পৃষ্ঠা:অমৃত কথা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
অমৃত কথা


নৰসিংহ। লাঙ্গুলা নৰসিংহ বৰ সূৰ্য্য ভক্ত আছিল। সেই ৰাজ্যত বছৰি বৰ ধুমধামেৰে সূৰ্য্য যজ্ঞ, পূজা আদি পতা হৈছিল। বহুলোকে সূৰ্য্যক তপস্যা কৰি বৰ লাভ কৰা কাৰণে কোৰ্ণাকক সূৰ্যপীঠ বুলিও কোৱা হয়।

 ৰজাই ৰাজ্যত এট সূৰ্য্য মন্দিৰ সজাবলৈ মন কৰিলে। সেই ৰাজ্যত বিশ্বনাথ ধৰ্মপদ নামে এজন সুনিপুণ কাৰিকৰ আছিল। ৰজাই তেওঁক মতাই আনিলে। বিশ্বনাথক ৰজাই ক’লে— “তুমি এ এক সূৰ্য্য মন্দিৰ সাজা পৃথিৱীত যেন অদ্বিতীয় হৈ ৰয়। মুঠ বাৰশ কাৰিকৰ লোৱা।”

 বিশ্বনাথে দূৰ-দূৰণিৰপৰা বচা বচা বাৰশ কাৰিকৰ বিচাৰি আনিলে। এখন ধুনীয়া পাহাৰে আগুৰা সুন্দৰ নিৰিবিলি ঠাই ঠিক কৰা হ’ল। ৰজাই আদেশ দিলে— ‘বাৰ বছৰৰ ভিতৰত বাশ কাৰিকৰেৰে মন্দিৰ সজা সম্পূৰ্ণ হ'ব লাগিব। কোনো খনিকৰ এই সময়ছোৱাত ঘৰলৈ যাব নোৱাৰিব। অন্যথা শিৰচ্ছেদ কৰা হ’ব।’ ৰজাই খনিকৰসকলক থকা আৰু খোৱাৰ বন্দৱস্ত কৰি দিলে।

 মন্দিৰ সজা কাম আৰম্ভ হ’ল। বহু দূৰণিৰ পৰা হাতী, ঘোঁৰা, ম’হৰ গাড়ীত বোকা শিল আদি আনি যোগাৰ কৰা হ’ল। দূৰণিৰ পৰা আনোতে কেতিয়াবা কেতিয়াবা দুই তিনিদিনকৈ বাহিৰত নিশা কটাবলগীয়াও হ’ল। মুঠৰ ওপৰত অশেষ কষ্ট কৰি বৰ সাৱধান আৰু মনোযোগেৰে বিশ্বনাথ ধৰ্মপদৰ নিৰ্দেশ মতে মন্দিৰ সজা কামত আগবাঢ়িল।

 বহুদিন কাৰিকৰসকল দূৰণিত থাকিব লগা হোৱাত পৰিয়ালৰ লোকসকল বৰ আহুকালত পৰিব লগা হ’ল। বহুতৰ ঘৰত খোৱামুঠিৰে যোগাৰ নোহোৱা হ’ল। বহুতৰ ঘৰত সন্তান অথবা পৰিবাৰৰ বিনা চিকিৎসাত মৃত্যু হ’ব লগাও হ’ল। সকলোৱে বিয়াকুল হৈ ঘৰৰ মানুহজনলৈ বাট চাই থাকিল। কাৰণ পৰিয়ালৰ মানুহখিনিক আহিবলৈ নিদিয়া বাৰ বছৰৰ কথাটো জনোৱা হোৱা নাছিল। সোনকালে যেন ঘৰৰ মানুহজন ঘূৰি আহে পৰিবাৰসকলে দেৱী মহামায়াক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।

 বিশ্বনাথ খনিকৰ ঘৰৰপৰা যোৱা এমাহৰ পিছতে বিশ্বনাথৰ পৰিবাৰৰ এটি ল’ৰা উপজিল। ল’ৰাটোৰ নাম মাকে জয়নাথ থলে। জয়নাথ ডাঙৰ হৈ অহাৰ লগে লগে পিতাকৰ কথা সুধিবলৈ ললে। মাকে মাথোন একো নকৈ— জয়নাথে নেদেখাকৈ চকুৰ