পৃষ্ঠা:অমৃত কথা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অমৃত কথা


পানী টোকে।

 জয়নাথ দহবছৰীয়া হ’লহি। এদিন সি এখন নক্সা কাগজ পালে। সেইখন আছিল পিতাকে সাজিবলৈ যোৱা সূৰ্য্য মন্দিৰৰ নক্সা। সি মাকক সোধাত মাকে ক’লে—“বোপাই, এইখন মন্দিৰৰ নক্সা, আৰু এইখন নক্সাৰে পিতায়েৰে মন্দিৰ সাজিবলৈ গৈছে।”

 জয়নাথ আচৰিত হ'ল। আয়েকক ক'লে— “আই ইমান ডাঙৰ, ইমান ধুনীয়া মন্দিৰ পিতায়ে সাজিব পাৰিবনে?”

 “কিয় নোৱাৰিব বোপাই? পিতায়েৰাৰ নিচিনা অন্য এজন খনিকৰ এই ৰাজ্যত নাই। চাবা, এই মন্দিৰ সাজি উলিওৱাৰ পিছত গোটেই জগতখনে প্ৰশংসা কৰিব।”

 জয়নাথে দিনে-নিশাই নক্সাখন মনপুতি চাই থাকিবলৈ ললে। কেতিয়ানো পিতাক ঘূৰি আহিব, পিতাকৰ লগত মন্দিৰটো চাবলৈ যাব, তাকে ভাবি থাকে।

 এদিন ৰজা নৰসিংহক দেৱী মহামায়াই সপোনত দেখা দি ক'লে—“তই খনিকৰহঁতক দীৰ্ঘদিন ঘৰৰপৰা আঁতৰাই থৈ ভুল কৰিছ। দুমাহৰ বাবে সিহঁতক ঘৰলৈ যাবলৈ দে। নহ’লে ফলভোগ কৰিব লাগিব।”

 কিন্তু ৰজাই দুমাহ কাম পিছুৱাব নুখুজিলে। তাতে সপোনৰ কথা বুলি মন-কাণ নিদিলে।

 বাৰ বছৰ পুৰা হ’বলৈ আৰু এমাহ বাকী আছিল। জয়নাথ আৰু ৰ’ব নোৱাৰিলে। পিতাকক লগ পাবলৈ সি যাত্ৰা কৰিলে।

 ইফালে মন্দিৰ সম্পূৰ্ণ হৈ উঠিল। মন্দিৰটো ওখই হ’ল একেবাৰে ২২৮ ফুট। দুটা ঘোঁৰাৰে এখন ৰথৰ ওপৰত মন্দিৰটো এনেভাৱে সজা হ’ল যেন বৃহৎ মন্দিৰটো এখন প্ৰকাণ্ড ৰথতহে উঠি আছে। ঘোঁৰা দুটা আ-অলংকাৰেৰে সজোৱা। ৰথখনিৰ চৌবিশটা চকা। আটাইকেইটা মিহি মিহি শিল্প কাৰ্য্যৰে ভৰা। চকাবোৰত সূৰ্য্যৰ পোহৰ পৰিলে গণনা কৰি সময়ো উলিয়াব পাৰি। চাৰিও দিশত উদিত সূৰ্য দেৱতা, ডেকা সূৰ্য্য দেৱতা, বৃদ্ধ সূৰ্য্য দেৱতাক শিলত কাটি মূৰ্ত্তি সজা হৈছে। সমুখত দুয়োফালে এটা প্ৰকাণ্ড শিলত মানুহ, মানুহৰ ওপৰত হাতী, হাতীৰ ওপৰত সিংহ কাটি এনেভাৱে গঢ়ি তোলা হৈছে দেখিলে বিস্ময় মানিব লাগে। তাৰ ধৰ্ম অৰ্থও আছে।