পৃষ্ঠা:অমৃত কথা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অমৃত কথা


 কাবেৰী দেখিবলৈ যেনে ধুনীয়া স্বভাৱো বৰ সৰল আৰু সৎ। কাবেৰী ডাঙৰ হ’লত মাক-পিতাকে ভাল ৰাজকোঁৱৰ এজনৰ খবৰ কৰাত লাগিল।

 এদিন ৰজাৰ প্ৰসাদলৈ অগস্ত্য মুনি আহি আলহী হ’লহি। কাবেৰীক দেখা পাই বৰ মৰম সোমাল আৰু বিয়াৰ প্ৰস্তাৱ দিলে। ৰজা-ৰাণী চিন্তিত হৈ পৰিল। আলাসত ডাঙৰ হোৱা ছোৱালীজনীকনো কি সতেৰে বনত বাস কৰা ঋষি এজনলৈ বিয়া দিয়ে? পিছে মুনিয়ে বৰ আকোৰগোজকৈ লাগিল। উপায় নেপায় এটা চৰ্তত কাবেৰীক বিয়া দিবলৈ মান্তি হ’ল। মুনিয়ে যাতে ছোৱালীজনীক বনত অকলে নেৰে। মুনি মান্তি হ’ল।

 কাবেৰীক বিয়া কৰাই মুনিয়ে অৰণ্যত থকা আশ্ৰমলৈ লৈ আহিল। কপালত যি আছে তাকে হ’ব বুলি কাবেৰী নীৰৱে থাকিল। মুনিয়ে অভিশাপ দি পিতাকৰ অমঙ্গল কৰে বুলিও তাই ভয় খাইছিল।

 দিনবোৰ ভালেৰে পাৰ হ’বলৈ ধৰিলে। মুনিয়ে কাবেৰীক বৰ যতনকৈ ৰাখিলে। তেনেকৈ কিছুকাল যোৱাৰ পিছত মুনিয়ে ব্ৰহ্মজ্ঞানৰ উন্নতি ঘটাবলৈ ধ্যান যোগ কৰাৰ কথা ভাবিলে। কাবেৰীয়ে বাধা নিদিলে। মুনিয়ে এদিন পৰ্ব্বতৰ নিৰিবিলি ঠাই বিচাৰি ওলাই গ’ল। কাবেৰীয়ে সোনকালে উভটি আহিবলৈ বাৰে বাৰে সোঁৱৰাই দিলে।

 মাহৰ পিছত মাহ পাৰ হ’ল। অগস্ত্য মুনিৰ ধ্যান ভঙ্গ নহ'ল। কাবেৰীয়ে বৰ ভয় খালে। তাই বনৰীয়া জন্তুৱে খাই থলে বুলি কান্দিবলৈ ধৰিলে। অকলে থকাতকৈ আপোনঘাতী হোৱাটোকে শেষত ঠিক কৰিলে।

 মুনিয়ে সদায় গা ধোৱা পুখুৰীটো আছিল বৰ দ। কাবেৰীয়ে তাতে জাপ দিলে। কাবেৰী গৈ তলি পালেগৈ। কিন্তু ব্ৰহ্মাৰ আশীৰ্বাদত জন্ম হোৱা কাবেৰীক মৰণে হলে নুচুলে। বৰং পানীৰ ধাৰা এটা হৈ পৰ্ব্বত এটাৰ মাজত ওলালগৈ। তাতে পানীৰ পুং এটি হৈ থাকিবলৈ ললে।

 মুনি উভটি আহি কাবেৰীক নেদেখি বিয়াকুল হ’ল। ৰজাক দিয়া কথা ঋষি হৈ ৰাখিব নোৱৰাত অনুতাপ কৰিবলৈ ধৰিলে। কাবেৰীক দিনে-নিশাই বিচাৰি ফুৰিলে। অৱশেষত গৈ কাবেৰীক পানীৰ ৰূপত বিচাৰি পালেগৈ। নিজৰ লগত লৈ আহিবলৈ কাকূতি-মিনতি কৰিলে। কিন্তু কাবেৰী নাহিল। ক’লে—“মোক ক্ষমা কৰিব। সংসাৰ পতা হাবিয়াস মই ত্যাগ কৰি পেলাইছো। তথাপি আপোনাৰ কথামতে মোৰ এক অংশ পানীৰূপে আশ্ৰমত আপোনাৰ লগত থাকিব। বাকী অংশ বসুমতীৰ বুকুৱেদি গতি কৰি মানৱৰ