—চণ্ডীবৰ লেঙ্গামাগুড়িত থাকি বৰ প্ৰতাপশালী হৈ পৰিল; তেওঁ ৰজাৰ আজ্ঞাকো লঙ্ঘন কৰি নিজৰ মতে শাসন কৰিছিল, নিয়মমতে কৰ নপঠাইছিল আৰু ৰজাৰ দূতক বন্দী কৰি থৈছিল। এইবিলাক কাৰণত খঙ্গ উঠি ৰজাই ফৌজ পঠাই চণ্ডীবৰক ধৰাই নি বন্দীশালত থোৱায়। আন কাৰণ, — যেতিয়া, চণ্ডীবৰ কমতাৰ ৰাজ্যলৈ আহে সেই সময়ত ধৰ্ম্মনাৰায়ণ ৰজাই তেওঁক এৰি নিদিছিল। চণ্ডীবৰে প্ৰতি বছৰে এবাৰ গৌড় ৰাজ্যলৈ যাব বুলি অঙ্গীকাৰ কৰি কমতা ৰাজালৈ আহে। সেই অঙ্গীকাৰ মতে চণ্ডীবৰ গৌড় ৰাজ্যলৈ প্ৰতি বছৰে এবাৰ গৈছিল। তাতে কমতাৰ ৰজাই চণ্ডীবৰক ঘনে ঘনে গৌড় ৰাজ্যলৈ যোৱা দেখি তেওঁৰ ৰাজ্য গৌড়ৰ ৰজাক দিয়াবৰ চক্ৰান্ত [ ১২ ]

হব পাৰে। গৌৰেশ্বৰে কিন্তু নিজৰ প্রজাৰ মৰম এৰিব নোৱাৰি, কনোৌজৰপৰা উটি-বুৰি অহা আলহী কেইঘৰকে দি পাল মাৰিলে আৰু মিত্ৰতা ৰক্ষণ কৰিলে। কমতেশ্বৰে বৰ আনন্দেৰে এই চৌদ্ধ ঘৰ মানুহক নিজ খুচি মতে মাটি-বাৰী বিচাৰি বসতি কৰিবলৈ দিয়াত তেওঁবিলাক উত্তৰ পাৰে লেঙ্গামাগুৰি নামেৰে এখন বিলৰ পাৰত মাছ-খৰিব সুচল চাই গাওঁ পাতি বহিল। ৰজাই দূত পঠিয়াই স্থানীয় মানুহৰ হতুৱাই ঘৰ-বাৰী সজাই দিয়ালে। কিন্তু তেতিয়াও তেওঁবিলাকৰ শনিৰ দশা নৌ ওকলে। অসভ্য ভোট আহি বছৰচেৰেকৰ পাচতে এই ভাটীৰ মানুহ কেইঘৰক লেঙ্গামাগুৰিৰ...সোৱাদৰ পৰা বঞ্চিত কৰিলে কোৱা বাহুল্য,এই সময়তে মানুহ কেইঘৰ থানবান হল কিছুমান দক্ষিণলৈ আৰু কিছুমান পূবলৈ গল। চণ্ডীৱৰকে আদি কৰি কিছুমানে দক্ষিণ পাৰে টেম্ৱুৱনী নামেৰে এটা জানৰ পাৰত বহিলহি। এই জানটিক আজকালি শান্তিজান বোলে ;নগাৱঁৰ পৰা দহ মাইল ভটীয়াই গলেই পায় ।
  শঙ্কৰদেৱৰ আদি পুৰুষৰ নাম ।
  প্ৰেম পূৰ্ণানন্দ গিৰী ! তেওঁ অতি গোত্ৰ সত্ৰৰ

   কৃষ্ণ গিৰী ।

   সুবৰ্ণ গিৰী ।

  • ২য় বছৰৰ "আলোচনীত” ওলোৱা “মহাপুৰুষ শঙ্কৰদেৱৰ জীৱন-চৰিত" [ ১৩ ]

গন্ধৰ্ব্ব গিৰী ।
বাম গিৰী ।
হেম গিৰী ।
হৰিবৰ গিৰী ।
কন্যা কৃষ্ণকান্তি ।
লণ্ডাদেৱ বা লণ্ডীবৰ ।
চণ্ডীবৰ ।
ৰাজধৰ । ( ভাৰ্য্যাৰ নাম দেৱছহুতী )

 সূৰ্য্যধৰ  জয়ন্তা  মাধৱ   হলায়ুধ  (ভাৰ্য্যা,  (ভাৰ্য্যা,খেৰ-  (ভাৰ্য্যা,খেৰ-  [ভাৰ্য্যা, থেৰ খেৰপ্তী) শুীৰ দ্বিঃ ভগ্নী) শুীৰ তৃঃ ভী) শুীৰ চঃ ভগ্নী) কুমৰ শতানন্দ মাধৱীদলৈ সন্ধা ; [২] অনুধৃতি নাৰায়ণপ্ৰিয়া ঠিকান্ত সত্যঃ – শঙ্কৰদেৱ জগতানন্দ হাতীয়া [ ১৪ ]  জোনাকীৰ প্ৰবন্ধত এই বংশাবলীৰ অলপ লৰচৰ আছে; গতিকে, তাক তলত দিলোঁ;—“সুপন্থ গিৰী, কৃষ্ণদেৱ গিৰী ৰামদেৱ গিৰী, হেমদেৱ গিৰী, গন্ধৰ্ব্বদেৱ গিৰী, সুবৰ্ণ গিৰী হৰিবৰদেৱ গিৰী, কৃষ্ণকান্তি দেবী, লণ্ডাদেৱ গিৰী, চণ্ডীবৰ বা দেবীদাস, ৰাজধৰ। ৰাজধৰ চাৰি পুতেকঃ—সুৰ্য্যবৰ, জয়ন্ত, মাধৱ আৰু হলায়ুধ। সূৰ্য্যবৰৰ পুতেক কুসুম গিৰী, কুসুমৰ পুতেক শঙ্কৰ, শঙ্কৰৰ তিনটি লৰা আৰু দুজনী ছোৱালী,-বিষ্ণুপ্ৰিয়া, ৰামানন্দ, কমললোচন, হৰিচৰণ, আৰু ৰুক্মিণী। ৰামানন্দৰ পুতেক পুৰুষোত্তম। জয়ন্তৰ পুতেক শতানন্দ, তেওঁৰ পুতেক ৰামৰায় বা জগদানন্দ। মাধৱৰ পুতেক হাতীদলৈ, তেওঁৰ পুতেক ৰতিকান্ত। হুলায়ূধ নিঃসন্তান। [২]

  1. লণ্ডাদেৱ নামে একজন আছিলন্ত।
    চণ্ডীবৰে ৰাজ সেৱা বিস্তৰ কৰিল।
    দেবিদাসে বসাইলন্ত টেম্বুৱানি বন্ধে।
    কৰা সেৱা দুৰ্ল্লভ নাৰাৰণ নৃপতিৰ।
    হেনয় পণ্ডিত দেৱীদাস আছিলন্ত।
    দানী মানী গুণৱন্ত শান্ত শুভনয়।
    সুৰ্য্যবৰ পুত্ৰ ভৈল কুসুম নামত।
    শঙ্কৰৰ বৰত পুত্ৰক লভিলন্ত।

       

    চণ্ডিবৰ নামে তান তনয় ভৈলন্ত॥
    দুৰ্ল্লভনাৰায়ণে দেবিদাস নাম দিল॥
    বৰদোৱা নামে গ্ৰাম পৰম প্ৰৱন্ধে॥
    দাতা ভোক্তা জ্ঞাতা বীৰ গহীন গম্ভীৰ॥
    ৰাজধৰ নাম তান তনয় ভৈলন্ত॥
    ভৈল তিনিজন জানা তাহান তনয়।
    তিনিয়ো পণ্ডিত গুণৱন্ত অনুপাম॥
    সেহি বেলা কুসুমৰ পুত্ৰ উপজিল॥—
    এতেকে শঙ্কৰৰ নাম থৈলন্ত॥ ”

    দৈত্যাৰি

  2. “শ্ৰীযুত নকুলচন্দ্ৰ ভূঞাই “বাৰভূঞা” বুলি এখন কিতাপ লেখিছে। তেওঁ ১৮৪৫ শকৰ ফাগুণৰ বাঁহীত লেখিছে—‘‘অসমত বাৰভূঞা কুলিলে যিটো জাতিক বুজায় লিখকৰ ‘বাৰভূঞাঁই সেই “বাৰভূঁয়া"। এওঁবিলাকেই লক্ষীমপুৰ, ৰত্নপুৰ, কলংপুৰ, গহপুৰ, নাৰায়ণপুৰ, এই পাঁচপুৰত ৰাজত্ব কৰা বাৰভূঞা, এই বাৰভুঞাৰ পূৰ্ব্বপুৰুষ অসমৰ আদি মানুহ বা অতি আদিতে অহা যে নিশ্চয় ই ধুৰূপ। আৰিমত্ত ৰজাৰ ৰাজত্বৰ পাছত আহোমৰ হাতত পৰাজিত নোহোয়ালৈকে উত্তৰ পাৰে এই বাৰভূঞাসকলেই ঘাই ৰাজশক্তি আছিল। গৌৰৰপৰা কমতাপুৰৰ ৰজাই সাতখন কায়স্থ আৰু সাতঘৰ ব্ৰাহ্মণ আনে। তেওঁবিলাকক কমতাপুৰৰ ৰজাই জমিদাৰি দি ভূঞা উপাধি দিয়ে। এওঁবিলাকক অসমৰ বিখ্যাত “বাৰভূঞাৰ” লগত ধৰিব নোৱাৰি। শ্ৰীশঙ্কৰদেৱ ক্ষমতাপুৰ ৰজাই পতা ভুঞাৰহে সন্ততি আছিল, ৰাজত্ব কৰা বাৰভুঞাৰ সন্ততি নহয়। বাৰভূঞাক” কোনো ৰজাই ভূঞা পতা নাই, তেওঁবিলাকে নিজ ভূজবলেৰেহে বাৰভূঞা বা ভূঞা নামে অভিহিত হৈছিল। “বাৰভূঞা” আৰু “কমতাপুৰ ভূঞাৰ’ ভিতৰত