পৃষ্ঠা:অমৃত কথা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
অমৃত কথা


অৰণ্যত প্ৰৱেশ কৰিলেগৈ। অৰণ্যখনৰ নাম আছিল দণ্ডকাৰণ্য। তাতে ডাল-পাতেৰে জুপুৰি এটি সাজি থাকিবলৈ ললে।

 এদিন অৰণ্যখনত ঘূৰি-পকি ফুৰোতে সীতাই এটা বৰ আচৰিত ধৰণৰ ৰাক্ষস দেখা পালে। ৰাক্ষসটো আছিল চুটি-চাপৰ। পেটটো হাতী এটাৰ সমান ডাঙৰ। ওঁঠখন বান থোৱা থৈলাৰ নিচিনা ওলমি থকা। চকু দুটা যেন দুটা প্ৰকাণ্ড গাঁতহে৷ কাণ দুখন কলপাতৰ নিচিনা। দাঁতদুটা পাকখাই ওলাই থকা। চকুৰ ওপৰত ঘোঁৰাৰ নেজৰ দৰে দুকোচা চুলি ওলমি থকা গাটো গা-গছৰ দৰে খহটা আৰু প্ৰকাণ্ড। সেই অনুপাতে হাত-ভৰিবোৰ লিক্‌ লিকিয়া। নাকটো চেপেটা; ফুটা দুটাহে বৰ বৰ। চুলিবোৰ থিয় থিয়, জধলা, টান আৰু কেঁকোৰা-কেঁকুৰি। শৰীৰৰ ৰঙ কিচ্ কিচ্ কৰে ক'লা আৰু বীজলুৱা। সীতাই ভয় খাই ততালিকে আহি পঁজাৰ ভিতৰত সোমাই থাকিলহি।

 গধূলি ফল-মূল লৈ উভতি অহা ৰাম আৰু লক্ষ্মণক সীতাই আচৰিত ৰাক্ষসটোৰ কথা ক’লে। তেওঁলোকে সীতাক অকলে ঘূৰি ফুৰিবলৈ মানা কৰিলে। কাৰণ পৰ্বত পাহাৰবোৰত ঋষি-মুনি সকল থকাৰ দৰে ৰাক্ষসবোৰো ঘূৰি ফুৰিছিল।

 এদিন ৰাম আৰু লক্ষ্মণে সেই আপচু ৰাক্ষসটোৰ লগত মুখা-মুখি হ’ল। তেওঁলোকক দেখা পাই ৰাক্ষসটোৱে খাবলৈ খেদি আহিল। ৰাম আৰু লক্ষ্মণে ধনু-কাঁড় মাৰিবলৈ ধৰিলে। পিছে শৰবোৰ বীজলুৱা শৰীৰটোৰ পৰা পিছলি পিছলি পৰিল। এনেদৰে বহু সময় গ’ল।

 অৱশেষত দুয়ো হাতেৰে যুঁজিবলৈ ধৰিলে। পিছে তাতো বৰ পয়মাল হ’ল। কোনো আঘাটেই শৰীৰত নেলাগে। এপাকত লক্ষ্মণে তাৰ পাকখোৱা দাঁতদুটাত খামুচি ধৰিলে। দাঁত দুটা মাজতে ভাগি পৰাত থিয় থিয় চুলি কোচাত থাপ মাৰি ধৰিলে। সেই ছেগতে ৰামচন্দ্ৰই তাৰ পেটত গুৰিয়াবলৈ ধৰিলে। ৰাক্ষসৰ তথাপি মৰণ নঘটিল।

 বহু সময়ৰ পিছত ৰাক্ষসটো লেবেজান হৈ পৰিল। ৰাম আৰু লক্ষ্মণে তাৰ মুখখন ধৰি দুফাল কৰি পেলালে। ৰাক্ষসৰ প্ৰাণবায়ু ওলাই গ’ল। পিছে বৰ আচৰিত কাণ্ড এটা হ’ল। মৰি পৰি থকা ৰাক্ষসটো এটা উজ্জ্বল পোহৰ হৈ পৰিল। চকুৰ পচাৰতে সেই পোহৰৰ পৰা দেখিলে চকু থৰ হোৱা অতি সুন্দৰ পুৰুষ এজন ওলাই আহিল। ৰামচন্দ্ৰক