অমৃত কথা

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]

অমৃত কথা

সাধুপুথি

নীলিমা বৰা

[ প্ৰথম পৃষ্ঠা ]

অমৃত কথা

    সাধু পুথি

 

নীলিমা বৰা

 

[ প্ৰকাশন ]

AMRIT KATHA
A Story Book written by Nilima Bora
and published by Naba Kalita on behalf of KIRAN PRAKASHAN,
D. K. Market Complex, Dhemaji Chariali, Dhemaji, and printed at Dhemaji
Offset Printers, Ratanpur, Dhemaji-787057


First Edition: Nov., 2011 Price: 35/-


প্ৰকাশক
নৱ কলিতা
কিৰণ প্ৰকাশন, ডি.কে. মাৰ্কেট কমপ্লেক্স
ধেমাজি চাৰিআলি, ধেমাজি।
☎৯৮৫৪০৮৮৬০৪

প্ৰথম প্ৰকাশ
নৱেম্বৰ, ২০১১

মূল্য
৩৫.০০ টকা

অক্ষৰ বিন্যাস
পৱন বড়া


মুদ্ৰক
ধেমাজি অফ্‌চেট্ প্ৰিণ্টাৰ্চ, ৰতনপুৰ
ধেমাজি -৭৮৭০৫৭
☎৯৮৫৪০৮৯৩৭৭

[ উছৰ্গা ]

নানান গ্ৰন্থত পোৱা কথাৰ আলমত
মোৰ মনেসজা কাহিনী
অমৃত কথা
অকণিহঁতৰ হাতত
তুলি দিলো।

 -লেখিকা

[ সূচীপত্ৰ ]

সূচীপত্ৰ

১৷ অমৃত কথা /০৫

২৷ নিমি ৰজাৰ কাহিনী /০৯

৩৷ সৰস্বতী দেৱীৰ কাহিনী / ১১

৪৷ তম্বুক অসুৰৰ কথা / ১৪

৫। স্বৰ্ণ ভাগা/১৭

৬৷ নাৰদৰ কাহিনী /২০

৭৷ কাবেৰী নদীৰ কাহিনী / ২৩

৮৷ সাত নদীৰ সাধু / ২৬

৯৷ সূৰ্য মন্দিৰ / ২৯

১০৷ পাতাল পুৰীৰ কুশী /৩৪

[  ]

অমৃত কথা

 সংস্কৃত সাহিত্যত অনেক মনোৰম গল্প, কাহিনী পোৱা যায়। মহান পণ্ডিতসকলৰ অৱদানেৰে সংস্কৃত সাহিত্য চহকী হৈ আছে। তাৰে এটি কাহিনী তোমালোকক ক’বলৈ ওলাইছোদেই।

 তাহানিতে বিন্ধ্যপৰ্ব্বতৰ গভীৰ অৰণ্যত দেৱী পাৰ্ব্বতীৰ এটি মন্দিৰ আছিল৷ তাতে কণভূতী নামৰ পিশাচ এটাই বাস কৰিছিল। কণভূতী পিশাচ পাৰ্ব্বতীৰ বৰ প্ৰিয় আছিল। কণভূতীয়ে ভূত-ভৱিষ্যতৰ কথা ক’ব পাৰিছিল।

 এদিন কণভূতীয়ে বৰ বেজাৰ মনেৰে ঘূৰি ফুৰা লোক এজন দেখা পালে কণভূতী লোকজনৰ ওচৰ চাপি গ’ল আৰু সুধিলে— “তুমি কোন? এই গভীৰ অৰণ্যত অকলে কিয় ঘূৰি ফুৰিছা?”

[  ]  লোকজনৰ দুগালেৰে দুধাৰি চকুলো বৈ আহিল। মুখেৰে হ’লে একো নেমাতিলে। তাকে দেখি কণভূতীয়ে ক'লে— “মই তোমাৰ সকলো কথা গম পাইছো। তুমি তোমাৰ শপত পালন কৰি মৌন ব্ৰত পালন কৰিছা। কোনো কথা নাই, তুমি মানুহৰ ভাষা ব্যৱহাৰ নকৰো বুলিহে শপত খাইছা। মই তোমাক পৈশাচিক ভাষাৰ গিয়ান দিম। তেতিয়া আৰু অসুবিধা নহ’ব।”

 কণভূতী পিশাচৰ ওচৰত লোকজনে পৈশাচিক ভাষা শিকিবলৈ ধৰিলে আৰু এদিন পাৰ্গত হৈ উঠিল। এদিন কণভূতীক লোকজনে ক’বলৈ ধৰিলে— “হে প্ৰিয় কণভূতী, মই ৰজা সাত বাহনৰ ৰাজসভাৰ কবি গুণাঢ্য। এদিন ৰজাই মোক কিমানদিনৰ ভিতৰত সংস্কৃত ব্যাকৰণত তেওঁক বিদ্বান কৰি তুলিব পাৰিম সুধিলে। মই ছয় বছৰ বুলি ক’লো। কিন্তু ৰাজমন্ত্ৰী শৱ শৰ্মাই মাত্ৰ ছয় মাহতে সেই কাম কৰিব পাৰিব বুলি কথা দিলে। মই শপত খালো— যদি তেওঁ সঁচাকৈয়ে ছয় মাহতে ৰজাক সংস্কৃত ব্যাকৰণত বিদ্বান কৰি তুলিব পাৰে মই চিৰদিনলৈ সংস্কৃত বা অন্য মানুহৰ ভাষা ত্যাগ কৰিম। মোৰে দুৰ্ভাগ্য শৱ শৰ্মাই কঠোৰ তপস্যা কৰি কাৰ্ত্তিকৰ বৰ লাভ কৰি ৰজাক ছয় মাহতে বিদ্বান কৰি তুলিলে। মই ৰাজ্য ত্যাগ কৰি গুচি আহিলো।”

 কণভূতীয়ে হাঁহি মাৰি ক'লে— “গুণাঢ্য, এয়া তোমাৰ কপালৰ লিখন। মই তোমাৰ কথা কওঁ শুনা— তুমি যিজন ব্ৰাহ্মণৰ ঘৰত শিক্ষা-দীক্ষাৰে ডাঙৰ হলা সেইয়া তোমাৰ পিতৃ নহয়। তোমাৰ জন্ম ‘নামক’ নামৰ এখন ৰাজ্যত। তোমাৰ পিতৃ কীৰ্ত্তিনাথ আৰু মাতৃ শ্ৰতাথা। তোমাৰ আয়েৰা সৰগৰ এগৰাকী পৰীহে আছিল। ইন্দ্ৰৰ শাপত মানুহৰ জনম পাইছিল। তোমাৰ জনমৰ লগে লগে তেওঁ শাপ মুক্ত হৈ সৰগলৈ যাত্ৰা কৰিছে। আচলতে তুমিও দেৱী পাৰ্ব্বতীৰ অভিশাপতহে মৰতত জনম লৈছাহি। তোমালোকক শাপমুক্ত কৰিবলৈকে মোক পাৰ্ব্বতীয়ে পঠিয়াইছে।”

 গুণাঢ্য বৰ আচৰিত হ'ল। নিজৰ কথা জানিবলৈ বিয়াকুল হৈ পৰিল। তাকে দেখি কণভূতীয়ে কৈ গ’ল— “তুমি ভোলানাথ শিৱৰ অনুচৰ মাল্যবান। তোমাৰ লগৰীয়া পুষ্প দন্ত। এদিন দেৱী পাৰ্ব্বতীয়ে জানিবলৈ বিচৰাত শিৱই বিদ্যাধৰসকলৰ গোপন কাহিনী কৈ শুনাইছিল। তোমালোক দুয়ো মনে মনে শুনি আছিলা। দেৱী পাৰ্ব্বতীয়ে গম পাই খঙতে [  ] অভিশাপ দি দুখ-কষ্টেৰে ভৰা মনুষ্য জীৱন ল’বলৈ পঠিয়ালে।”

 গুণাঢ্যৰ সকলো কথা মনত পৰিল। তেওঁ ক'লে— “কণভূতী। মোৰ সকলো কথা মনত পৰিছে। পুষ্প দন্তৰ বিষয়ে কোৱাছোন।”

 কণভূতীয়ে ক’লে— “পুষ্প দন্তই কাত্যায়নী নামেৰে জনম পালে। নন্দৰাজবংশৰ বহুত সেৱা কৰিলে। কিছুদিনৰ আগতে বৃদ্ধ পুষ্প দন্ত সন্ন্যাস জীৱন কটাবলৈ এই অৰণ্যলৈ আহিছিল৷ মই তেওঁক দেৱী পাৰ্ব্বতীৰ কথামতে সকলো কথা ক’লো আৰু দেৱী পাৰ্ব্বতীয়ে যে ভোলানাথৰ ওচৰত দোষ স্বীকাৰ কৰি ক্ষমা খুজিবলৈ কৈছে তাকো ক’লো। তেওঁ তাকে কৰিলে আৰু মুক্তি লাভ কৰি পুনৰ নিজৰ ঠাই পাইছেগৈ। তুমিও তাকে কৰা ভাল হ’ব।”

 পিছে গুণাঢ্যই ক’লে— “মই নিশ্চয় সেইয়াই কৰিম। কিন্তু তাৰ আগতে মই যি গিয়ান লাভ কৰিলো, সেইয়া মৰতৰ অগিয়ানী লোকসকলক দি যাব খুজিছো।”

 কণভূতীয়ে মনত বৰ ৰঙ পালে। ক’লে— “তুমি সজ কাম কৰিবলৈ ওলাইছা। তোমাৰ কাম তুমি কৰি লোৱা।”

 গুণাঢ্য ৰাজ্যলৈ ঘূৰি আহিল। নিজৰ তেজেৰে সাত বছৰত সাত লক্ষ শ্লোকৰ পুথি পৈশাচিক ভাষাত লিখি উলিয়ালে। তেওঁৰ শিষ্যৰ হাতত ৰজা সাতবাহনলৈ পুথিবোৰ দি পঠালে।

 পিছে সেইবোৰ তেজেৰে লিখা কাৰণে ৰজাই গ্ৰহণ নকৰিলে। গুণাঢ্যই মনত বৰ আঘাট পালে। তেওঁ সোপাকে লৈ আকৌ অৰণ্য পালেহি। বৰগছ এজোপাৰ তলত বহি সেই শ্লোকবোৰ এটা এটাকৈ মাতি গ’ল আৰু জুইত পুৰি গ’ল। প্ৰতিটো শ্লোক আছিল একোটা একোটা অতি মনোৰম সৎ জ্ঞানপূৰ্ণ কাহিনী।

 সত্যযুগত পশু-পক্ষী বিলাকেও কথা ক’ব পাৰিছিল আৰু কথা বুজি পাইছিল। গুণাঢ্যৰ কাহিনীবোৰ শুনি অৰণ্যৰ সকলো পশু-পক্ষী গোট খালেহি। কাহিনীবোৰ শুনি ইমানেই বিভোৰ হৈ পৰিল যে খোৱা-শোৱাও এৰিলে। ফলত পশু-পক্ষীবোৰ শুকাই- ক্ষীণায় যাবলৈ ধৰিলে।

 শুকাই-ক্ষীণাই যোৱা হৰিণাৰ শুকান মাংস খাই ৰজা নৰিয়াত পৰিল। কবিৰাজে [  ] তেনে মাংস খাবলৈ বাধা দিলে। কিন্তু ৰজাৰ চিকাৰীয়ে জনালে যে পশু-পক্ষীবোৰে খোৱা-শোৱা পাহৰি পণ্ডিত এজনৰ কথা শুনিবলৈ লোৱাত এনে দশা হৈছে। ৰজাই ভূ ল’বলৈ অৰণ্যলৈ আহিল। গুণাঢ্য পণ্ডিতক দেখা পায় তেওঁ নিজৰ ভুল বুজিব পাৰিলে। এই অমৃত কথাবোৰ তেওঁক দি দিবলৈ অনুৰোধ কৰিলে। পুথিবোৰ পুৰি শেষ হৈ আহিছিল। মাথো এক লক্ষহে আছিল। তাকে তেওঁ ৰজাৰ হাতত তুলি দিলে।

 গুণাঢ্যই নিজৰ কৰ্তব্য শেষ কৰি অভিশাপ মুক্ত হৈ সৰগলোক পালেগৈ। গুণাঢ্য পণ্ডিতৰ কথাবোৰ পশু-পখীৰ মাজত বহু কাললৈকে চলি থাকিল। আজিও মানুহৰ দৰে কথা ক'ব নোৱাৰিলেও পশু-পখীৰ মাজত জ্ঞানগৰ্ভ কথাবোৰ চলি আছে।

⸻•••••••⸻

[  ]

নিমি ৰজাৰ কাহিনী

 ভাগৱত হিন্দু ধৰ্মৰ এখনি মহৎ ধৰ্ম পুথি। ভাগৱতত থকা আখ্যানবোৰে মানুহৰ উপকাৰ সাধি আহিছে। কিয়নো এই আখ্যান পঢ়িলে বা শুনিলে মানুহৰ পূণ্যসাধন হয়। ‘নিমি ৰজা’ ভাগৱতৰে এটি আখ্যান।

 অতি পুৰণি কালৰে পৰা ভাৰতবৰ্ষত অনেক ৰজাই ৰাজত্ব কৰি আহিছে। এবাৰ নিমি নামৰ এজন বৰ সৎ আৰু ধাৰ্মিক ৰজাই ৰাজত্ব কৰিছিল। তেওঁ মানুহৰ সুখ-দুখৰ খবৰ ৰাখিছিল আৰু প্ৰজাসকলক নিজৰ সন্তানৰ নিচিনাকৈ আদৰ যতন লৈছিল।

 এবাৰ নিমি ৰজাই বৰ দীৰ্ঘ দিনীয়াকৈ, একেবাৰে এহেজাৰ বছৰীয়াকৈ এটি যজ্ঞ পাতিবলৈ মন কৰিলে। সেই দিনত সকলো শ শ বছৰ জীয়াই আছিল। যজ্ঞৰ সকলো আয়োজন কৰি তেওঁ বশিষ্ঠ মুনিক পুৰোহিত হিচাবে নিমন্ত্ৰণ জনালে।

 ইফালে ইন্দ্ৰ দেৱতাইও পাঁচশ বছৰীয়াকৈ এটা যজ্ঞৰ আয়োজন কৰি বশিষ্ঠ মুনিক যজ্ঞৰ কাম সমাধা কৰিবলৈ নিমন্ত্ৰণ কৰিলে।

 বশিষ্ঠ মুনিয়ে নিমি ৰজাক ক’লেহি, তেওঁ ইন্দ্ৰৰ যজ্ঞ সমাপন কৰি তেওঁৰ যজ্ঞৰ কাম [ ১০ ] কৰিবহি। সেই কথা শুনি নিমি ৰজাই মনে মনে দুঃখিত হ’লেও মুখেৰে একো নক’লে। বশিষ্ঠ মুনি গুচি গ’ল। যজ্ঞৰ কাম পিচুৱাবলৈ ভাল নেপাই নিমি ৰজাই গৌতম মুনিক নিমন্ত্ৰণ কৰিলে। গৌতম মুনিয়ে বৰ আনন্দমনেৰে নিমন্ত্ৰণ ৰক্ষা কৰি যজ্ঞৰ কাম আৰম্ভ কৰিলেহি।

 দিনে-নিশাই যজ্ঞৰ কাম চলি থাকিল। অগণন লোকে সেই যজ্ঞ উপভোগ কৰি পূণ্য সাধিলে। ইন্দ্ৰৰ যজ্ঞৰ কাম সমাধা কৰি বশিষ্ঠ মুনি নিমি ৰজাৰ ওচৰলৈ আহিল।

 পিছে, যজ্ঞৰ কাম চলি থকা দেখি বশিষ্ঠ মুনিৰ ভীষণ খঙ উঠিল। ৰজাক অভিশাপ দি ক’লে—“মোক নিমন্ত্ৰণ কৰি মোকে অপমান কৰিলি। তোকো মই সোঁশৰীৰে যজ্ঞত ভাগ ল’বলৈ নিদিওঁ। তই দেহহীন হৈ পৰ।”

 নিমি ৰজা সেই সময়ত জিৰণি লৈ টোপনিত আছিল৷ সাৰ পাই নিজৰ অৱস্থাৰ কথা গম পাই বৰ দুখ পালে। তেৱোঁ ক’লে—“হে পৰমেশ্বৰ, মোৰ ঈশ্বৰ ভক্তি যদি পৱিত্ৰ, মই যদি ধৰ্মত আছো বশিষ্ঠ মুনিও শ বছৰলৈ দেহহীন হৈ পৰক।”

 ৰজাৰ কথামতে বশিষ্ঠ মুনিও দেহহীন হৈ পৰিল। শ বছৰৰ পিছত কোনোমতে অন্য দেহ লৈ শাপমুক্ত হ’ল।

 নিমি ৰজাৰ যজ্ঞ হাজাৰ বছৰৰ অন্তত শেষ হ’ল। দেৱতাসকল সন্তুষ্ট হৈ আশীৰ্বাদ দিবলৈ আহিল। আশীৰ্বাদ ল’বলৈ তেওঁলোকে ৰজাৰ শৰীৰ আগৰ নিচিনা কৰিব খুজিলে। কিন্তু দেহহীন নিমি ৰজাই কাতৰে ক’লে— “হে দেৱতাসকল, পুনৰ মানুহৰ শৰীৰ লৈ শোক, তাপ পাবলৈ মোৰ আৰু মন নাই। মানুহৰ সেৱাই মোৰ ধৰ্ম। মোক এনে আশীৰ্বাদ কৰক– মই অদৃশ্য হৈয়ো যেন চিৰকাল মানুহৰ সেৱা কৰি জীয়াই থাকিব পাৰো।”

 দেৱতাসকলে নিমি ৰজাৰ কথা শুনি আশীৰ্বাদ কৰিলে—‘তুমি মানুহৰ চকুত ‘নিমিষ’ হৈ থাকি মানুহৰ উপকাৰ সাধন কৰি থাকিবা।'

 তেতিয়াৰপৰা নিমি ৰজা মানুহৰ চকুত ‘নিমিষ’ অৰ্থাৎ মানুহৰ চকুৰ পলক হৈ মানুহৰ মাজত জীয়াই থাকিল। যাৰ বাবে মানুহে চকু পচাৰি শান্তি পায়।

⸻••••⸻

[ ১১ ]

সৰস্বতী দেৱীৰ কাহিনী

 পুৰাণ হিন্দুসকলৰ ধৰ্মশাস্ত্ৰ। কথিত আছে, ব্ৰহ্মাৰ মুখৰ পৰা নিগৰি ওলোৱা ‘বিপুলায়তন’ নামৰ পুৰাণখনৰ জটিল কথাবোৰ মানুহৰ বাবে সহজ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণ পৃথিৱীলৈ আহি ব্যাসৰ ৰূপ লৈ খণ্ড খণ্ডকৈ ওঠৰখন পুৰাণ ৰচনা কৰে। সেই পুৰাণৰে সাধু এটি কওঁ শুনাছোন—

 স্বৰ্গলোকত নাৰায়ণ ব্ৰহ্মা লক্ষী সৰস্বতী গঙ্গা আদি দেৱ-দেৱীসকলৰ বাস।

 এদিন কথাই কথাই সৰস্বতী আৰু গঙ্গাদেৱীৰ বৰ কাজিয়া লাগিল। তেওঁলোকৰ কাজিয়া দেখি লক্ষী দেৱীয়ে দুয়োকো মনে মনে থাকিবলৈ ক'লে। কাজিয়া কৰাটোযে অশোভনীয় কথা বুজাই দিলে। তাকে শুনি সৰস্বতীৰ লক্ষীৰ ওপৰত বৰ খঙ উঠিল। [ ১২ ] ক’লে— “তুমি মোৰ দোষবোৰহে দেখা যেন লাগিছে।”

 লক্ষীয়ে শান্তভাৱে ক’লে—“সৰস্বতী, দোষ-নিৰ্দোষৰ কথা কোৱা নাই। কাজিয়া যে মুৰুখ লোকেহে কৰে তাকে কৈছো। বুজাবুজিৰ মাজেৰে কথাবোৰ পাতিব লাগে।”

 সৰস্বতীৰ খঙ দুগুণে চৰিল। খঙতে লক্ষীদেৱীক অভিশাপ দি বোলে—“তুমি ধীৰ স্বভাৱৰ, সকলো সহিব পাৰা। মই নোৱাৰোঁ। তোমাৰ যদি ইমান সহন শক্তি পৃথিৱীত তুমি গজ হৈ থাকাগৈ। অকল সেয়ে নহয়, অনুশোচনাত চকুপানী বোৱাই তোমাৰ এটা ৰূপ নৈ হৈ বব।”

 সৰস্বতীৰ কথাই গঙ্গাক বাৰুকৈয়ে খঙ তুলিলে। ক’লে—“বিশ্বৰ মাতৃস্বৰূপা লক্ষীক এনেকৈ অভিশাপ দিয়ানে? মইও তোমাক অভিশাপ দিছো, তুমিও নৈ হৈ পৃথিৱীত বব লাগিব। পাপী মানুহবোৰে তোমাৰ পানীত গা ধুই পাপ ক্ষয় কৰিব; আৰু সেই পাপবোৰ তুমি বহন কৰিব লাগিব।”

 তেনেতে বিষ্ণু আহি উপস্থিত হ’ল। সকলো কথা শুনি বৰ বেজাৰ পালে। তেওঁ ক’বলৈ ধৰিলে– “তোমালোকে নিজৰ গৰ্বত নিজে বিপদ মাতি আনিলা। খঙে বিনাশ আনে।”

 বিষ্ণুৰ কথা শুনি তেওঁলোকে বৰ লাজ পালে। সৰস্বতীয়ে চকুৰপানী টুকি টুকি ক’লে— “হে প্ৰভু, মোক ক্ষমা কৰা। খঙত মই অতি হীনমতি হৈ পৰিলো। মই আৰু জীয়াই থাকি লাভ নাই। এই জীৱন ত্যাগ কৰাই ভাল হ’ব।”

 লক্ষীদেৱীৰ বৰ বেয়া লাগিল। তেওঁ বিষ্ণুক এটা উপায় দিবলৈ প্ৰাৰ্থনা কৰিলে। বিষ্ণুৱে ক’লে– “দিয়া অভিশাপ অথলে নেযায়। তথাপি মই কওঁ শুনা– “সৰস্বতী, তুমি ব্ৰহ্মাৰ ওচৰত কিছুকাল পত্নীৰূপে থাকি ব্ৰহ্ম জ্ঞান লোৱাগৈ। তাৰ পিছত ভাৰতদেশত নৈ হৈ থাকি পাপীসকলক উদ্ধাৰ কৰিবা। পাঁচহেজাৰ বছৰৰ শেষত শাপ মুক্ত হৈ তুমি সৰগলৈ গুচি আহিব পাৰিবা।”

 সৰস্বতীয়ে চকুলো বোৱাই ক’লে— “নাৰায়ণৰ পৰা পোৱা মোৰ সৰ্বজ্ঞান প্ৰাপ্তি বৰ এনেদৰেই নাশ হ’বনে?”

 বিষ্ণুৱে সান্ত্বনা দি ক’লে—“তোমাৰ নাম আৰু গিয়ান স্বৰ্গলোক মৰ্ত্যলোক সকলোতে [ ১৩ ] চিৰদিন বিয়পি থাকিব। পৃথিৱীত মাঘমাহৰ শুক্লা পঞ্চমী তিথিত সকলোৱে তোমাৰ পূজা- অৰ্চনা কৰিব তেওঁৰ মনৰ কামনা শীঘ্ৰে পূৰণ হ’ব। আৰু শুনা, চতুৰ্দশী অক্ষয়া তিথিত যিয়ে সৰস্বতী নদীত গা ধুব তেওঁ বৈকুণ্ঠগামী হ’ব।

 বিষ্ণুক প্ৰণাম জনাই সৰস্বতীয়ে ব্ৰহ্মাৰ চৰণত ঠাই ললেগৈ।

 বহুকালৰ পিছত পৃথিৱীত নৈ হৈ থিতাপি ললেহি৷ আজিও ভাৰতবৰ্ষত সৰস্বতী নৈ বৈ আছে, আৰু শ শ জনে গা ধুই মুক্তি লভিছে। আনহাতে সৰস্বতী পূজা পাতিও মানুহ ধন্য হৈ আহিছে।

[ ১৪ ]

তম্বুক অসুৰৰ কথা

 ৰামায়ণ মহাকাব্যৰ কথা নজনা মানুহ নাই। ৰামচন্দ্ৰ চৈধ্যবছৰ বনবাসত থাকোতে ঋষি-মুনি, ৰাক্ষস আদি বহুতক লগ পাইছিল। ৰামচন্দ্ৰই লগ পোৱা ৰাক্ষস এটাৰ সাধু কওঁ শুনাছোন—

 ৰামচন্দ্ৰ চৈধ্যবছৰ বনবাসত থাকিবলগীয়া হৈছিল। তেওঁৰ সতে পত্নী সীতা আৰু ভায়েক লক্ষ্মণো আছিল। তেওঁলোক অনেক ঠাই ঘূৰি-ফুৰাৰ পিছত এবাৰ এখন বিশাল [ ১৫ ] অৰণ্যত প্ৰৱেশ কৰিলেগৈ। অৰণ্যখনৰ নাম আছিল দণ্ডকাৰণ্য। তাতে ডাল-পাতেৰে জুপুৰি এটি সাজি থাকিবলৈ ললে।

 এদিন অৰণ্যখনত ঘূৰি-পকি ফুৰোতে সীতাই এটা বৰ আচৰিত ধৰণৰ ৰাক্ষস দেখা পালে। ৰাক্ষসটো আছিল চুটি-চাপৰ। পেটটো হাতী এটাৰ সমান ডাঙৰ। ওঁঠখন বান থোৱা থৈলাৰ নিচিনা ওলমি থকা। চকু দুটা যেন দুটা প্ৰকাণ্ড গাঁতহে৷ কাণ দুখন কলপাতৰ নিচিনা। দাঁতদুটা পাকখাই ওলাই থকা। চকুৰ ওপৰত ঘোঁৰাৰ নেজৰ দৰে দুকোচা চুলি ওলমি থকা গাটো গা-গছৰ দৰে খহটা আৰু প্ৰকাণ্ড। সেই অনুপাতে হাত-ভৰিবোৰ লিক্‌ লিকিয়া। নাকটো চেপেটা; ফুটা দুটাহে বৰ বৰ। চুলিবোৰ থিয় থিয়, জধলা, টান আৰু কেঁকোৰা-কেঁকুৰি। শৰীৰৰ ৰঙ কিচ্ কিচ্ কৰে ক'লা আৰু বীজলুৱা। সীতাই ভয় খাই ততালিকে আহি পঁজাৰ ভিতৰত সোমাই থাকিলহি।

 গধূলি ফল-মূল লৈ উভতি অহা ৰাম আৰু লক্ষ্মণক সীতাই আচৰিত ৰাক্ষসটোৰ কথা ক’লে। তেওঁলোকে সীতাক অকলে ঘূৰি ফুৰিবলৈ মানা কৰিলে। কাৰণ পৰ্বত পাহাৰবোৰত ঋষি-মুনি সকল থকাৰ দৰে ৰাক্ষসবোৰো ঘূৰি ফুৰিছিল।

 এদিন ৰাম আৰু লক্ষ্মণে সেই আপচু ৰাক্ষসটোৰ লগত মুখা-মুখি হ’ল। তেওঁলোকক দেখা পাই ৰাক্ষসটোৱে খাবলৈ খেদি আহিল। ৰাম আৰু লক্ষ্মণে ধনু-কাঁড় মাৰিবলৈ ধৰিলে। পিছে শৰবোৰ বীজলুৱা শৰীৰটোৰ পৰা পিছলি পিছলি পৰিল। এনেদৰে বহু সময় গ’ল।

 অৱশেষত দুয়ো হাতেৰে যুঁজিবলৈ ধৰিলে। পিছে তাতো বৰ পয়মাল হ’ল। কোনো আঘাটেই শৰীৰত নেলাগে। এপাকত লক্ষ্মণে তাৰ পাকখোৱা দাঁতদুটাত খামুচি ধৰিলে। দাঁত দুটা মাজতে ভাগি পৰাত থিয় থিয় চুলি কোচাত থাপ মাৰি ধৰিলে। সেই ছেগতে ৰামচন্দ্ৰই তাৰ পেটত গুৰিয়াবলৈ ধৰিলে। ৰাক্ষসৰ তথাপি মৰণ নঘটিল।

 বহু সময়ৰ পিছত ৰাক্ষসটো লেবেজান হৈ পৰিল। ৰাম আৰু লক্ষ্মণে তাৰ মুখখন ধৰি দুফাল কৰি পেলালে। ৰাক্ষসৰ প্ৰাণবায়ু ওলাই গ’ল। পিছে বৰ আচৰিত কাণ্ড এটা হ’ল। মৰি পৰি থকা ৰাক্ষসটো এটা উজ্জ্বল পোহৰ হৈ পৰিল। চকুৰ পচাৰতে সেই পোহৰৰ পৰা দেখিলে চকু থৰ হোৱা অতি সুন্দৰ পুৰুষ এজন ওলাই আহিল। ৰামচন্দ্ৰক [ ১৬ ] সেৱা কৰি ক’বলৈ ধৰিলে— “প্ৰভু, মোক ক্ষমা কৰিব। মই শাপমুক্ত হ’বলৈহে আপোনাৰ লগত যুঁজ কৰিব লগা হ'ল। মই এজন স্বৰ্গৰ সু-গায়ক গন্ধৰ্ব্ব। মোৰ নাম তম্বুক। এদিন মই ইন্দ্ৰৰ ৰাজসভালৈ যাওঁতে বাটতে কুবেৰক লগ পাওঁ। কুবেৰে মোক লগত লৈ যাবলৈ অনুৰোধ কৰিলে। মই কুবেৰৰ কুৎচিত্ ৰূপটো দেখি ঠাট্টা কৰি লগত নিবলৈ অমান্তি হ’লো। কুবেৰে মনত বৰ আঘাট পাই মোক অভিশাপ দিলে ময়ো অতি কুৎচিত্ ৰূপলৈ যেন মৰতত অনাই-বনাই ঘূৰি ফুৰো; আৰু ৰামচন্দ্ৰৰ হাতত মৃত্যু হ'লেহে পুনৰ আগৰ ৰূপ ঘূৰাই পাওঁ। আজি আপোনাৰ কৃপাতে মোৰ মুক্তি হ’ল।’ –এই বুলি ৰামচন্দ্ৰ আৰু লক্ষ্মণক সেৱা জনাই তম্বুক সৰগৰফালে যাত্ৰা কৰিলে।

 তম্বুকক মুক্তি প্ৰদান কৰি ৰামচন্দ্ৰই বৰ সন্তোষ পালে। *

[ ১৭ ]

স্বৰ্ণভাগা

 সমগ্ৰ বিশ্বতে মুখে মুখে বাগৰি অহা অনেক ৰসোপম কথা শুনিবলৈ পোৱা যায়। আমাৰ দেশতো তেনে অনুপম কথা অনেক আছে। বঙ্গোপ সাগৰৰ তীৰত অৱস্থিত তীৰ্থ ঠাই পুৰীৰ এক অঞ্চলত বছৰত এদিন পানীৰে পূৰ্ণ হৈ পুনৰ নোহোৱা হোৱা লোককথা এটি মুখে মুখে বাগৰি আহিছে। সেই কথাটিৰ সাধু এটি কওঁ শুনিবাদেই–

 বঙ্গোপমহাসাগৰৰ কিছু নিলগত এটি পাহাৰ আছিল। সেই পাহাৰত মৈত্ৰেয়ী নামৰ এখন অতি বিতোপন অৰণ্য আছিল। বিধে বিধে ৰঙ-বিৰঙৰ ফুল, গছ-লতা, জুৰি, শিলনি আদিয়ে মনোমোহা কৰি যোৱা অৰণ্যখনিত অনেক চৰাইৰ সুললিত গীতে দুগুণ ৰহন চৰায়। এনে ধুনীয়া অৰণ্যখনত মাজে মাজে দেৱতাসকলো আহি বিচৰণ কৰি যায়হি। [ ১৮ ]

 এই অৰণ্যতে দ্বিজবৰ নামৰ মুনি এজনৰ এখন আশ্ৰম আছিল। অকলশৰীয়া মুনি বৃদ্ধ হৈ অহাত সহায়ৰ বাবে কন্যাশিশু এটি সৃষ্টি কৰি ল’বলৈ মন কৰিলে। যেনে কথা তেনে কাম। এদিন ভাল দিন ভাল ক্ষণ চাই ল’লে। ক্ষণতো আছিল মাঘ মাহৰ শুক্লা পক্ষৰ ষষ্ঠ তিথি। তেওঁ ব্ৰহ্ম যজ্ঞ সমাপন কৰি সেই যজ্ঞৰ ছাঁইৰে শিশু এটি সাজিলে। তাত যজ্ঞৰ মৌ আৰু ঘিঁউৰে প্ৰলেপ দিলে। শৰীৰত ফুলৰ সুবাস সানিলে। যজ্ঞৰ ধোঁৱাৰে চুলি দিলে। জুইৰ তাপেৰে উজ্বল কৰি মন্ত্ৰৰ পানীৰে জীৱন্ত কৰি তুলিলে।

 শিশুটিয়ে চকু মেলি চালে। শিশুটিৰ দেহৰ সুগন্ধি বতাহে চাৰিওফালে বিয়পাই দিলে। ফুলবোৰ হালি-জালি হাঁহি হাঁহি নাচিবলৈ ধৰিলে। চৰাইবোৰে সু-ললিত গীত জুৰিলে। পখিলাবোৰ জাকি মাৰি উৰি আহিল। শিশুটিৰ ৰূপে চৌদিশ পোহৰাই তুলিলে।

 সোণবৰণীয়া কন্যা শিশুটিৰ মুনিয়ে নাম দিলে স্বৰ্ণময়ী। অৰণ্যৰ বুকুত স্বৰ্ণময়ী ডাঙৰ হৈ আহিবলৈ ধৰিলে। লাহে লাহে অৰণ্যখন তাইৰ বাবে বৰ আপোন হৈ পৰিল। পিতাক দ্বিজবৰক পূজা-অৰ্চনাৰ যোগাৰ দি ফল-মূল বিচাৰিবলৈ অৰণ্যলৈ ঢাপলি মেলে। চৰাই- চিৰিকতি, জীৱ-জন্তুৰ লগত খেলি-ধূলি ফল-মূল লৈ আশ্ৰম পায়হি। গধূলি পিতাকৰ পৰা মন্ত্ৰ পাঠ শিকে৷ নিতৌ ত্ৰিসন্ধ্যা অগ্নিহোম, বিষ্ণু পূজা আদি ধৰ্ম অনুষ্ঠানবোৰত তাই পিতাকক সহায় কৰি দি বৰ আনন্দ পায়।

 স্বৰ্ণময়ী জ্ঞানবুদ্ধিৰে পাকৈত হৈ গাভৰু হ’লহি। দ্বিজবৰ মুনিয়ে ভাবিলে তেওঁ দেহত্যাগ কৰাৰ আগতে এজন ধৰ্ম প্ৰাণ পুৰুষৰ হাতত কন্যাদান কৰা উচিত হ’ব। এই ভাবিয়ে এদিন আশ্ৰমৰ কাম স্বৰ্ণময়ীক গতাই তেওঁ দূৰলৈ যাত্ৰা কৰিলে।

 স্বৰ্ণময়ীয়ে নিয়াৰিকৈ আশ্ৰমৰ কাম-বন কৰি থাকিল। আজৰি হৈ দিনত স্বৰ্ণময়ী অৰণ্যতে সময়বোৰ কটায়। এদিন অৰণ্যত ঘূৰি ফুৰোতে অৰণ্যত আহি বিচৰণ কৰি থকা সূৰ্য দেৱতাই তাইক দেখা পালে। স্বৰ্ণময়ীক দেখি সূৰ্য দেৱতা মোহ গ’ল। তেওঁ স্বৰ্ণময়ীক বিয়া কৰাবলৈ মন কৰিলে। স্বৰ্ণময়ীয়ে বৰ ভয় খালে। তাই সূৰ্যদেৱতাক কাকূতি কৰি গুচি যাবলৈ ক’লে। পিছে সূৰ্য দেৱতাই জোৰকৈ বিয়া কৰাই ললে আৰু এদিন আহি লৈ যাবহি বুলি গুচি গ’ল। শোক আৰু খঙত স্বৰ্ণময়ীয়ে কান্দি কান্দি ক’বলৈ ধৰিলে— “হে বিধাতা, মোক পিতাই পৱিত্ৰ যজ্ঞৰে জনম দিলে। সেই পৱিত্ৰতা মই ৰক্ষা কৰিব নোৱাৰিলো। [ ১৯ ] মই পিতাক মুখ দেখুৱাম কেনেকৈ?” এই বুলি পৃথিৱী এৰি পাতালপুৰীত সোমাই থাকিলগৈ।

 কুশল নগৰৰ ধৰ্মপ্ৰাণ ৰজা বিদুৰ। তেওঁৰ পুত্ৰ সৎ অতি দয়াবান ৰাজকোঁৱৰ মহীৰমন। দ্বিজবৰ মুনিয়ে স্বৰ্ণময়ীৰ কথা কোৱাত ৰজাই আগ্ৰহেৰে মানি ললে। বিবাহৰ দিন ঠিক কৰি মুনি উভতি আহিল। কিন্তু তেওঁ স্বৰ্ণময়ীক ক’তো বিচাৰি নেপালেহি।

 অৰণ্য আৰু পিতাকৰ কথা ভাবি স্বৰ্ণময়ীয়ে পাতালত সুখ নাপালে। অৰণ্যখন চাবলৈ বিয়াকুল হৈ উঠিল। যেতিয়া জন্মৰ ক্ষণটো আহিল তাই আৰু ৰ’ব নোৱাৰিলে। মাজনিশা মনে মনে এটি পানীৰ উঁহ হৈ পৃথিৱীলৈ ওলাই আহিল। ওলাই আহি জোনাকৰ পোহৰত অৰণ্যখন আৰু আশ্ৰমৰফালে ৰ’ লাগি চাবলৈ ধৰিলে। পিছদিনা ততাতৈয়াকৈ পুনৰ আহি পাতাল পালেহি।

 প্ৰতি বছৰে জন্মৰ দিনা কেৱল বাৰ ঘণ্টাৰ বাবে আহি স্বৰ্ণময়ীয়ে পৃথিৱীখন চাই যাবলৈ ললে।

 এদিন দ্বিজবৰ মুনিৰ চকুত কথাটো ধৰা পৰিল। তেওঁ পানীৰূপী জীয়েকক চিনি পালে। তেওঁ কৈ উঠিল— “হে পুত্ৰী, তুমি এনে জীৱন গ্ৰহণ কৰিছা কিয়? পৃথিৱীলৈ আহি মানৱধৰ্ম পালন কৰাহি।”

 কিন্তু স্বৰ্ণময়ীয়ে ক’লে—“পিতা মই কলংকিনী হ’লো। তোমাৰ অমতত সূৰ্যদেৱতাই মোক জোৰকৈ বিবাহ কৰাই মোৰ অবিবাহিত জীৱন শেষ কৰিলে। মই কেনেকৈ পৱিত্ৰ মানৱ ধৰ্ম পালন কৰো? মোক জোৰ নকৰিবা।”

 মুনিৰ মনত বৰ শোক লাগিল। তেওঁ ক’বলৈ ধৰিলে—“আই, তুমি কলংকিতা নোহোৱা। মই তোমাক বৰ দিছো, তুমি বছৰি যি পানীৰ ৰূপ লৈ আহিবা, তাত স্নান কৰিলে সকলো বৈকুণ্ঠগামী হ’ব। তোমাৰ এই এদিনীয়া পানীৰ ধাৰ স্বৰ্ণভাগা নামে জনাজাত হ’ব।”

 আজিও মাঘমাহৰ শুক্লা পক্ষৰ ষষ্ঠী তিথিত বঙ্গোপসাগৰৰ কিছু নিলগৰ মুকলি ঠাইখিনি নিশা ১২ বজাৰপৰা পিছদিনা দুপৰৰ ১২ বজালৈ পানীৰে উপচি পৰেহি। সকলো মানুহে এই সময়খিনি পৱিত্ৰ বুলি ভাৱে আৰু অধীৰভাৱে অপেক্ষা কৰি থাকে।

⸻••••••••••⸻

[ ২০ ]

নাৰদৰ কাহিনী

 হৰিভক্ত নাৰদক ব্ৰহ্মাৰ মানস পুত্ৰ বুলি সকলোৱে জানে। নাৰদ মুনিৰ টুটকীয়া স্বভাৱ এটা আছে বুলিও সকলোৱে জানে। সেই নাৰদ মুনিয়ে এবাৰ কি অথন্তৰ লগালে জানানে?

 নাৰদ মুনিক নজনা কোনো নাই। তেওঁ বৰ কৃষ্ণ ভক্ত। পিছে কেতিয়া ক’ত কি কথা ক’ব লাগে অকণো ভাবি নেচায়। ফলত নানাজনে নানা দুৰ্গতিত ভূগিব লগা হয়।

 ভগৱান শ্ৰীকৃষ্ণৰ আঠগৰাকী পত্নী। তাৰে এগৰাকীৰ নাম ভানুমতী। ভানুমতীৰ পুত্ৰ এটি আছিল। নাম শাম্ব। শাম্ব দেখাই শুনাই বৰ চকুত লগা। এদিন মাকৰ লগত বহি কথা পাতি থাকোতে নাৰদ মুনি গৈ ওলালগৈ। ভানুমতীয়ে তেওঁক আথে বেথে বহিবলৈ দিলে। কথাৰ মাজতে শাম্বই ক’লে— “মই মোৰ পিতাৰ দৰে সুন্দৰ। তথাপি সকলোৱে পিতাকহে শ্যাম সুন্দৰ বোলে কিয়? মই পিতাৰ পূজাৰ ভাগ অকণো পাব নোৱাৰোনে? [ ২১ ]  নাৰদে প্ৰভুৰ কথা তেনেদৰে কোৱাত পেটে পেটে সহ্য কৰিব নোৱাৰিলে। আহি শ্ৰীকৃষ্ণৰ ওচৰ পালেহি আৰু অলপ বেছিকৈ শাম্বৰ কথা লগাই দিলেহি। বোলে—“প্ৰভু! আপোনাৰ পুত্ৰই আপোনাৰ গুণ সহিব নোৱাৰা হৈছে। আপোনাৰ সমানে সমানে পূজাৰ ভাগ পাবলৈ বিচাৰে৷ আপোনাতকৈও নিজকে সুন্দৰ বুলি গৰ্ব কৰে।”

 গৰ্ব চূৰ্ণ কৰাই ভগৱানৰ বিধি। শ্ৰীকৃষ্ণই শাম্বক দুৰাৰোগ্যত ভূগিবলৈ শাও দিলে। শাম্বৰ গোটেই শৰীৰ কুষ্ঠৰোগেৰে উপচি পৰিল। পুত্ৰৰ অৱস্থা দেখি ভানুমতী কান্দি-কান্দি অস্থিৰ হৈ পৰিল। তেওঁৰ বিলৈ দেখি নাৰদে সহ্য কৰিব নোৱাৰিলে। শ্ৰীকৃষ্ণই এই দশা কৰিছে বুলি ভানুমতীক লগালে। ভানুমতীয়ে শোকে তাপে শ্ৰীকৃষ্ণক ক’লেগৈ—“হে সৰ্বলোক নিয়ন্তা ঈশ্বৰ। দয়াময় বুলি তুমি খ্যাত। মোৰ পুত্ৰক এনে দশা কৰিবলৈ তোমাৰ অকণো বেয়া নেলাগিলনে? শ্ৰীকৃষ্ণই ক’লে যে শাম্বই নিজৰ ৰূপ লৈ অহংকাৰৰ সীমা পাৰ কৰা কাৰণে ফল ভোগ কৰিব লগাত পৰিছে। গৰ্ব চূৰ্ণ কৰাই তেওঁৰ বিধি। শাম্বই তেওঁৰ সমকক্ষ বুলি ভবাটো ভুল হৈছিল। ভানুমতীয়ে পুতেকৰ দুৰ্নাম সহ্য কৰিব নোৱাৰি ক’লে—“শাম্বই কেতিয়াও তেওঁৰ সমকক্ষ বুলি নেভাবে।” শ্ৰীকৃষ্ণই নাৰদৰ কথা ক’লে। ভানুমতীৰ বৰ খঙ উঠিল। ক’লে—“হে প্ৰভু, শাম্বই নাৰদ মুনিক তেওঁক কিয় সুন্দৰ বুলি নকয় আৰু পূজা নকৰে তাকেহে সুধিছিল। সেই সময়ত মই সমীপতে আছিলো।”

 ‘শ্ৰীকৃষ্ণই ভানুমতীক ক্ষান্ত হ’বলৈ ক’লে। আৰু শাম্বক ক’লে— “তুমি সূৰ্য্যক তপস্যা কৰাগৈ। সূৰ্য্যইহে তোমাৰ ৰোগ নাশ কৰিব পাৰিব।”

 শাম্ব তপস্যাৰ কাৰণে নিজান হাবিলৈ গুচি গ’ল। ভানুমতী ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাক সুধিলে— ‘হে ব্ৰহ্মদেৱতা, মুনি নাৰদ আপোনাৰ মানস পুত্ৰ হৈয়ো কিয় সাধাৰণ মানুহৰ দৰে আচৰণ কৰে, যাৰ ফলত দুৰ্গতি ভূগিবলগীয়া হয়?”

 ব্ৰহ্মাই ভানুমতীক নাৰদৰ কথা বুজাই ক’লে– “দেৱী ভানুমতী, পূৰ্বজন্মত নাৰদ সাধাৰণ দাসীৰ পুত্ৰ আছিল। সেই দাসী সৎ স্বভাৱৰ হ’লেও টুটকীয়া গুণ আছিল। দুয়ো অভাৱ-অনাটনত জীৱন কটাইছিল। নাৰদৰ মাতৃ প্ৰেম আছিল গভীৰ। ব্ৰাহ্মণসকলৰ শাস্ত্ৰ পাঠ শুনি শুনি নাৰদৰ প্ৰাণত হৰি ভক্তিয়ে থিতাপি ললে। মাতৃ বিয়োগৰ পিছত কেৱল হৰিক বিচাৰি পাহাৰে পৰ্বতে ঘূৰি ফুৰিবলৈ ধৰিলে। এদিন হৰিয়ে সপোনত ক’লে– “মানৱ শৰীৰে হৰিক দেখা পোৱা অসম্ভৱ। নাৰদে পৱিত্ৰ কমলপুষ্প পুখুৰীত স্নান কৰি হৰি ধ্যানত বহিল। ধ্যানত সিদ্ধি লাভ কৰি দেহ ত্যাগ কৰি বৈকুণ্ঠলৈ আহি হৰিৰ ইচ্ছাতে [ ২২ ] মোৰ মানস পুত্ৰ হৈ ঠাই পালে। কিন্তু গভীৰ মাতৃ প্ৰেমৰ কাৰণে মাকৰ একবিন্দু মাত্ৰ ৰক্তৰ শক্তি মনত থাকি গ’ল। আৰু সেয়ে অজ্ঞ মাতৃৰ গুণে পিছ এৰা নাই। তাৰ বাবে কেতিয়াবা কেতিয়াবা এনে ভুল কৰে আৰু সকলো জানি শ্ৰীকৃষ্ণই তাৰ প্ৰতিকাৰ কৰিব লগা হয়।”

 ইফালে বাৰ বছৰৰ মূৰত সূৰ্য্য দেৱতা সন্তুষ্ট হৈ শাম্বক দেখা দিলে। শাম্বক ৰোগমুক্ত কৰি আগতকৈও ৰূপবান হ’বলৈ আশীৰ্বাদ দি গুচি গ’ল।

⸻••••••⸻

[ ২৩ ]

কাবেৰী নদীৰ সাধু

 নদ-নদীৰে শুৱনি কৰি ৰাখিছে পূণ্যভূমি ভাৰতবৰ্ষ। ভাৰতৰ প্ৰতিখন নদীৰ পাৰতে আমি তীৰ্থঠাইবোৰ দেখিবলৈ পাওঁ। এই নদীবোৰে মানুহৰ বহু উপকাৰ সাধিছে। ভাৰতৰ দুখনমান নৈৰ কাহিনী আজি তোমালোকক শুনাবলৈ বৰ মন গৈছে।

 কাবেৰী ভাৰতৰ এখন ডাঙৰ নদী। সমুদ্ৰ পৃষ্ঠৰপৰা এই নদী ১৩২০ মিটাৰমান ওপৰত সৃষ্টি হৈছে। কাবেৰী নদী আচলতে এগৰাকী অতি ৰূপৱতী ৰাজকুমাৰীহে।

 বহুযুগৰ আগৰ কথা। ভাৰতবৰ্ষৰ দক্ষিণ অঞ্চলত ৰুন্না পান্না নামৰ এখন ৰাজ্য আছিল। ৰাজ্যখনৰ ৰজাজনৰ নাম আছিল কাবেৰণ। ৰজাজন বৰ ধাৰ্মিক পিছে মনত সদায় দুখ। কাৰণ তেওঁৰ এটিও ল’ৰা-ছোৱালী নাছিল।

 কাবেৰণ ৰজাই ব্ৰহ্মাক পূজা-অৰ্চনা কৰিবলৈ ললে। ব্ৰহ্মাৰ আশীৰ্বাদত ৰজা এজনী ৰূপৱতী ছোৱালীৰ পিতৃ হ’ল। ৰজা ৰাণীৰ মনত বৰ ৰঙ। ছোৱালীটিৰ নাম থলে কাবেৰী। [ ২৪ ]

 কাবেৰী দেখিবলৈ যেনে ধুনীয়া স্বভাৱো বৰ সৰল আৰু সৎ। কাবেৰী ডাঙৰ হ’লত মাক-পিতাকে ভাল ৰাজকোঁৱৰ এজনৰ খবৰ কৰাত লাগিল।

 এদিন ৰজাৰ প্ৰসাদলৈ অগস্ত্য মুনি আহি আলহী হ’লহি। কাবেৰীক দেখা পাই বৰ মৰম সোমাল আৰু বিয়াৰ প্ৰস্তাৱ দিলে। ৰজা-ৰাণী চিন্তিত হৈ পৰিল। আলাসত ডাঙৰ হোৱা ছোৱালীজনীকনো কি সতেৰে বনত বাস কৰা ঋষি এজনলৈ বিয়া দিয়ে? পিছে মুনিয়ে বৰ আকোৰগোজকৈ লাগিল। উপায় নেপায় এটা চৰ্তত কাবেৰীক বিয়া দিবলৈ মান্তি হ’ল। মুনিয়ে যাতে ছোৱালীজনীক বনত অকলে নেৰে। মুনি মান্তি হ’ল।

 কাবেৰীক বিয়া কৰাই মুনিয়ে অৰণ্যত থকা আশ্ৰমলৈ লৈ আহিল। কপালত যি আছে তাকে হ’ব বুলি কাবেৰী নীৰৱে থাকিল। মুনিয়ে অভিশাপ দি পিতাকৰ অমঙ্গল কৰে বুলিও তাই ভয় খাইছিল।

 দিনবোৰ ভালেৰে পাৰ হ’বলৈ ধৰিলে। মুনিয়ে কাবেৰীক বৰ যতনকৈ ৰাখিলে। তেনেকৈ কিছুকাল যোৱাৰ পিছত মুনিয়ে ব্ৰহ্মজ্ঞানৰ উন্নতি ঘটাবলৈ ধ্যান যোগ কৰাৰ কথা ভাবিলে। কাবেৰীয়ে বাধা নিদিলে। মুনিয়ে এদিন পৰ্ব্বতৰ নিৰিবিলি ঠাই বিচাৰি ওলাই গ’ল। কাবেৰীয়ে সোনকালে উভটি আহিবলৈ বাৰে বাৰে সোঁৱৰাই দিলে।

 মাহৰ পিছত মাহ পাৰ হ’ল। অগস্ত্য মুনিৰ ধ্যান ভঙ্গ নহ'ল। কাবেৰীয়ে বৰ ভয় খালে। তাই বনৰীয়া জন্তুৱে খাই থলে বুলি কান্দিবলৈ ধৰিলে। অকলে থকাতকৈ আপোনঘাতী হোৱাটোকে শেষত ঠিক কৰিলে।

 মুনিয়ে সদায় গা ধোৱা পুখুৰীটো আছিল বৰ দ। কাবেৰীয়ে তাতে জাপ দিলে। কাবেৰী গৈ তলি পালেগৈ। কিন্তু ব্ৰহ্মাৰ আশীৰ্বাদত জন্ম হোৱা কাবেৰীক মৰণে হলে নুচুলে। বৰং পানীৰ ধাৰা এটা হৈ পৰ্ব্বত এটাৰ মাজত ওলালগৈ। তাতে পানীৰ পুং এটি হৈ থাকিবলৈ ললে।

 মুনি উভটি আহি কাবেৰীক নেদেখি বিয়াকুল হ’ল। ৰজাক দিয়া কথা ঋষি হৈ ৰাখিব নোৱৰাত অনুতাপ কৰিবলৈ ধৰিলে। কাবেৰীক দিনে-নিশাই বিচাৰি ফুৰিলে। অৱশেষত গৈ কাবেৰীক পানীৰ ৰূপত বিচাৰি পালেগৈ। নিজৰ লগত লৈ আহিবলৈ কাকূতি-মিনতি কৰিলে। কিন্তু কাবেৰী নাহিল। ক’লে—“মোক ক্ষমা কৰিব। সংসাৰ পতা হাবিয়াস মই ত্যাগ কৰি পেলাইছো। তথাপি আপোনাৰ কথামতে মোৰ এক অংশ পানীৰূপে আশ্ৰমত আপোনাৰ লগত থাকিব। বাকী অংশ বসুমতীৰ বুকুৱেদি গতি কৰি মানৱৰ [ ২৫ ] কল্যাণ সাধিব।”

 মুনিয়ে নিৰুপায় হৈ তাকে মানি ললে। পানীৰ সুঁতি এটি হৈ কাবেৰী আশ্ৰমত প্ৰৱেশ কৰিলেহি।

 আনহাতে নদীৰ ৰূপ লৈ কাবেৰী বৈ গ’ল। কেতিয়াবা অতি ধীৰ ৰূপ লয়। কেতিয়াবা বিশাল হৈ পৰে। কেতিয়াবা আক’ জল প্ৰপাতত মিলি উলাহত বাগৰি আহে।

 নিজৰ ইচ্ছাত বৈ থকা কাবেৰী ভাৰতবৰ্ষত অতি পৱিত্ৰ নদী ৰূপে জনাজাত হৈ পৰিল।

⸻••••••••••⸻

[ ২৬ ]

সাত নদীৰ কাহিনী

 মৰিচী, অত্ৰি, অংগৰা, পুলস্তা, পুলহ, ক্লতু আৰু বশিষ্ঠ –এই সাতগৰাকী ঋষি সৰগত থাকে। তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ডখনৰ শান্তিৰ কাৰণে ধ্যান যোগত নিমৰ্জিত হৈ থাকে। ছয়মাহ ধ্যানত বহে, ছয়মাহ বিশ্ব ব্ৰহ্মাণ্ডৰ মঙ্গল অমঙ্গলৰ ভু ৰাখি ফুৰে।

 বৰুণ দেৱতাৰ সাতগৰাকী কন্যা– ভদ্ৰা, তুঙ্গা, কুমুদিনী, হান্দ্ৰি, শ্বৰাৱতী, বেদৱতী আৰু বৰোদা। এওঁলোকৰ ওপৰত আক’ ঋষিসকলৰ সেৱা শুশ্ৰূষা কৰাৰ ভাৰ।

 আটাইকেইগৰাকীয়ে হাঁহি-ধেমালিৰে নিৰ্মল নন্দন কাননত বিচৰণ কৰি থাকোতে এদিন শ্বৰাৱতীয়ে ক'লে— “সৌ মৰ্ত্যলোকলৈ যাবলৈ তোমালোকৰ মন নেযায়নে?”

 ভদ্ৰাই ক’লে— “পিতাৰ মুখত শুনিছো তেওঁৰ কৃপাত মৰ্ত্যলোক শস্য শ্যামলা।”

 কুমুদিনীয়ে ক’লে— “মোৰ হ’লে মৰ্ত্যলোকলৈ যাবলৈ বৰ মন যায়।” [ ২৭ ]

 তুঙ্গা গিয়ানী। ক’লে— “মৰ্ত্যলোকত স্বৰ্গবাসী সকলৰ স্থান নাই। শুনা পাইছো ৰোগ, ভয়, দুখ আদি শান্তি বিৰোধ ব্যাধিবোৰৰ তাত বিচৰণ।”

 ইমান সময়ে মনে মনে থকা বৰোদাই ক’লে-“আমি যদি মন কৰো মনে মনে এপাক গৈ চাই আহিব নোৱাৰো কিয়?”

 তুঙ্গাই ক’লে— “ঋষিগণে গম পালে আমাৰ মহাবিপদ হ’ব পাৰে।”

 বৰোদা সবাতোকৈ বুধিমতী। তাই ক’লে—“ঋষিসকল যেতিয়া ধ্যানত বহিব, আমি দেখোন তেতিয়াই সুযোগ ল’ব পাৰো।”

 সিহঁতে কথাটো শুনি ভাল পালে। ঋষিসকল ধ্যানত বহালৈ বাট চাই থাকিল। এদিন সেই সুযোগ আহিল। সকলোৱে প্ৰথমে তুঙ্গাক পঠিয়াবলৈ ঠিক কৰিলে। বৰোদাই ক’লে— “তুঙ্গা, তুমি প্ৰথমে যোৱা। আমি ছেগ বুজি গৈ তোমাক লগ ধৰিম। কাৰণ একেলগে গোটেই কেইজনী গ’লে আনৰ চকুত পৰিব পাৰে।”

 তুঙ্গা এদিন সুবিধা বুজি পৃথিৱীলৈ নামি আহিল। সিহঁতে পিতাকৰ গুণটো জানে। সেয়ে বৰষুণ হৈ পশ্চিমঘাট পৰ্ব্বতৰ গঙ্গামূলা নামৰ শৃঙ্গটোত নামিলহি। পৃথিৱীৰ ৰূপ দেখি তুঙ্গাৰ মনত অপাৰ আনন্দ লাগিল। মনৰ উলাহত তললৈ নামি আহিল। পাহাৰ, অৰণ্য, পথাৰ আদিৰ মাজেৰে আহি থাকোতে কুডলি নামৰ ঠাইখনৰ ঘাট এটাত ৰৈ থকা ভদ্ৰাক লগ পালেহি। দুয়োজনী নাচি-বাগি আগবাঢ়িল। সিহঁত গৈ এইবাৰ মহীশূৰ নামৰ ঠাইখন ওলালগৈ। তাতে শ্বৰাৱতী, কুমুদাৱতী আৰু বৰোদাক লগ পালে। সিহঁতৰ আনন্দৰ সীমা নোহোৱা হ’ল। উখল-মাখলকৈ দৌৰি, জপিয়াই আটাইকেইজনী যাবলৈ ধৰিলে।

 এদিন ভদ্ৰাই ক’লে— “বাইটিহঁত, হান্দ্ৰি আৰু বেদৱতীও নিশ্চয় আহি ক'ৰবাত ৰৈ আছেহি। আমি বিচাৰি যাওঁ বলা।”

 বৰোদাই শলাগিলে। ক’লে— “এৰাতো আমি সিহঁতকো সোনকালে লগ ধৰা ভাল হ’ব।”

 গৈ গৈ সিহঁত নতুন ঠাই এখন ওলালগৈ। ঠাইখনৰ নাম আছিল অন্ধপ্ৰদেশ। দুদিনমান বিচৰাৰ পিছত দেখিলেগৈ দুয়োজনী ৰঙমনে ঘূৰি ফুৰিছে।

 বায়েক ভনীয়েকহঁতক দেখি হান্দ্ৰি আৰু বেদৱতীয়ে সিহঁতৰ কাষ পালেহি। [ ২৮ ]

 পৃথিৱীৰ ৰূপত মুগ্ধ হৈ পাহাৰে ভৈয়ামে ঘূৰি ফুৰা বৰুণ কন্যাহঁতে সময়ৰ কথা পাহৰি গ’ল। ইফালে ঋষিসকলে সিহঁতক বিচাৰি চলাথ কৰিলে।

 অৱশেষত পৃথিৱীত থকাৰ কথা গম পালে। তেওঁলোকৰ বৰ খঙ উঠিল। আৰু সিহঁত নদী হৈয়ে আজীৱন পৃথিৱীতে থাক বুলি অভিশাপ দিলে। বৰুণ দেৱতাক কন্যাসকলক শাসন কৰিব নোৱাৰে বুলি ককৰ্থনা কৰি অভিশাপ দিলে— “তুমি বছৰৰ ছমাহ স্বৰ্গ ত্যাগ কৰি পৃথিৱীত থাকিব লাগিব। সেই সময়ত যিদৰে মৰ্ত্যলোকে প্ৰশংসা কৰিব সেইদৰে শাও শপনিও দিব। এইদৰেই দুমাহ সৎকাম কৰিও গৰিহণা খাই লাঞ্ছনা ভুগিব লাগিব।”

 সেইদিন ধৰি ঋষিৰ শাপত সাতোভনী নদী হৈ পৃথিৱীত থাকি গ’ল। বৰুণ দেৱতাও বৰষুণ ৰূপে পৃথিৱীত দুমাহ কটাবলগীয়া হ’ল। কেতিয়াবা বানপানীৰ সৃষ্টি কৰি মানুহৰ শাও- শপনিও খাব লগা হ’ল।

⸻•••••••••⸻

[ ২৯ ]

সূৰ্য্য মন্দিৰ

 মঠ-মন্দিৰে পূৰ্ণ ভাৰতবৰ্ষক পূণ্যভূমি বুলি শাস্ত্ৰই উল্লেখ কৰিছে। এই দেৱালয়, মন্দিৰবোৰ ৰজা মহাৰজাসকলে সজাইছিল। প্ৰতিটো মঠ-মন্দিৰৰ ইতিহাস আছে। আজি তোমালোকক এজন দুৰ্ভগীয়া ৰজাই সজা এটা মন্দিৰৰ কথা ক’ম।

 কোৰ্ণাক নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰজাজনৰ নাম আছিল লাঙ্গুলা [ ৩০ ] নৰসিংহ। লাঙ্গুলা নৰসিংহ বৰ সূৰ্য্য ভক্ত আছিল। সেই ৰাজ্যত বছৰি বৰ ধুমধামেৰে সূৰ্য্য যজ্ঞ, পূজা আদি পতা হৈছিল। বহুলোকে সূৰ্য্যক তপস্যা কৰি বৰ লাভ কৰা কাৰণে কোৰ্ণাকক সূৰ্যপীঠ বুলিও কোৱা হয়।

 ৰজাই ৰাজ্যত এট সূৰ্য্য মন্দিৰ সজাবলৈ মন কৰিলে। সেই ৰাজ্যত বিশ্বনাথ ধৰ্মপদ নামে এজন সুনিপুণ কাৰিকৰ আছিল। ৰজাই তেওঁক মতাই আনিলে। বিশ্বনাথক ৰজাই ক’লে— “তুমি এ এক সূৰ্য্য মন্দিৰ সাজা পৃথিৱীত যেন অদ্বিতীয় হৈ ৰয়। মুঠ বাৰশ কাৰিকৰ লোৱা।”

 বিশ্বনাথে দূৰ-দূৰণিৰপৰা বচা বচা বাৰশ কাৰিকৰ বিচাৰি আনিলে। এখন ধুনীয়া পাহাৰে আগুৰা সুন্দৰ নিৰিবিলি ঠাই ঠিক কৰা হ’ল। ৰজাই আদেশ দিলে— ‘বাৰ বছৰৰ ভিতৰত বাশ কাৰিকৰেৰে মন্দিৰ সজা সম্পূৰ্ণ হ'ব লাগিব। কোনো খনিকৰ এই সময়ছোৱাত ঘৰলৈ যাব নোৱাৰিব। অন্যথা শিৰচ্ছেদ কৰা হ’ব।’ ৰজাই খনিকৰসকলক থকা আৰু খোৱাৰ বন্দৱস্ত কৰি দিলে।

 মন্দিৰ সজা কাম আৰম্ভ হ’ল। বহু দূৰণিৰ পৰা হাতী, ঘোঁৰা, ম’হৰ গাড়ীত বোকা শিল আদি আনি যোগাৰ কৰা হ’ল। দূৰণিৰ পৰা আনোতে কেতিয়াবা কেতিয়াবা দুই তিনিদিনকৈ বাহিৰত নিশা কটাবলগীয়াও হ’ল। মুঠৰ ওপৰত অশেষ কষ্ট কৰি বৰ সাৱধান আৰু মনোযোগেৰে বিশ্বনাথ ধৰ্মপদৰ নিৰ্দেশ মতে মন্দিৰ সজা কামত আগবাঢ়িল।

 বহুদিন কাৰিকৰসকল দূৰণিত থাকিব লগা হোৱাত পৰিয়ালৰ লোকসকল বৰ আহুকালত পৰিব লগা হ’ল। বহুতৰ ঘৰত খোৱামুঠিৰে যোগাৰ নোহোৱা হ’ল। বহুতৰ ঘৰত সন্তান অথবা পৰিবাৰৰ বিনা চিকিৎসাত মৃত্যু হ’ব লগাও হ’ল। সকলোৱে বিয়াকুল হৈ ঘৰৰ মানুহজনলৈ বাট চাই থাকিল। কাৰণ পৰিয়ালৰ মানুহখিনিক আহিবলৈ নিদিয়া বাৰ বছৰৰ কথাটো জনোৱা হোৱা নাছিল। সোনকালে যেন ঘৰৰ মানুহজন ঘূৰি আহে পৰিবাৰসকলে দেৱী মহামায়াক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।

 বিশ্বনাথ খনিকৰ ঘৰৰপৰা যোৱা এমাহৰ পিছতে বিশ্বনাথৰ পৰিবাৰৰ এটি ল’ৰা উপজিল। ল’ৰাটোৰ নাম মাকে জয়নাথ থলে। জয়নাথ ডাঙৰ হৈ অহাৰ লগে লগে পিতাকৰ কথা সুধিবলৈ ললে। মাকে মাথোন একো নকৈ— জয়নাথে নেদেখাকৈ চকুৰ [ ৩১ ] পানী টোকে।

 জয়নাথ দহবছৰীয়া হ’লহি। এদিন সি এখন নক্সা কাগজ পালে। সেইখন আছিল পিতাকে সাজিবলৈ যোৱা সূৰ্য্য মন্দিৰৰ নক্সা। সি মাকক সোধাত মাকে ক’লে—“বোপাই, এইখন মন্দিৰৰ নক্সা, আৰু এইখন নক্সাৰে পিতায়েৰে মন্দিৰ সাজিবলৈ গৈছে।”

 জয়নাথ আচৰিত হ'ল। আয়েকক ক'লে— “আই ইমান ডাঙৰ, ইমান ধুনীয়া মন্দিৰ পিতায়ে সাজিব পাৰিবনে?”

 “কিয় নোৱাৰিব বোপাই? পিতায়েৰাৰ নিচিনা অন্য এজন খনিকৰ এই ৰাজ্যত নাই। চাবা, এই মন্দিৰ সাজি উলিওৱাৰ পিছত গোটেই জগতখনে প্ৰশংসা কৰিব।”

 জয়নাথে দিনে-নিশাই নক্সাখন মনপুতি চাই থাকিবলৈ ললে। কেতিয়ানো পিতাক ঘূৰি আহিব, পিতাকৰ লগত মন্দিৰটো চাবলৈ যাব, তাকে ভাবি থাকে।

 এদিন ৰজা নৰসিংহক দেৱী মহামায়াই সপোনত দেখা দি ক'লে—“তই খনিকৰহঁতক দীৰ্ঘদিন ঘৰৰপৰা আঁতৰাই থৈ ভুল কৰিছ। দুমাহৰ বাবে সিহঁতক ঘৰলৈ যাবলৈ দে। নহ’লে ফলভোগ কৰিব লাগিব।”

 কিন্তু ৰজাই দুমাহ কাম পিছুৱাব নুখুজিলে। তাতে সপোনৰ কথা বুলি মন-কাণ নিদিলে।

 বাৰ বছৰ পুৰা হ’বলৈ আৰু এমাহ বাকী আছিল। জয়নাথ আৰু ৰ’ব নোৱাৰিলে। পিতাকক লগ পাবলৈ সি যাত্ৰা কৰিলে।

 ইফালে মন্দিৰ সম্পূৰ্ণ হৈ উঠিল। মন্দিৰটো ওখই হ’ল একেবাৰে ২২৮ ফুট। দুটা ঘোঁৰাৰে এখন ৰথৰ ওপৰত মন্দিৰটো এনেভাৱে সজা হ’ল যেন বৃহৎ মন্দিৰটো এখন প্ৰকাণ্ড ৰথতহে উঠি আছে। ঘোঁৰা দুটা আ-অলংকাৰেৰে সজোৱা। ৰথখনিৰ চৌবিশটা চকা। আটাইকেইটা মিহি মিহি শিল্প কাৰ্য্যৰে ভৰা। চকাবোৰত সূৰ্য্যৰ পোহৰ পৰিলে গণনা কৰি সময়ো উলিয়াব পাৰি। চাৰিও দিশত উদিত সূৰ্য দেৱতা, ডেকা সূৰ্য্য দেৱতা, বৃদ্ধ সূৰ্য্য দেৱতাক শিলত কাটি মূৰ্ত্তি সজা হৈছে। সমুখত দুয়োফালে এটা প্ৰকাণ্ড শিলত মানুহ, মানুহৰ ওপৰত হাতী, হাতীৰ ওপৰত সিংহ কাটি এনেভাৱে গঢ়ি তোলা হৈছে দেখিলে বিস্ময় মানিব লাগে। তাৰ ধৰ্ম অৰ্থও আছে। [ ৩২ ]

 গোটেই মন্দিৰটোৰ গাত—ভগৱানৰ লীলা, পূজা-অৰ্চনাৰ মূৰ্ত্তিৰ উপৰিও তেওঁলোকলৈ বাট চাই থকা খনিকৰসকলৰ পৰিয়ালৰ মানুহ, বালি, বোকা, শিল কঢ়িওৱাৰ দৃশ্য, নিশা যাপন কৰিবলগীয়া ঠাইত কেনেদৰে ৰান্ধি বাঢ়ি খাইছিল আদি সমস্ত দৃশ্যবোৰ নিখুঁট, নিমজ আৰু অতি মনোমোহাকৈ সৰু সৰু মূৰ্ত্তিৰে সজা হৈছিল।

 চালে চকুত চমক লগা মন্দিৰটোত কেৱল মঙ্গল কলচী বহুৱাবলৈ বাকী। পিছে এটা ডাঙৰ পয়মাল লাগিল। বহু চেষ্টা কৰিও বিশ্বনাথে মঙ্গল কলচীটো বহুৱাব নোৱাৰিলে।

 সেইসময়তে জয়নাথ গৈ পিতাকৰ ওচৰ পালেগৈ। পিতাকৰ বিপদ দেখি ক’লে— “পিতা মই কলচীটো বহুৱাব পাৰিম। তোমাৰ নক্সাটো মই মনপুতি চাইছো, আৰু সকলো কথা মনত আছে।”

 কাৰিকৰসকলে বিশ্বনাথক ক’লে— “বাৰ বছৰ পূৰ হবলৈ মাথোন সাতদিন বাকী। নক্সা চাবলৈ ঘৰলৈও যাব নোৱৰা, জয়নাথকে কলচী বহুৱাবলৈ দিয়া ভাল হ’ব।”

 জয়নাথে কলচী বহুৱালে।

 বাৰ বছৰ পূৰ হ’বলৈ দুদিন বাকী। ৰজাই মন্দিৰ চাবলৈ অহাৰ কথা ঘোষণা কৰা হ’ল। চাৰিওফালে চোকা পহৰা ঠিক কৰিলে।

 এটা নতুন সমস্যাই দেখা দিলে। সকলোৱে কবলৈ ধৰিলে— আমি কলচী বহুৱাব

[ ৩৩ ]

নোৱাৰিলো, কণমানি ল’ৰাটোৱেহে পাৰিলে। ৰজা আহি আমাক এটা এটাকৈ লেখ লব। বাৰশতকৈ এটা বেছি ওলালে সুখেৰে এৰিবনে? আনহাতে বাৰশখন মুখ বন্ধ কৰি থোৱা সহজ কথা নহয়। কেনেবাকৈ যদি ৰজাই গম পায় এটা এটাকৈ মূৰ কটা যাব। ভয়ত সিহঁতৰ কলিজা শুকাল।

 কথাবোৰ জয়নাথে শুনি আছিল। তাৰ মনটো দুখেৰে ভৰি পৰিল। ভাবিলে, তাৰ কাৰণেই এতিয়া বাৰশ লোকৰ প্ৰাণ যাব। বাৰশ লোকৰ জীৱন বচাবলৈ সি নিজৰ জীৱন দান দিয়াটোকে ভাল হ’ব বুলি ঠিক কৰিলে।

 জয়নাথ মনে মনে মন্দিৰৰ ওপৰলৈ গ’ল আৰু জাপমাৰি প্ৰাণ বিসৰ্জন দিলে। চাৰিওফালে হৈ চৈ লাগিল। ৰখীয়া পৰীয়া ওচৰ চাপি আহিল। জয়নাথৰ মৰা শ দেখি সকলোৱে ইস্ আস্ কৰিবলৈ ধৰিলে। মন্দিৰৰ চৌহদত আপোনঘাতী কাম! আপোনঘাতী কৰ্ম পাপ কৰ্ম!

 পাপকৰ্ম হোৱা বাবে মন্দিৰ অপৱিত্ৰ হৈ পৰিল। নিমিষতে কথাটো প্ৰচাৰ হৈ পৰিল। কাৰিকৰসকলৰ কষ্ট এনেদৰে অথলে যোৱাত সকলোৱে মৰাৰ সমান দুখ পালে। ভয় আৰু দুখত কাৰো মাত নোহোৱা হ’ল।

 মন্দিৰ তেনেকৈয়ে পৰি থাকিল। কোনো পুৰোহিতে অপৱিত্ৰ মন্দিৰত পূজা-পাতল কৰাৰ ভাৰ নল’লে। মানুহবোৰেও মন্দিৰৰ আশে-পাশে যাবলৈ এৰিলে।

 ৰজা বিমৰিষ হৈ পৰিল। তেওঁৰ সপোনৰ কথা মনত পৰিল। ভালকৈ বুজিব পাৰিলে আনক দুখ দি কৰা একো কামেই পূণ্য হ’ব নোৱাৰে। তাৰ ইঙ্গিত পাইও মন নিদিলে।

 তেওঁৰ বৰ অনুশোচনা হ’ল।

 ৰজাই ৰাজ কাৰ্য্যৰ ভাৰ প্ৰধান মন্ত্ৰীৰ হাতত গতাই দি সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিলে। বহুযুগ পাৰ হ’ল। সূৰ্য্য মন্দিৰ অৱহেলিত হৈ পৰি থকা আজিও আমি দেখিবলৈ পাওঁ।

⸻•••••••••••⸻

[ ৩৪ ]

পাতাল পুৰীৰ কুশী

 পাতাল, সুতল, বিতল, তলাতল, ৰসাতল আদিৰে পৃথিৱীৰ তলত থকা জগতখনৰ ৰজা হ’ল যম। যম ৰজাৰ এজনী কুশী নামৰ কন্যা আছিল।

 কুশীয়ে যম নগৰত পৃথিৱীৰ পৰা যোৱা নৰ-মনিষবোৰ দেখি দেখি এদিন যম ৰজাক ক’লে— “পিতা পৃথিৱীখন এনেকুৱাইনে? ইমান বেয়া মানুহবোৰ থাকে।”

 যমৰজাই ক’লে— “পৰমপিতা ভগৱানে স্ৰজন কৰা স্বৰ্গলোক, মৰ্ত্যলোক, পাতাল বেয়া হ’ব কেনেকৈ আই? পৃথিৱী বৰ ধুনীয়া। বেয়া মানুহবোৰে বেয়া কৰিবলৈ যায় কাৰণে ভগৱানে মোক ইয়ালৈ আনি শাস্তি দিবলৈ ভাৰ দিছে। [ ৩৫ ]

 কুশীয়ে একো নুবুজিলে। তাই ভাবিলে বেয়া মানুহ থকা ঠাই ধুনীয়া হ’ব পাৰেনে? যম ৰজাই কুশীৰ মনৰ ভাৱ ধৰিব পাৰি এদিন পৃথিৱীলৈ লৈ আহিল।

 পৃথিৱীৰ ৰূপ, সজ মানুহ, মঠ-মন্দিৰবোৰ দেখি কুশীৰ মনটো বৰ ভাল লাগি গ’ল। পিতাকক তাই ক’লে–– “পিতা, ভগৱানে উচিত বিচাৰকে কৰিছে। তেওঁ সৃষ্টি কৰা ইমান সুন্দৰ পৃথিৱীখন বেয়া কৰিবলৈ গ’লে শাস্তি পাবই লাগে।” তাই পৃথিৱীখন প্ৰাণ ভৰি চাবলৈ ধৰিলে।

 ঘূৰি ফুৰোতে যম ৰজা ইন্দ্ৰৰ লগত মুখা-মুখি হ’ল। ইন্দ্ৰই যমৰজাক দেখিলে যদিও ভাল নেপালে কিন্তু কুশীৰ ৰূপ দেখি ভোল গ’ল। সেয়ে ভালৰি বোলাই যম ৰজাক ক’লে— “যমৰাজ পৃথিৱীত কি কৰিছাহি? মই জনাত পৃথিৱীৰ কাম-কাজ তোমাৰ প্ৰধান মন্ত্ৰী ধপদনাথেহে চায়।”

 যমৰজাই ক’লে— “ইন্দ্ৰৰাজ, এয়া মোৰ পুত্ৰী কুশী। পৃথিৱী চাবলৈ বিচৰাত আহিব লগা হ’ল।”

 ইন্দ্ৰই কুশীক বৰ প্ৰশংসা কৰিলে। যম ৰজাৰো গুণ গালে। ক’লে— “এপাক মোৰ ৰাজ্যৰ পৰাও আহাঁগৈ।” যমৰজাই হাঁহিমাৰি ইন্দ্ৰক বিমুখ কৰি ক’লে— “ই কেনেকৈ হ’ব? ভগৱানৰ নিৰ্দেশ মতে মোৰ সীমা মাত্ৰ পাতাল আৰু পৃথিৱীহে।”

 ইন্দ্ৰই পেটে পেটে ভালেই পালে। ক’লে— “এৰা। পিছে তোমাৰ পুত্ৰীয়ে নিশ্চয় স্বৰ্গৰাজ্য চাবলৈ মন কৰিব।”

 কিন্তু কুশীয়ে ক’লে— “যিটো কাম পিতাৰ সাধ্য নাই, সেই কাম মই ইচ্ছা নকৰো দেৱৰাজ।”

 ইন্দ্ৰই ক’লে— “তোমাক মই লৈ যাম।”

 কুশীয়ে ক’লে— “পিতাক এৰি মই যাম কেনেকৈ?”

 যমৰজাই ক’লে— “এৰা ইন্দ্ৰৰাজ, তোমাৰ নিমন্ত্ৰণ আমি ৰক্ষা কৰিব নোৱাৰিলো। তাতে যমলোকৰ কন্যা স্বৰ্গলৈ যোৱা অসম্ভৱ।”

 ইন্দ্ৰই ক’লে— “তোমাৰ পুত্ৰী কুশীক মই বিবাহ কৰিব খোজো। মোৰ পত্নী হ’লে স্বৰ্গলৈ যোৱাত বাধা নেথাকিব।” [ ৩৬ ]

 তাকে শুনি যমৰজাই ক’লে—“ক্ষমা কৰিব ইন্দ্ৰৰাজ। তোমাৰ হাতত মই কোনোমতেই কন্যাদান কৰিব নোৱাৰিম।”

 ইন্দ্ৰৰ খঙ উঠি গ’ল। ক’লে— “মই স্বৰ্গৰ দেৱতাৰ ৰজা। মোৰ দৰে এজন গুণ গৰিমাৰে পূৰ্ণ ৰজালৈ কন্যা দান দিয়াত আপচোচ কিহৰ?”

 ইন্দ্ৰৰ দাংকোপমৰা কথাবোৰে যমৰজাৰ খঙ দুগুণে তুলিলে। তথাপি শান্তভাবে ক’লে—

 “নিজৰ গুণ যিজনে নিজে বখানে তেওঁ অগিয়ানী বুলিহে পৰিচিত হয়।”

 খঙত ইন্দ্ৰৰাজ কঁপি উঠিল। বোলে— “মোৰ সমুখতে মোৰ অপমান! তোমাৰ দৰে পাতালত সোমাই থকাজনে স্বৰ্গ সুখৰ কথা কি বুজিবা? মোৰ দৰে দেৱতাৰ ৰজা এজনক দুৰ্নাম দিয়া তোমাৰ উচিত হোৱা নাই।

 হাঁহি মাৰি যম ৰজাই উত্তৰ দিলে— “দুৰ্নাম কৰাৰ ইচ্ছা মোৰ নাই। মই সত্যবাদী বুলি ব্ৰহ্মাণ্ডত খ্যাত। সত্য কথাবোৰহে কৈছো।”

 ইন্দ্ৰৰ খঙৰ সীমা চেৰাই গ’ল। তৰ্জন-গৰ্জন কৰি ক’বলৈ ধৰিলে— “সমগ্ৰ বিশ্বই দেৱতা-সকলক পূজা কৰে। ধন-জন, ঐশ্বৰ্য্য লাভৰ কাৰণে যুগে-যুগে তপস্যা কৰি আহিছে। ঋষি, মুনি, ৰজা-প্ৰজা সকলো দেৱতাৰ ৰোষত কম্পমান। তুমি সেইবোৰ কথা নেজানানে?”

 যম ৰজাই আৰু সহিব নোৱাৰা হ’ল। তেওঁ ক’বলৈ ধৰিলে—“হে ৰাজেন্দ্ৰ, তোমাৰ আৰু তোমালোক দেৱতাসকলৰ কথা মই ভালদৰে জানো। বিশ্ব ব্ৰহ্মাণ্ড স্ৰজন কৰোতা ভগৱানকে তুমি সন্দেহ কৰি পাপৰ ফল ভোগ কৰিছিলা। যেতিয়া দেৱতা আৰু অসুৰৰ মাজত অমৃত বিলোৱা হৈছিল, ছল কৰিহে অমৃত কাঢ়ি লৈছিলাহঁক। শংখচূড় অসুৰে তোমাৰ কম বিলৈ কৰিছিলনে?”

 যম ৰজাৰ কথা শুনি ইন্দ্ৰই বৰ লাজ পালে। একো নেমাতি আঁতৰি গুচি গ’ল। কুশীক লৈ যম ৰজা পাতাললৈ উভটিল। কুশীয়ে ক’লে— “পিতা, মই যি বুজিলো দেৱতাসকলেও বহুত ভুল কৰে। তেওঁলোকক শাস্তি দিয়ে কোনে?

 যম ৰজাই হাঁহিলে আৰু ক’লে— “স্বয়ং ভগৱানে। দেৱতাসকলৰ এনে বহু কাহিনী আছে। আজৰি পালে তোমাক মই কৈ শুনাম বাৰু।”

 পিতাকৰ লগত কুশী আহি পাতালপুৰী পালেহি।

⸻••••••••••⸻


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।