পৃষ্ঠা:অমৃত কথা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
অমৃত কথা


সৰস্বতী দেৱীৰ কাহিনী

 পুৰাণ হিন্দুসকলৰ ধৰ্মশাস্ত্ৰ। কথিত আছে, ব্ৰহ্মাৰ মুখৰ পৰা নিগৰি ওলোৱা ‘বিপুলায়তন’ নামৰ পুৰাণখনৰ জটিল কথাবোৰ মানুহৰ বাবে সহজ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণ পৃথিৱীলৈ আহি ব্যাসৰ ৰূপ লৈ খণ্ড খণ্ডকৈ ওঠৰখন পুৰাণ ৰচনা কৰে। সেই পুৰাণৰে সাধু এটি কওঁ শুনাছোন—

 স্বৰ্গলোকত নাৰায়ণ ব্ৰহ্মা লক্ষী সৰস্বতী গঙ্গা আদি দেৱ-দেৱীসকলৰ বাস।

 এদিন কথাই কথাই সৰস্বতী আৰু গঙ্গাদেৱীৰ বৰ কাজিয়া লাগিল। তেওঁলোকৰ কাজিয়া দেখি লক্ষী দেৱীয়ে দুয়োকো মনে মনে থাকিবলৈ ক'লে। কাজিয়া কৰাটোযে অশোভনীয় কথা বুজাই দিলে। তাকে শুনি সৰস্বতীৰ লক্ষীৰ ওপৰত বৰ খঙ উঠিল।