পৃষ্ঠা:অমৃত কথা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
অমৃত কথা


নাৰদৰ কাহিনী

 হৰিভক্ত নাৰদক ব্ৰহ্মাৰ মানস পুত্ৰ বুলি সকলোৱে জানে। নাৰদ মুনিৰ টুটকীয়া স্বভাৱ এটা আছে বুলিও সকলোৱে জানে। সেই নাৰদ মুনিয়ে এবাৰ কি অথন্তৰ লগালে জানানে?

 নাৰদ মুনিক নজনা কোনো নাই। তেওঁ বৰ কৃষ্ণ ভক্ত। পিছে কেতিয়া ক’ত কি কথা ক’ব লাগে অকণো ভাবি নেচায়। ফলত নানাজনে নানা দুৰ্গতিত ভূগিব লগা হয়।

 ভগৱান শ্ৰীকৃষ্ণৰ আঠগৰাকী পত্নী। তাৰে এগৰাকীৰ নাম ভানুমতী। ভানুমতীৰ পুত্ৰ এটি আছিল। নাম শাম্ব। শাম্ব দেখাই শুনাই বৰ চকুত লগা। এদিন মাকৰ লগত বহি কথা পাতি থাকোতে নাৰদ মুনি গৈ ওলালগৈ। ভানুমতীয়ে তেওঁক আথে বেথে বহিবলৈ দিলে। কথাৰ মাজতে শাম্বই ক’লে— “মই মোৰ পিতাৰ দৰে সুন্দৰ। তথাপি সকলোৱে পিতাকহে শ্যাম সুন্দৰ বোলে কিয়? মই পিতাৰ পূজাৰ ভাগ অকণো পাব নোৱাৰোনে?