পৃষ্ঠা:অমৃত কথা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অমৃত কথা


মোৰ মানস পুত্ৰ হৈ ঠাই পালে। কিন্তু গভীৰ মাতৃ প্ৰেমৰ কাৰণে মাকৰ একবিন্দু মাত্ৰ ৰক্তৰ শক্তি মনত থাকি গ’ল। আৰু সেয়ে অজ্ঞ মাতৃৰ গুণে পিছ এৰা নাই। তাৰ বাবে কেতিয়াবা কেতিয়াবা এনে ভুল কৰে আৰু সকলো জানি শ্ৰীকৃষ্ণই তাৰ প্ৰতিকাৰ কৰিব লগা হয়।”

 ইফালে বাৰ বছৰৰ মূৰত সূৰ্য্য দেৱতা সন্তুষ্ট হৈ শাম্বক দেখা দিলে। শাম্বক ৰোগমুক্ত কৰি আগতকৈও ৰূপবান হ’বলৈ আশীৰ্বাদ দি গুচি গ’ল।

⸻••••••⸻