পৃষ্ঠা:অমৃত কথা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অমৃত কথা


 এই অৰণ্যতে দ্বিজবৰ নামৰ মুনি এজনৰ এখন আশ্ৰম আছিল। অকলশৰীয়া মুনি বৃদ্ধ হৈ অহাত সহায়ৰ বাবে কন্যাশিশু এটি সৃষ্টি কৰি ল’বলৈ মন কৰিলে। যেনে কথা তেনে কাম। এদিন ভাল দিন ভাল ক্ষণ চাই ল’লে। ক্ষণতো আছিল মাঘ মাহৰ শুক্লা পক্ষৰ ষষ্ঠ তিথি। তেওঁ ব্ৰহ্ম যজ্ঞ সমাপন কৰি সেই যজ্ঞৰ ছাঁইৰে শিশু এটি সাজিলে। তাত যজ্ঞৰ মৌ আৰু ঘিঁউৰে প্ৰলেপ দিলে। শৰীৰত ফুলৰ সুবাস সানিলে। যজ্ঞৰ ধোঁৱাৰে চুলি দিলে। জুইৰ তাপেৰে উজ্বল কৰি মন্ত্ৰৰ পানীৰে জীৱন্ত কৰি তুলিলে।

 শিশুটিয়ে চকু মেলি চালে। শিশুটিৰ দেহৰ সুগন্ধি বতাহে চাৰিওফালে বিয়পাই দিলে। ফুলবোৰ হালি-জালি হাঁহি হাঁহি নাচিবলৈ ধৰিলে। চৰাইবোৰে সু-ললিত গীত জুৰিলে। পখিলাবোৰ জাকি মাৰি উৰি আহিল। শিশুটিৰ ৰূপে চৌদিশ পোহৰাই তুলিলে।

 সোণবৰণীয়া কন্যা শিশুটিৰ মুনিয়ে নাম দিলে স্বৰ্ণময়ী। অৰণ্যৰ বুকুত স্বৰ্ণময়ী ডাঙৰ হৈ আহিবলৈ ধৰিলে। লাহে লাহে অৰণ্যখন তাইৰ বাবে বৰ আপোন হৈ পৰিল। পিতাক দ্বিজবৰক পূজা-অৰ্চনাৰ যোগাৰ দি ফল-মূল বিচাৰিবলৈ অৰণ্যলৈ ঢাপলি মেলে। চৰাই- চিৰিকতি, জীৱ-জন্তুৰ লগত খেলি-ধূলি ফল-মূল লৈ আশ্ৰম পায়হি। গধূলি পিতাকৰ পৰা মন্ত্ৰ পাঠ শিকে৷ নিতৌ ত্ৰিসন্ধ্যা অগ্নিহোম, বিষ্ণু পূজা আদি ধৰ্ম অনুষ্ঠানবোৰত তাই পিতাকক সহায় কৰি দি বৰ আনন্দ পায়।

 স্বৰ্ণময়ী জ্ঞানবুদ্ধিৰে পাকৈত হৈ গাভৰু হ’লহি। দ্বিজবৰ মুনিয়ে ভাবিলে তেওঁ দেহত্যাগ কৰাৰ আগতে এজন ধৰ্ম প্ৰাণ পুৰুষৰ হাতত কন্যাদান কৰা উচিত হ’ব। এই ভাবিয়ে এদিন আশ্ৰমৰ কাম স্বৰ্ণময়ীক গতাই তেওঁ দূৰলৈ যাত্ৰা কৰিলে।

 স্বৰ্ণময়ীয়ে নিয়াৰিকৈ আশ্ৰমৰ কাম-বন কৰি থাকিল। আজৰি হৈ দিনত স্বৰ্ণময়ী অৰণ্যতে সময়বোৰ কটায়। এদিন অৰণ্যত ঘূৰি ফুৰোতে অৰণ্যত আহি বিচৰণ কৰি থকা সূৰ্য দেৱতাই তাইক দেখা পালে। স্বৰ্ণময়ীক দেখি সূৰ্য দেৱতা মোহ গ’ল। তেওঁ স্বৰ্ণময়ীক বিয়া কৰাবলৈ মন কৰিলে। স্বৰ্ণময়ীয়ে বৰ ভয় খালে। তাই সূৰ্যদেৱতাক কাকূতি কৰি গুচি যাবলৈ ক’লে। পিছে সূৰ্য দেৱতাই জোৰকৈ বিয়া কৰাই ললে আৰু এদিন আহি লৈ যাবহি বুলি গুচি গ’ল। শোক আৰু খঙত স্বৰ্ণময়ীয়ে কান্দি কান্দি ক’বলৈ ধৰিলে— “হে বিধাতা, মোক পিতাই পৱিত্ৰ যজ্ঞৰে জনম দিলে। সেই পৱিত্ৰতা মই ৰক্ষা কৰিব নোৱাৰিলো।