এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অমৃত কথা
সেৱা কৰি ক’বলৈ ধৰিলে— “প্ৰভু, মোক ক্ষমা কৰিব। মই শাপমুক্ত হ’বলৈহে আপোনাৰ
লগত যুঁজ কৰিব লগা হ'ল। মই এজন স্বৰ্গৰ সু-গায়ক গন্ধৰ্ব্ব। মোৰ নাম তম্বুক। এদিন
মই ইন্দ্ৰৰ ৰাজসভালৈ যাওঁতে বাটতে কুবেৰক লগ পাওঁ। কুবেৰে মোক লগত লৈ যাবলৈ
অনুৰোধ কৰিলে। মই কুবেৰৰ কুৎচিত্ ৰূপটো দেখি ঠাট্টা কৰি লগত নিবলৈ অমান্তি
হ’লো। কুবেৰে মনত বৰ আঘাট পাই মোক অভিশাপ দিলে ময়ো অতি কুৎচিত্ ৰূপলৈ
যেন মৰতত অনাই-বনাই ঘূৰি ফুৰো; আৰু ৰামচন্দ্ৰৰ হাতত মৃত্যু হ'লেহে পুনৰ আগৰ
ৰূপ ঘূৰাই পাওঁ। আজি আপোনাৰ কৃপাতে মোৰ মুক্তি হ’ল।’ –এই বুলি ৰামচন্দ্ৰ আৰু
লক্ষ্মণক সেৱা জনাই তম্বুক সৰগৰফালে যাত্ৰা কৰিলে।
তম্বুকক মুক্তি প্ৰদান কৰি ৰামচন্দ্ৰই বৰ সন্তোষ পালে। *