পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় মাধ্যা । ধ্যান, ধাৰণা, সমাধি, আসন, প্ৰাণায়াম অাদি যত । বিষয়ত ৰতি ত্যজিয়া সম্প্ৰতি জ্ঞাচৰা মাত্ৰ সতত । শৰীৰৰ ছয় চক্ৰক ছি ন্ত মনত কৰি নিয়ম | পাছে ভাগৱত শাস্ত্ৰক পাইলন্ত সবাতো কৰি উত্তম ৷ ভাগৱত তত্ব জনিয়া পাছত এৰিলা যোগ ভোল । শঙ্কৰদেৱ দেখিবলৈ সুপুৰুষ আছিল, আৰু তেওঁৰ গাৰ বৰণ কচা-সোণৰ বৰণ যেন আছিল । দৈত্যাবি ঠাকুলে লেখিছে , - “দেখিতে সুন্দৰ শোঁৰবৰ্ণ কলেৱৰ । প্ৰকাশ অতি সূৰ্য্য সমসৰ ৷৷ ৰূপ দেখি কন্দৰ্পৰে৷ দৰ্প হোৱে ছন্ন । সৰ্ব্বজন ৰঞ্জি থাকে মধৰ বচন । গমন গম্ভীৰ, নেত্ৰ কমলৰ পালি । চন্দ্ৰসম বদন প্ৰকাশে অল্প হামি ৷ সুবোধ সুথিৰ ধীৰ গম্ভীৰ সাগৰ । প্ৰীতি বাঢ়ি যায় তান্ত সমস্ত লোকৰ ॥” মাধৱদেৱে লেখিছে ,— ‘দৰশিতে সুন্দৰ গোঁৰ কলেৱৰ, যৈচন সুৰপৰকাশ । সকলো স পাসদৰঞ্জন যাকেৰি দৰশনে পাপ বিনাশ ; বিনা অঙ্গভূষণ দেখিতে সুশোভন, গহীন গম্ভীৰ ধীৰ মতি । অায়ত কমল-নয়ন বৰ সুন্দ বয়ন চান্দকহো জ্যোতি ॥ লীলা গজগতি গমন বিলোকন, বাণী মেঘ-গম্ভীৰ । পাষণ্ডমৰ্পন কলিক কালে যাক সম নাহি ধীৰ ॥”