পৃষ্ঠা:অমৃত কথা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
অমৃত কথা


চিৰদিন বিয়পি থাকিব। পৃথিৱীত মাঘমাহৰ শুক্লা পঞ্চমী তিথিত সকলোৱে তোমাৰ পূজা- অৰ্চনা কৰিব তেওঁৰ মনৰ কামনা শীঘ্ৰে পূৰণ হ’ব। আৰু শুনা, চতুৰ্দশী অক্ষয়া তিথিত যিয়ে সৰস্বতী নদীত গা ধুব তেওঁ বৈকুণ্ঠগামী হ’ব।

 বিষ্ণুক প্ৰণাম জনাই সৰস্বতীয়ে ব্ৰহ্মাৰ চৰণত ঠাই ললেগৈ।

 বহুকালৰ পিছত পৃথিৱীত নৈ হৈ থিতাপি ললেহি৷ আজিও ভাৰতবৰ্ষত সৰস্বতী নৈ বৈ আছে, আৰু শ শ জনে গা ধুই মুক্তি লভিছে। আনহাতে সৰস্বতী পূজা পাতিও মানুহ ধন্য হৈ আহিছে।