পৃষ্ঠা:অমৃত কথা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
অমৃত কথা


কাবেৰী নদীৰ সাধু

 নদ-নদীৰে শুৱনি কৰি ৰাখিছে পূণ্যভূমি ভাৰতবৰ্ষ। ভাৰতৰ প্ৰতিখন নদীৰ পাৰতে আমি তীৰ্থঠাইবোৰ দেখিবলৈ পাওঁ। এই নদীবোৰে মানুহৰ বহু উপকাৰ সাধিছে। ভাৰতৰ দুখনমান নৈৰ কাহিনী আজি তোমালোকক শুনাবলৈ বৰ মন গৈছে।

 কাবেৰী ভাৰতৰ এখন ডাঙৰ নদী। সমুদ্ৰ পৃষ্ঠৰপৰা এই নদী ১৩২০ মিটাৰমান ওপৰত সৃষ্টি হৈছে। কাবেৰী নদী আচলতে এগৰাকী অতি ৰূপৱতী ৰাজকুমাৰীহে।

 বহুযুগৰ আগৰ কথা। ভাৰতবৰ্ষৰ দক্ষিণ অঞ্চলত ৰুন্না পান্না নামৰ এখন ৰাজ্য আছিল। ৰাজ্যখনৰ ৰজাজনৰ নাম আছিল কাবেৰণ। ৰজাজন বৰ ধাৰ্মিক পিছে মনত সদায় দুখ। কাৰণ তেওঁৰ এটিও ল’ৰা-ছোৱালী নাছিল।

 কাবেৰণ ৰজাই ব্ৰহ্মাক পূজা-অৰ্চনা কৰিবলৈ ললে। ব্ৰহ্মাৰ আশীৰ্বাদত ৰজা এজনী ৰূপৱতী ছোৱালীৰ পিতৃ হ’ল। ৰজা ৰাণীৰ মনত বৰ ৰঙ। ছোৱালীটিৰ নাম থলে কাবেৰী।