পৃষ্ঠা:অমৃত কথা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
অমৃত কথা


পাতাল পুৰীৰ কুশী

 পাতাল, সুতল, বিতল, তলাতল, ৰসাতল আদিৰে পৃথিৱীৰ তলত থকা জগতখনৰ ৰজা হ’ল যম। যম ৰজাৰ এজনী কুশী নামৰ কন্যা আছিল।

 কুশীয়ে যম নগৰত পৃথিৱীৰ পৰা যোৱা নৰ-মনিষবোৰ দেখি দেখি এদিন যম ৰজাক ক’লে— “পিতা পৃথিৱীখন এনেকুৱাইনে? ইমান বেয়া মানুহবোৰ থাকে।”

 যমৰজাই ক’লে— “পৰমপিতা ভগৱানে স্ৰজন কৰা স্বৰ্গলোক, মৰ্ত্যলোক, পাতাল বেয়া হ’ব কেনেকৈ আই? পৃথিৱী বৰ ধুনীয়া। বেয়া মানুহবোৰে বেয়া কৰিবলৈ যায় কাৰণে ভগৱানে মোক ইয়ালৈ আনি শাস্তি দিবলৈ ভাৰ দিছে।