কৰিবহি। সেই কথা শুনি নিমি ৰজাই মনে মনে দুঃখিত হ’লেও মুখেৰে একো নক’লে। বশিষ্ঠ মুনি গুচি গ’ল। যজ্ঞৰ কাম পিচুৱাবলৈ ভাল নেপাই নিমি ৰজাই গৌতম মুনিক নিমন্ত্ৰণ কৰিলে। গৌতম মুনিয়ে বৰ আনন্দমনেৰে নিমন্ত্ৰণ ৰক্ষা কৰি যজ্ঞৰ কাম আৰম্ভ কৰিলেহি।
দিনে-নিশাই যজ্ঞৰ কাম চলি থাকিল। অগণন লোকে সেই যজ্ঞ উপভোগ কৰি পূণ্য সাধিলে। ইন্দ্ৰৰ যজ্ঞৰ কাম সমাধা কৰি বশিষ্ঠ মুনি নিমি ৰজাৰ ওচৰলৈ আহিল।
পিছে, যজ্ঞৰ কাম চলি থকা দেখি বশিষ্ঠ মুনিৰ ভীষণ খঙ উঠিল। ৰজাক অভিশাপ দি ক’লে—“মোক নিমন্ত্ৰণ কৰি মোকে অপমান কৰিলি। তোকো মই সোঁশৰীৰে যজ্ঞত ভাগ ল’বলৈ নিদিওঁ। তই দেহহীন হৈ পৰ।”
নিমি ৰজা সেই সময়ত জিৰণি লৈ টোপনিত আছিল৷ সাৰ পাই নিজৰ অৱস্থাৰ কথা গম পাই বৰ দুখ পালে। তেৱোঁ ক’লে—“হে পৰমেশ্বৰ, মোৰ ঈশ্বৰ ভক্তি যদি পৱিত্ৰ, মই যদি ধৰ্মত আছো বশিষ্ঠ মুনিও শ বছৰলৈ দেহহীন হৈ পৰক।”
ৰজাৰ কথামতে বশিষ্ঠ মুনিও দেহহীন হৈ পৰিল। শ বছৰৰ পিছত কোনোমতে অন্য দেহ লৈ শাপমুক্ত হ’ল।
নিমি ৰজাৰ যজ্ঞ হাজাৰ বছৰৰ অন্তত শেষ হ’ল। দেৱতাসকল সন্তুষ্ট হৈ আশীৰ্বাদ দিবলৈ আহিল। আশীৰ্বাদ ল’বলৈ তেওঁলোকে ৰজাৰ শৰীৰ আগৰ নিচিনা কৰিব খুজিলে। কিন্তু দেহহীন নিমি ৰজাই কাতৰে ক’লে— “হে দেৱতাসকল, পুনৰ মানুহৰ শৰীৰ লৈ শোক, তাপ পাবলৈ মোৰ আৰু মন নাই। মানুহৰ সেৱাই মোৰ ধৰ্ম। মোক এনে আশীৰ্বাদ কৰক– মই অদৃশ্য হৈয়ো যেন চিৰকাল মানুহৰ সেৱা কৰি জীয়াই থাকিব পাৰো।”
দেৱতাসকলে নিমি ৰজাৰ কথা শুনি আশীৰ্বাদ কৰিলে—‘তুমি মানুহৰ চকুত ‘নিমিষ’ হৈ থাকি মানুহৰ উপকাৰ সাধন কৰি থাকিবা।'
তেতিয়াৰপৰা নিমি ৰজা মানুহৰ চকুত ‘নিমিষ’ অৰ্থাৎ মানুহৰ চকুৰ পলক হৈ মানুহৰ মাজত জীয়াই থাকিল। যাৰ বাবে মানুহে চকু পচাৰি শান্তি পায়।
⸻••••⸻